প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক নাৰী দিৱসত নাৰী শক্তিক অভিনন্দন জনায়

प्रविष्टि तिथि: 08 MAR 2022 9:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক নাৰী দিৱসত নাৰী শক্তিক অভিনন্দন জনায়।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:

"নাৰী দিৱসত, মই নাৰী শক্তি আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতাক অভিনন্দন জনাইছো। ভাৰত চৰকাৰে সন্মান আৰু সুযোগৰ ওপৰত জোৰ দি নিজৰ বিভিন্ন যোজনাৰ মাধ্যমত নাৰী সবলীকৰণৰ ওপৰত অহৰহ মনোযোগ দি থাকিব।"

"বিত্তীয় সমাৱেশৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা, উন্নত স্বাস্থ্য সুবিধাৰ পৰা আৱাস, শিক্ষাৰ পৰা আৰম্ভ কৰি উদ্যমশীলতালৈকে ভাৰতৰ উন্নয়নৰ যাত্ৰাত নাৰী শক্তিক আগশাৰীত ৰাখিবলৈ অসংখ্য প্ৰয়াস কৰা হৈছে। অনাগত সময়ত এই প্ৰয়াসক আৰু অধিক শক্তিৰে অব্যাহত ৰখা হ'ব।"

"আজি সন্ধিয়া ছয় বজাত, মই কচ্ছত আয়োজিত এটা কাৰ্যক্ৰম সম্বোধন কৰিম, য'ত আমাৰ সমাজৰ মহিলা সন্তসকলৰ অৰিহণা ৰেখাংকিত কৰা হৈছে।

সংস্কৃতিৰ বিভিন্ন পক্ষ, কেন্দ্ৰৰ বিভিন্ন কল্যাণমূলক উপায় আৰু অন্য বহুতো বিষয়ৰ ওপৰত মনোযোগ দিয়া হ'ব। https://t.co/ImLHzdJpEQ"

 

***

DS/SH


(रिलीज़ आईडी: 1803975) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam