প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাত্মা গান্ধীসহ দাণ্ডিলৈ যাত্ৰা কৰা প্ৰতিগৰাকী মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 12 MAR 2022 10:39AM by PIB Guwahati

মহাত্মা গান্ধীসহ দাণ্ডিলৈ যাত্ৰা কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্যায়-অবিচাৰৰ প্ৰতিবাদ কৰা আৰু আমাৰ দেশৰ মৰ্যাদা ৰক্ষাৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল।

প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক দেশবাসীক উৎসৰ্গা কৰাৰ সময়ত আগবঢ়োৱা তেওঁৰ ভাষণটো সকলোৰে মাজত শ্বেয়াৰ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘গান্ধীজী আৰু সেই সকলো মহান ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাঁচিছোঁ যিসকলে অন্যায়-অবিচাৰৰ প্ৰতিবাদ কৰিবলৈ আৰু আমাৰ দেশৰ মৰ্যাদা ৰক্ষা কৰিবলৈ দাণ্ডিলৈ যাত্ৰা কৰিছিল।

২০১৯ চনত দাণ্ডিত ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰাৰ সময়ত মই আগবঢ়োৱা ভাষণ সকলোৰে মাজত ভাগ বতৰা কৰিছোঁ।’

 

***

DS/ST/KG



(Release ID: 1805670) Visitor Counter : 168