প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১১ ফেব্ৰুৱাৰীত ওৱান অ’চিয়ান ছামিটৰ উচ্চ স্তৰীয় খণ্ডত অংশগ্ৰহণ কৰিব

Posted On: 10 FEB 2022 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ২:৩০ বজাত ওৱান অ’চিয়ান ছামিটৰ উচ্চ-স্তৰীয় খণ্ডত ভিডিঅ' বাৰ্তাৰ জৰিয়তে সম্বোধন কৰিব। এই ছামিটৰ উচ্চ-স্তৰীয় খণ্ডটোত জাৰ্মানী, যুক্তৰাজ্য, দক্ষিণ কোৰিয়া, জাপান, কানাডাকে ধৰি কেইবাখনো ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলেও ভাষণ দিব।

ৰাষ্ট্ৰসংঘ আৰু বিশ্ব বেংকৰ সহযোগত ফ্ৰান্সে ৯-১১ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ ব্ৰেষ্টত ওৱান অ’চিয়ান ছামিটৰ আয়োজন কৰিছে। এই ছামিটৰ উদ্দেশ্য হৈছে সুস্থ আৰু বহনক্ষম মহাসাগৰীয় পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ আৰু সমৰ্থনৰ দিশত বাস্তৱ কৰ্ম সম্পাদনৰ অৰ্থে আন্তঃৰাষ্ট্ৰীয় সমাজখনক একত্ৰিত কৰা।

***

DS/AKJ/SB



(Release ID: 1798239) Visitor Counter : 114