প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল প্ৰদেশ নামকৰণৰ সোণালী জয়ন্তী আৰু ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
পোষ্ট কৰা হৈছে:
20 FEB 2022 12:12PM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ মোৰ ভাই-ভনীসকল!
জয় হিন্দ!
অৰুণাচল প্ৰদেশৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসত আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছোঁ। ৫০ বছৰ পূৰ্বে, নেফাই ‘অৰুণাচল প্ৰদেশ’ৰ ৰূপত এটা নতুন নাম, এক নতুন পৰিচয় লাভ কৰিছিল। উদিত সূৰ্যৰ ৰাজ্য হিচাপে এই নতুন পৰিচয়ক, এই নতুন জীৱনীশক্তিক এই ৫০ বছৰ ধৰি আপোনালোক সকলোৱে, অৰুণাচল প্ৰদেশৰ পৰিশ্ৰমী আৰু দেশপ্ৰেমী ভাই-ভনীসকলে দ্বাৰা নিৰন্তৰভাৱে শক্তিশালী কৰি আহিছে।
পাঁচ দশক আগতে অৰুণাচলৰ এই অনিন্দ্য সুন্দৰ ৰূপ দেখি ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাজীয়ে ‘অৰুণাচল হুমাৰা’ শীৰ্ষক গান এটা লিখিছিল। মই জানো যে এই গানটো অৰুণাচলৰ প্ৰতিগৰাকী লোকৰে অতি পছন্দৰ। এই গানটো অবিহনে কোনো অনুষ্ঠান সম্পূৰ্ণ নহয়। সেইকাৰণে ময়ো আপোনাসৱৰ সৈতে কথা পাতি থাকোতে এই গানটোৰ কেইটামান পংক্তি অৱশ্যেই উচ্চাৰণ কৰিব বিচাৰিম।
অৰুণ কিৰণ শীষ ভূষণ,
অৰুণ কিৰণ শীষ ভূষণ,
কণ্ঠ হিম কী ধাৰা,
প্ৰভাত সূৰজ চুম্বিত দেশ,
অৰুণাচল হামাৰা,
অৰুণাচল হামাৰা,
ভাৰত মা কা ৰাজদুলাৰা
ভাৰত মা কা ৰাজদুলাৰা
অৰুণাচল হামাৰা!
বন্ধুসকল,
অৰুণাচল প্ৰদেশে যিদৰে দেশপ্ৰেম আৰু সামাজিক সম্প্ৰীতিৰ ভাৱনাক এক নতুন উচ্চতা প্ৰদান কৰিছে, অৰুণাচল প্ৰদেশে যিদৰে ইয়াৰ সাংস্কৃতিক ঐতিহ্যক লালন-পালন কৰিছে আৰু বজাই ৰাখিছে, আপোনাসৱে যিদৰে আপোনালোকৰ পৰম্পৰা আৰু প্ৰগতিক একেলগে লৈ উন্নয়নৰ পথত আগুৱাই আছে, সেয়া সমগ্ৰ দেশৰ বাবে এক অনুপ্ৰেৰণা।
বন্ধুসকল,
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দেশে অৰুণাচল প্ৰদেশৰ সেই সকলো শ্বহীদক স্মৰণ কৰি আছে যিসকলে দেশৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছিল। এংলো-আবোৰ যুদ্ধই হওঁক বা স্বাধীনতাৰ পিছত সীমান্তৰ নিৰাপত্তাই হওঁক, অৰুণাচলৰ জনসাধাৰণৰ বীৰত্বৰ কাহিনী প্ৰতিজন ভাৰতীয়ৰ বাবে অমূল্য ঐতিহ্য। মই সৌভাগ্যৱান যে মই আপোনাক কেইবাবাৰো লগ কৰাৰ সুযোগ পাইছোঁ। মই অতি আনন্দিত যে আমাৰ যুৱ মুখ্যমন্ত্ৰী পেমা খাণ্ডুজীৰ সবল নেতৃত্বৰ ওপৰত যি আকাংক্ষা লৈ আপোনাসৱে আমাৰ ওপৰত বিশ্বাস ৰাখিছিল সেই সকলোবোৰ প্ৰত্যাশা পূৰণত আমাৰ চৰকাৰ সফল হৈছে। আপোনাসৱৰ বিশ্বাসে এই ডাবল ইঞ্জিনৰ চৰকাৰক আৰু অধিক পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰে আৰু অধিক উন্নয়নৰ চেষ্টা কৰাৰ শক্তি প্ৰদান কৰে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ এই মাৰ্গে অৰুণাচল প্ৰদেশৰ এক উন্নত ভৱিষ্যত অৱশ্যেই সুনিশ্চিত কৰিব।
বন্ধুসকল,
এয়া মোৰ দৃঢ় বিশ্বাস যে পূব ভাৰত, বিশেষকৈ উত্তৰ-পূব ভাৰত একবিংশ শতিকাত দেশৰ বাবে উন্নয়নৰ ইঞ্জিন হৈ পৰিব। এই মনোভাৱেৰে অৰুণাচল প্ৰদেশৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে যোৱা সাত বছৰত অভূতপূৰ্ব কাম কৰা হৈছে। যাতায়াত আৰু বিদ্যুৎ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যাপক কাম-কাজৰ ফলত আজি অৰুণাচলত জীৱন, বাণিজ্য আৰু ব্যৱসায় সহজ হৈ পৰিছে। ইটানগৰকে ধৰি উত্তৰ-পূবৰ সকলো ৰাজধানী চহৰক ৰে’ল যোগাযোগ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাটোৱেই আছিল আমাৰ অগ্ৰাধিকাৰ। অৰুণাচলক পূব এছিয়াৰ এক মুখ্য প্ৰৱেশদ্বাৰলৈ পৰিৱৰ্তন কৰিবলৈ আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টাৰে কাম কৰি আছোঁ। ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৃষ্টিকোণৰ পৰাও অৰুণাচল প্ৰদেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু সেই কথা বিবেচনা কৰি আধুনিক প্ৰতিৰক্ষা আন্তঃগাঁথনিও গঢ়ি তোলা হৈছে।
বন্ধুসকল,
আমি অৰুণাচল প্ৰদেশৰ ‘উন্নয়ন, প্ৰকৃতি, পৰিৱেশ আৰু সংস্কৃতি’ৰ দিশত এক ব্যাপক দৃষ্টিভংগীৰে ধাৰাবাহিকভাৱে আগবাঢ়ি আছোঁ। আপোনাসৱৰ প্ৰচেষ্টাৰ বাবে ই আজি দেশৰ প্ৰধান গুৰুত্বপূৰ্ণ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰসমূহৰ ভিতৰত এটা হৈ পৰিছে। পেমা খাণ্ডুজীক যেতিয়া অৰুণাচলৰ উন্নয়নৰ বাবে নিৰন্তৰ চেষ্টা কৰি থকা দেখিবলৈ পাওঁ তেতিয়া মই অতি আনন্দিত অনুভৱ কৰোঁ। তেওঁ স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশ, মহিলা সৱলীকৰণ, আত্মসহায়ক গোটৰ দৰে প্ৰতিটো ক্ষেত্ৰতে সক্ৰিয় হৈ আছে। যেতিয়াই মই দেশৰ আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুজীৰ সৈতে কথা পাতোঁ, তেওঁ সদায় অৰুণাচল প্ৰদেশক আগুৱাই নিয়াৰ বাবে নতুন ধাৰণা আৰু পৰামৰ্শ আগবঢ়ায়। প্ৰতিবাৰেই কিবা এটা নতুন কৰাৰ আগ্ৰহ থাকে।
বন্ধুসকল,
প্ৰকৃতিয়ে অৰুণাচলক ইয়াৰ ভাণ্ডাৰৰ পৰা বহুখিনি দিছে। আপোনাসৱে প্ৰকৃতিক আপোনালোকৰ জীৱনৰ এটা অংশ কৰি তুলিছে। আমি অৰুণাচল প্ৰদেশৰ পৰ্যটন সম্ভাৱনাক সমগ্ৰ বিশ্বলৈ লৈ যোৱাৰ চেষ্টা কৰি আছোঁ। আজি সোণালী জয়ন্তী উপলক্ষে মই আপোনালোকক আকৌ এবাৰ আশ্বস্ত কৰিব বিচাৰো যে অৰুণাচল প্ৰদেশৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আমাৰ ডাবল ইঞ্জিন চৰকাৰে কোনো ধৰণৰ চেষ্টাৰ ক্ৰুটি কৰা নাই। প্ৰতিষ্ঠা দিৱস আৰু ‘অৰুণাচল প্ৰদেশ’ নামকৰণৰ ৫০ বছৰ পূৰ্তি উপলক্ষ্যে আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ আন্তৰিক অভিনন্দন।
অশেষ ধন্যবাদ!
***
DS/LP/AK/IG/KG
(ৰিলিজ আই ডি : 1800230)
অতিথি কক্ষ : 472
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam