প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীক সাক্ষাৎ বাংলাদেশৰ প্রধানমন্ত্রীৰ নিৰাপত্তা উপদেষ্টা মেজৰ জেনেৰেল (অৱসৰপ্রাপ্ত) তাৰিক আহমেদ ছিদ্দিকিৰ

Posted On: 07 MAR 2022 9:31PM by PIB Guwahati

বাংলাদেশৰ প্রধানমন্ত্রীৰ নিৰাপত্তা উপদেষ্টা মেজৰ জেনেৰেল (অৱসৰপ্রাপ্ত) তাৰিক আহমেদ ছিদ্দিকিয়ে আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷

প্রধানমন্ত্রীয়ে ২০২১ চনৰ মার্চ মাহত তেওঁৰ বাংলাদেশ ভ্ৰমণৰ কথা স্মৰণ কৰাৰ লগতে প্রধানমন্ত্রী শ্বেইখ হাছিনাক শুভেচ্ছা জ্ঞাপন কৰে৷

শ্রীযুত ছিদ্দিকিয়ে ভাৰত-বাংলাদেশৰ বন্ধুত্বপূর্ণ সম্পর্ক আৰু অধিক সুদৃঢ় কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীকে ধৰি সংকটৰ সময়ত বাংলাদেশৰ কাষত দৃঢ়তাৰে ঠিয় দিয়াৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনায়৷

প্রধানমন্ত্রীয়ে বাংলাদেশৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে দেশখনৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ নেতৃত্বৰ প্রশংসা কৰাৰ লগতে ভাৰত-বাংলাদেশৰ সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁৰ সৈতে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ কথা অৱগত কৰে৷

***

DS\SKS/DB



(Release ID: 1804213) Visitor Counter : 125