প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাইদৰাবাদৰ ভইগুড়াত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, ভুক্তভোগীসকললৈ ‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 23 MAR 2022 11:30AM by PIB Guwahati

হাইদৰাবাদৰ ভইগুড়াত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইফালে, দুখজনক ঘটনাটোত প্ৰাণ হেৰুৱা প্ৰতিগৰাকী ব্যক্তিৰ নামত ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধি’(পিএমএনআৰএফ)ৰ পৰা ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। এই ধনৰাশি নিহতসকলৰ নিকট আত্মীয়ৰ হাতত প্ৰদান কৰা হ’ব।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ভইগুড়াত সংঘটিত দুখজনক অগ্নিকাণ্ডটোত কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ বাতৰি পাই ব্যথিত হৈছো। দুখৰ এই মুহূৰ্তত নিহতজনৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জনাইছো। প্ৰতিগৰাকী নিহত ব্যক্তিৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব: প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰমোদী”

 

***

DS/ST/KB


(रिलीज़ आईडी: 1809117) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam