ৰাষ্ট্ৰপতি সচিবালয়

সংসদৰ উভয় সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰদান কৰা ভাষণ

Posted On: 31 JAN 2022 12:14PM by PIB Guwahati

সন্মানীয় সদস্যসকল,

১. ক’ৰোনা ভাইৰাছৰ ফলত হোৱা মহামাৰীৰ এয়া তৃতীয় বছৰ। এই সময়ত, ভাৰতৰ জনসাধাৰণে গণতান্ত্ৰিক মূল্যবোধ, অনুশাসন আৰু দায়িত্ববোধৰ ওপৰত গভীৰ বিশ্বাস প্ৰদৰ্শন কৰিছে। ভাৰতে স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে আজি অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়ত প্ৰতিজন ভাৰতীয়ৰ এই সংকল্পশক্তিয়ে ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অপৰিসীম বিশ্বাসৰ জন্ম দিছে। এই বিশ্বাস লৈ ভাৰতৰ সংসদৰ এই ঐতিহাসিক কেন্দ্ৰীয় হলৰ পৰা মই প্ৰতিজন ভাৰতীয়ক শুভেচ্ছা জনাইছোঁ।

২. আজি সংসদৰ দুয়ো সদনক সম্বোধন কৰি মই লাখ লাখ স্বাধীনতা সংগ্ৰামীক অভিবাদন জনাইছোঁ যিসকলে তেওঁলোকৰ কৰ্তব্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিল আৰু ভাৰতক নিজৰ অধিকাৰ দিয়াইছিল স্বাধীনতাৰ এই ৭৫ বছৰত আমাৰ দেশৰ উন্নয়ন-যাত্ৰাত অৱদান আগবঢ়োৱা বাবে সকলো মহান ব্যক্তিক মই শ্ৰদ্ধা সহকাৰে স্মৰণ কৰিছোঁ।

৩. অমৃত মহোৎসৱৰ এই সময়ছোৱাত দেশৰ মহান ব্যক্তিসকলৰ সৈতে সম্পৰ্কিত বিশেষ অনুষ্ঠানসমূহেও আমাক অনুপ্ৰেৰণা যোগাইছে। আমাৰ চৰকাৰে গুৰু তেগ বাহাদুৰজীৰ ৪০০ তম প্ৰকাশ পৰ্ব, শ্ৰী অৰবিন্দজীৰ ১৫০ তম জন্মজয়ন্তী, ভি.অ. চিদাম্বৰম পিল্লাইৰ ১৫০ তম জন্ম জয়ন্তী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তীৰ পবিত্ৰ অনুষ্ঠানবোৰ জাকজমকতাৰে উদযাপন কৰিছে। এই বছৰৰ পৰা  চৰকাৰে নেতাজীৰ জন্ম জয়ন্তী ২৩ জানুৱাৰীৰ পৰা গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

৪. আমাৰ চৰকাৰে বিশ্বাস কৰে যে দেশৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অতীতক স্মৰণ কৰা আৰু ইয়াৰ পৰা শিকাটোও সমানে গুৰুত্বপূৰ্ণ। চাহিবজাদাসকলৰ আত্মবলিদানৰ স্মৃতিত ২৬ ডিচেম্বৰত ‘বীৰ বল দিৱস’ আৰু ১৪ আগষ্টত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ৰূপে পালন কৰাটো এই চিন্তাধাৰাৰ প্ৰতিফলন। চৰকাৰে ভগৱান বিৰচা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ জন্ম জয়ন্তী ১৫ নৱেম্বৰত ‘জন-জাতীয় গৌৰৱ দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সন্মানীয় সদস্যসকল,

 

৫. স্বাধীনতাৰ অমৃত মহোৎসৱ হৈছে আমাৰ সকলো ভাৰতীয়ৰ বাবে আগন্তুক ২৫ বছৰৰ সংকল্পসমূহক সাকাৰ ৰূপ দিয়াৰ এক পৱিত্ৰ উপলক্ষ। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, ঔৰ সবকা প্ৰয়াস’-ৰ মন্ত্ৰ অনুসৰণ কৰি আগন্তুক ২৫ বছৰৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে দ্ৰুতগতিত আগবাঢ়িছে। এই ভেটি গঢ়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সংকল্প হ'ল এক সৰ্বসমন্বয়ী, সৰ্বহিতকাৰী, শক্তিশালী ভাৰত নিৰ্মাণ আৰু দেশৰ আত্মনিৰ্ভৰশীলতা। ক’ৰোনাৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ে আমাক দ্ৰুততাৰে আমাৰ লক্ষ্যত উপনীত হবলৈ অনুপ্ৰাণিত কৰিছে।

 

সন্মানীয় সদস্যসকল,

 

৬. কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছে আৰু ভাৰততো আমাৰ বহু প্ৰিয়জনক আমাৰ মাজৰ পৰা কাঢ়ি নিছে। এই পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় চৰকাৰ আৰু প্ৰশাসন, আমাৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী, আমাৰ বিজ্ঞানী আৰু উদ্যোগীসকলে এটা দল হিচাপে কাম কৰিছে। চৰকাৰ আৰু নাগৰিকৰ মাজত এই পাৰস্পৰিক বিশ্বাস, সমন্বয় আৰু সহযোগিতা আমাৰ গণতন্ত্ৰৰ শক্তিৰ এক অভূতপূৰ্ব উদাহৰণ। ইয়াৰ বাবে, মই প্ৰতিগৰাকী স্বাস্থ্য আৰু আগশাৰীত থকা কৰোনা যোদ্ধা আৰু প্ৰতিজন নাগৰিকক অভিনন্দন জনাইছোঁ।

 

৭. কোভিড-১৯ৰ বিৰুদ্ধে এই যুঁজত ভাৰতৰ সামৰ্থ্যৰ প্ৰমাণ কোভিড টিকাকৰণ কাৰ্যসূচীত পৰিলক্ষিত হৈছে আমি এবছৰতকৈও কম সময়ত ১৫০ কোটিতকৈও অধিক ভেকছিনৰ পালি প্ৰদান কৰাৰ অভিলেখ অতিক্ৰম কৰিছোঁ। আজি আমি বিশ্বৰ সৰ্বাধিক ভেকছিনৰ পালি প্ৰদান কৰা অগ্ৰণী দেশসমূহৰ অন্যতম। এই অভিযানৰ সফলতাই দেশক এনে এক ৰক্ষা কৱচ দিছে যাৰ পৰা আমাৰ নাগৰিকসকলৰ সুৰক্ষা বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ মনোবলো বৃদ্ধি পাইছে।

৮. আজি, দেশৰ ৯০ শতাংশতকৈও অধিক প্ৰাপ্তবয়স্ক নাগৰিকে ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে, আনহাতে ৭০ শতাংশতকৈ অধিক লোকক দুয়োটা পালি প্ৰদান কৰা হৈছে। চৰকাৰে 'হৰ ঘৰ দস্তক' অভিযানৰ জৰিয়তে বাকী ৰৈ যোৱা লোকসকলৰ ওচৰলৈ গৈছে। এই মাহৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলকো টিকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। আগশাৰীত থকা কৰোনা যোদ্ধা আৰু ৰোগগ্ৰস্ত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাৱধানতামূলক পালিৰো আৰম্ভ কৰা হৈছে।

৯. এতিয়ালৈকে দেশত জৰুৰীকালীন ব্যৱহাৰৰ বাবে আঠটা ভেকছিনক স্বীকৃতি প্ৰদান কৰা হৈছে। ভাৰতত উৎপাদিত তিনিটা ভেকছিনক জৰুৰীকালীন ব্যৱহাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। ভাৰতত উৎপাদিত এই ভেকছিনবোৰে সমগ্ৰ বিশ্বক মহামাৰীৰ পৰা মুক্ত কৰি তোলাত আৰু কোটি কোটি লোকৰ জীৱন ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সন্মানীয় সদস্যসকল,

 

১০. কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত আমাৰ দেশৰ প্ৰচেষ্টা কেৱল তাৎক্ষণিক প্ৰত্যাহ্বান মোকাবিলা কৰাতেই সীমাবদ্ধ নহয়। আমাৰ চৰকাৰে সুদূৰপ্ৰসাৰী সমাধান বিকশিত কৰিছে যি ভৱিষ্যতেও কাৰ্যকৰী আৰু উপযোগী হ'ব। ৬৪,০০০ কোটি টকা ব্যয়সাপেক্ষে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন এক প্ৰশংসনীয় উদাহৰণ। ই কেৱল বৰ্তমানৰ স্বাস্থ্য সমস্যাই সমাধান নকৰে, ভৱিষ্যতৰ যিকোনো সংকটৰ বাবেও দেশক প্ৰস্তুত কৰিব।

 

১১. আমাৰ চৰকাৰৰ সংবেদনশীল নীতিসমূহৰ ফলত দেশত এতিয়া স্বাস্থ্য সেৱাসমূহ সাধাৰণ লোকসকলৰ বাবে সহজে উপলব্ধ। ৮০,০০০তকৈও অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আৰু কোটি কোটি আয়ুষ্মান ভাৰত কাৰ্ডে দৰিদ্ৰ লোকসকলক চিকিৎসা লাভ কৰাত যথেষ্ট সহায় কৰিছে। চৰকাৰে ৮,০০০ ৰো অধিক জন ঔষধ কেন্দ্ৰৰ জৰিয়তে সুলভ ঔষধ প্ৰদান কৰি চিকিৎসাৰ ব্যয় হ্ৰাস কৰিছে। সহজ আৰু সুলভ স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সন্মানীয় সদস্যসকল,

 

১২. ভাৰতীয় ফাৰ্মা খণ্ডেও কৰোনা কালত ইয়াৰ দক্ষতা প্ৰমাণ কৰিছে। বৰ্তমান, ভাৰতীয় ফাৰ্মা কোম্পানীবোৰৰ সামগ্ৰী ১৮০ খনতকৈও অধিক দেশত উপনীত হৈছে। অৱশ্যে, এই ক্ষেত্ৰত ভাৰতৰ বাবে বিভিন্ন ধৰণৰ সুযোগ আছে।  ফাৰ্মা উদ্যোগৰ বাবে আমাৰ চৰকাৰে ঘোষণা কৰা পিএলআই আঁচনিৰ জৰিয়তে এই সুযোগবোৰ অধিক সম্প্ৰসাৰিত কৰা হব, আৰু গৱেষণাৰ ক্ষেত্ৰতো গতি লাভ কৰিব।

১৩. চৰকাৰৰ এই প্ৰচেষ্টাসমূহৰ ফলত যোগ, আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিও ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠিছে। ২০১৪ চনত দেশখনে ৬,৬০০ কোটি টকাৰ আয়ুষ সামগ্ৰী ৰপ্তানি কৰিছিল। এই ৰপ্তানি এতিয়া ১১,০০০ কোটি টকাতকৈও অধিকলৈ বৃদ্ধি পাইছে। ভাৰতত বিশ্বৰ প্ৰথম 'হু গ্লবেল চেণ্টাৰ অৱ ট্ৰেডিচনেল মেডিচিন' স্থাপন হবলৈ গৈ আছে।

সন্মানীয় সদস্যসকল,

 

১৪. আমাৰ সংবিধানৰ প্ৰধান শিল্পী বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে কৈছিলঃ

 

‘মোৰ আদৰ্শ হৈছে এনে এখন সমাজ গঢ়াৰ যিখন স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ আধাৰত স্থাপন হব... গণতন্ত্ৰ কেৱল চৰকাৰৰ এক প্ৰকাৰ নহয়... প্ৰজাতন্ত্ৰৰ মূল হৈছে এজন সহনাগৰিকৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ’।

বাবা চাহেবৰ এই আদৰ্শবোৰক আমাৰ চৰকাৰে ইয়াৰ মূলমন্ত্ৰ হিচাপে গণ্য কৰে। আমাৰ চৰকাৰে অন্ত্যোদয়াৰ মন্ত্ৰত বিশ্বাস কৰে, য'ত সামাজিক ন্যায়, সমতা, সন্মান আৰু সমান সুযোগ অন্তৰ্ভুক্ত থাকে। সেয়েহে, চৰকাৰৰ নীতিসমূহত, গাওঁ, দৰিদ্ৰ, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আৰু পিছপৰা সম্প্ৰদায়বোৰক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। শেহতীয়া বৰ্ষবোৰত পদ্ম বঁটা বাছনিত ভাৰতৰ এই মনোভাৱ স্পষ্টভাৱে প্ৰতিফলিত হৈছে। ভাৰতৰ দৰে এখন বৈচিত্ৰ্যময় দেশত সমগ্ৰ দেশৰ সমৰ্পিত লোকসকল দেশৰ সেৱাত নিয়োজিত হৈ আছে। তেওঁলোকে ভাৰতৰ শক্তি প্ৰতিফলিত কৰে।

সন্মানীয় সদস্যসকল,

 

১৫. ক’ৰোনাৰ এই সংকটৰ সময়ত বহুকেইখন ডাঙৰ ডাঙৰ দেশে খাদ্যশস্যৰ অভাৱ অনুভৱ কৰিছে আৰু অনাহাৰৰ সন্মুখীন হৈছে। কিন্তু আমাৰ সংবেদনশীল চৰকাৰখনে ১০০ বছৰৰ ভিতৰত হোৱা এই বৃহত্ সংকটৰ সময়ত কোনেও যাতে ভোকত থাকিবলগীয়া নহয় সেয়া নিশ্চিত কৰিছিল । আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া ৰেচন প্ৰদান কৰি আহিছে। এইটো বিশ্বৰ সৰ্ববৃহৎ খাদ্য বিতৰণ কাৰ্যসূচী য'ত ১৯ মাহ ধৰি ৮০ কোটি হিতাধিকাৰীক খাদ্য বিতৰণ কৰাৰ বাবে দুই লাখ ষাঠি হাজাৰ কোটি টকা ব্যয় হৈছে। বৰ্তমান পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণ সংবেদনশীল হৈ চৰকাৰে এই আঁচনিখন মাৰ্চ ২০২২ লৈ বৃদ্ধি কৰিছে।

১৬. কৰোনাকালত দৰিদ্ৰ লোকসকলৰ আত্মসন্মান বৃদ্ধি আৰু তেওঁলোকৰ জীৱিকাৰ সুৰক্ষাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী-স্ব-নিধি আঁচনিও আৰম্ভ কৰিছে। এই আঁচনিখন পদপথৰ বিক্ৰেতাসকলৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হৈছে। এই আঁচনিৰ অধীনত, ২৮ লাখ পথ বিক্ৰেতাক ২৯০০ কোটি টকাৰ অধিক প্ৰদান কৰা হৈছে। চৰকাৰে এই পদপথৰ বিক্ৰেতাসকলক অনলাইন খাদ্য বিতৰণ কোম্পানীৰ সৈতে সংযুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চৰকাৰে শ্ৰমিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ই-শ্ৰম পৰ্টেল আৰম্ভ কৰিছে আৰু এতিয়ালৈকে ২৩ কোটিৰো অধিক শ্ৰমিকে ইয়াত পঞ্জীয়ন কৰিছে।

১৭. জন ধন-আধাৰ-ম’বাইল বা জেএএম ত্ৰিনিটিক আমাৰ চৰকাৰে যিদৰে নাগৰিকসকলৰ সবলীকৰণৰ সৈতে জড়িত কৰিছে তাৰ আমি ক্ৰমাগতভাৱে দেখিবলৈ পাইছোঁ। ৪৪ কোটিতকৈও অধিক দৰিদ্ৰ লোকে বেংকিং ব্যৱস্থাৰ সৈতে জড়িত হোৱাৰ ফলত মহামাৰীৰ সময়ত কোটি কোটি লোকৰ প্ৰত্যক্ষ নগদ ধন স্থানান্তৰ কৰাৰ ফলত উপকৃত হৈছিল।

১৮. ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ মাজতে দেশৰ ইউপিআই প্লেটফৰ্মৰ সফলতাৰ বাবেও চৰকাৰৰ দৃষ্টিভংগীক মই মই প্ৰশংসা কৰোঁ। ২০২১ চনৰ ডিচেম্বৰত ইউপিআইৰ জৰিয়তে দেশত ৮ লাখ কোটি টকাৰ অধিক মূল্যৰ লেনদেন হৈছে। আমাৰ মানুহে কিমান দ্ৰুতগতিত প্ৰযুক্তি আৰু দ্ৰুত পৰিৱৰ্তন গ্ৰহণ কৰিছে তাৰ এইটো এটা স্পষ্ট উদাহৰণ।

 

সন্মানীয় সদস্যসকল,

 

১৯. আমাৰ চৰকাৰে মৌলিক সুবিধাসমূহক দৰিদ্ৰ লোকসকলক শক্তিশালী কৰা আৰু তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰাৰ এক মাধ্যম হিচাপে বিবেচনা কৰে। যোৱা কেইবছৰমানত কৰা প্ৰচেষ্টাৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দুই কোটিতকৈও অধিক দৰিদ্ৰ লোকক পকী ঘৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণৰ অধীনত যোৱা তিনি বছৰত প্ৰায় ডেৰ লাখ কোটি টকা ব্যয়েৰে ১ কোটি ১৭ লাখ ঘৰ অনুমোদিত হৈছে।

২০. ‘হৰ ঘৰ জল’ৰ লক্ষ্যৰে আৰম্ভ কৰা জল জীৱন মিছনে জনসাধাৰণৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিছে। মহামাৰীৰ দ্বাৰা আৰোপ কৰা সীমাবদ্ধতা সত্বেও প্ৰায় ছয় কোটি গ্ৰামীণ পৰিয়ালক নলৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ ফলত আমাৰ গাওঁবোৰৰ মহিলা, ভগ্নী আৰু কন্যাসকল যথেষ্ট লাভান্বিত হৈছে।

 

২১. গ্ৰাম্য অঞ্চলৰ লোকসকলক সম্পত্তিৰ নথি-পত্ৰ প্ৰদান কৰাৰ বাবে আৰম্ভ কৰা স্বামিত্ব আঁচনিও এক অসাধাৰণ পদক্ষেপ। এতিয়ালৈকে, এই আঁচনিৰ অধীনত ২৭,০০০ গাঁৱত ৪০ লাখতকৈও অধিক পৰিয়ালক সম্পত্তি কাৰ্ড প্ৰদান কৰা হৈছে। এই সম্পত্তি কাৰ্ডবোৰে কেৱল বিবাদ প্ৰতিৰোধ কৰাই নহয়, ইয়াৰ জৰিয়তে গ্ৰামীম জনসাধাৰণে বেংকৰ পৰা সহজেই ঋণো লব পাৰিব।

সন্মানীয় সদস্যসকল,

 

২২. আমাৰ চৰকাৰে দেশৰ কৃষক আৰু গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে নিৰন্তৰ কাম কৰি আছে। মহামাৰী হোৱা সত্বেও, আমাৰ কৃষকসকলে ২০২০-২১ বৰ্ষত ৩০ কোটি টনতকৈও অধিক খাদ্যশস্য আৰু ৩৩ কোটি টন উদ্যানশস্য উৎপাদন কৰিছিল। চৰকাৰে অভিলেখ উৎপাদনৰ সৈতে মিলাবলৈ অভিলেখ ক্ৰয়ো কৰিছিল। চৰকাৰে ৰবি ঋতুত ৪৩৩ লাখ মেট্ৰিক টন ঘেঁহু ক্ৰয় কৰিছিল যাৰ ফলত প্ৰায় ৫০ লাখ কৃষক উপকৃত হৈছিল। খৰিফ ঋতুত অভিলেখ পৰিমাণৰ প্ৰায় ৯০০ লাখ মেট্ৰিক টন ধান  ক্ৰয় কৰা হৈছিল, যাৰ ফলত ১কোটি ৩০ লাখ কৃষক উপকৃত হৈছিল।

২৩. চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ ফলত আমাৰ কৃষি ৰপ্তানিও এক অভিলেখ স্তৰত উপনীত হৈছে। ২০২০-২১ বৰ্ষত কৃষিজাত ৰপ্তানি ২৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছে আৰু প্ৰায় ৩ লাখ কোটি টকাত উপনীত হৈছে।

২৪. উদ্যানশস্য আৰু মৌ উৎপাদন কৃষকসকলৰ বাবে উপাৰ্জনৰ নতুন উৎস । মৌ উৎপাদনত উৎসাহ যোগোৱাৰ বাবে,২০২০-২১ বৰ্ষত মৌৰ ঘৰুৱা উৎপাদন ১ লাখ ২৫ হাজাৰ মেট্ৰিক টন হৈছে, যি ২০১৪-১৫ বৰ্ষৰ তুলনাত প্ৰায় ৫৫ শতাংশ বৃদ্ধি।  ২০১৪-১৫ বৰ্ষৰ তুলনাত মৌৰ ৰপ্তানিৰ পৰিমাণো ১০২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

 

২৫. কৃষকসকলে যাতে তেওঁলোকৰ ফচলৰ বাবে অধিক মূল্য লাভ কৰে সেয়া নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ সামগ্ৰীবোৰ সঠিকভাৱে বজাৰলৈ নিয়াটো প্ৰয়োজনীয়। এই লক্ষ্যেৰে  চৰকাৰে কিষাণ ৰে'ল সেৱা আৰম্ভ কৰি কৃষকসকলৰ বাবে সৌভাগ্যৰ নতুন পথ মুকলি কৰাৰ প্ৰয়াস কৰিছে। কৰোনা কালত  ভাৰতীয় ৰে'লৱেই পাচলি, ফল আৰু গাখীৰ আদিৰ দৰে পচনশীল খাদ্য সামগ্ৰী পৰিবহনৰ বাবে ১৫০ ৰো অধিক পথত ১,৯০০ কিষাণ ৰেল পৰিচালনা কৰিছিল, যাৰ ফলত প্ৰায় ৬ লাখ মেট্ৰিক টন কৃষিজাত সামগ্ৰী পৰিবহন কৰা হৈছিল। চিন্তাধাৰা উদ্ভাৱনীমূলক হলে যে বিদ্যমান সম্পদৰ পৰা নতুন পথ সৃষ্টি কৰিব পাৰি এয়া তাৰ এক উদাহৰণ।

সন্মানীয় সদস্যসকল,

 

২৬. কৃষিক্ষেত্ৰৰ এই ধাৰাবাহিক সফলতা আৰু কৃষিখণ্ডক শক্তিশালী কৰাৰ বাবে ক্ষেত্ৰত মই সৰ্বাধিক কৃতিত্ব দিব বিচাৰো দেশৰ ক্ষুদ্ৰ কৃষকসকলক৷ দেশৰ ৮০ শতাংশ কৃষক হৈছে ক্ষুদ্ৰ কৃষক। আমাৰ চৰকাৰে সদায়ে তেওঁলোকৰ হিতৰ কথা প্ৰধানতঃ বিবেচনা কৰি সকলো পৰিকল্পনা ৰচনা কৰে। প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ অধীনত ১১ কোটিতকৈও অধিক কৃষক পৰিয়ালক ১ লাখ ৮০ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে। এই বিনিয়োগৰ ফলত কৃষি খণ্ডত আজি বৃহৎ পৰিৱৰ্তন দেখা গৈছে। শস্য বীমা আঁচনিৰ ক্ষেত্ৰত নতুন পৰিৱৰ্তনৰ ফলত দেশৰ ক্ষুদ্ৰ কৃষকসকল অধিক লাভান্বিত হৈছে। এই পৰিৱৰ্তনবোৰ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে প্ৰায় আঠ কোটিৰো অধিক কৃষকক ক্ষতিপূৰণ হিচাপে এক লাখ কোটি টকাতকৈও অধিক দিয়া হৈছে।

২৭. কৃষিভূমিৰ ওচৰত প্ৰয়োজনীয় আন্তঃগাঁথনি বিকাশৰ বাবে চৰকাৰে অভূতপূৰ্ব স্তৰত বিনিয়োগ কৰি আছে। কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত এক লাখ কোটি টকাৰ পুঁজি থকা হাজাৰ হাজাৰ প্ৰকল্প অনুমোদিত হৈছে। খোৱা তেলৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা নিশ্চিত কৰাৰ বাবে  আমাৰ চৰকাৰে ১১,০০০ কোটি টকা ব্যয় কৰি নেশ্যনেল মিশ্যন অন এডিবল অইলচ-অইল পাম প্ৰকল্প আৰম্ভ কৰিছে। চৰকাৰে জৈৱিক কৃষি, প্ৰাকৃতিক কৃষি আৰু শস্যৰ বৈচিত্ৰ্যকৰণৰ দৰে বিশেষ প্ৰচেষ্টাও হাতত লৈছে।

 

২৮. আপোনালোক সকলোৱে জানে যে ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক ইণ্টাৰনেশ্যনেল ইয়াৰ অৱ মিলেটছ হিচাপে ঘোষণা কৰিছে। আমাৰ চৰকাৰে কৃষক, আত্মসহায়ক গোট, এফপিঅ’, খাদ্য উদ্যোগ আৰু সাধাৰণ নাগৰিকৰ সৈতে ব্যাপক স্তৰত ইণ্টাৰনেশ্যনেল ইয়াৰ অৱ মিলেটছ উদযাপন কৰিব।

২৯. আমাৰ চৰকাৰে বৰষুণৰ পানী সংৰক্ষণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে। বৰষুণৰ পানী সংৰক্ষণৰ বাবে আন্তঃগাঁথনি সৃষ্টি আৰু দেশৰ পৰম্পৰাগত পানীৰ উৎস পুনৰুদ্ধাৰৰ বাবে বিশেষ অভিযান ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনা আৰু অটল ভূ-জল যোজনাৰ অধীনত বিভিন্ন প্ৰকল্পৰ সহায়ত দেশত জলসিঞ্চনৰ সুবিধা থকা ৬৪ লাখ হেক্টৰ ভূমিও বিকশিত কৰা হৈছে। চৰকাৰে নদীসমূহৰ আন্তঃসংযোগৰ পৰিকল্পনাও আগবঢ়াই নিছে। শেহতীয়াকৈ, ৪৫,০০০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ’ব লগা কেন-বেটৱা সংযোগ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পটো বুন্দেলখণ্ডৰ পানীৰ সমস্যা দূৰ কৰাত সহায়ক হ’ব।

সন্মানীয় সদস্যসকল,

 

৩০. গ্ৰামীণ অৰ্থনীতিক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা ক্ৰমান্বয়ে অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। বেংকবোৰে ২০২১-২২ বৰ্ষত ২৮ লাখতকৈও অধিক আত্মসহায়ক গোটলৈ ৬৫,০০০ কোটি টকাৰ বিত্তীয় সহায় আগবঢ়োৱা হৈছে। এয়া হৈছে ২০১৪-১৫ বৰ্ষৰ তুলনাত চাৰিগুণ অধিক। চৰকাৰে মহিলা আত্মসহায়ক গোটৰ হাজাৰ হাজাৰ সদস্যক প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক ‘বেংকিং সখী’ হিচাপে অংশীদাৰ কৰি তুলিছে। গ্ৰামীণ অঞ্চলত বেংকিং সেৱাক ঘৰে ঘৰে লৈ যোৱাৰ ক্ষেত্ৰত এক মাধ্যম হৈ উঠিছে এই মহিলাসকল।

 

৩১. মহিলা সৱলীকৰণ মোৰ চৰকাৰৰ উচ্চ প্ৰাথমিকতাসমূহৰ অন্যতম প্ৰসংগ। ‘উজ্জ্বলা যোজনা’ৰ সাফল্যৰ আমি সকলো সাক্ষী। ‘মুদ্ৰা যোজনা’ৰ মাধ্যমৰে আমাৰ দেশৰ মাতৃ-ভগ্নীসকলৰ উদ্যমশীলতা আৰু দক্ষতাই উত্সাহ লাভ কৰিছে। ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ অনেক ইতিবাচক ফল দেখিবলৈ পোৱা গৈছে, আৰু বিদ্যালয়সমূহত নামভৰ্তি কৰা ছোৱালীহঁতৰ সংখ্যা উত্সাহজনক ভাবে বৃদ্ধি হোৱাটো দেখিবলৈ পোৱা গৈছে। ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত সম-সুবিধা প্ৰদান কৰি মোৰ চৰকাৰে মহিলাৰ বিবাহৰ বাবে ন্যূনতম বয়স বৰ্তমানৰ ১৮ বছৰৰ পৰা বঢ়াই পুৰুষৰ সমানেই ২১ বছৰ কৰাৰ বাবে সংসদত বিধেয়কো উথ্থাপন কৰিছে।

৩২. চৰকাৰে তিনি তালাকক আইনসংগত ভাবে অপৰাধ ঘোষণা কৰি সমাজক এই কুপ্ৰথাৰ পৰা মুক্ত কৰাৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে। মুছলমান মহিলাসকলৰ ক্ষেত্ৰত কেৱল মেহৰমৰ সৈতেহে হজলৈ যোৱাৰ দৰে প্ৰতিবন্ধককো আঁতৰাই পঠোৱাৰ দিহা কৰা হৈছে। ২০১৪ চনৰ আগতে সংখ্যালঘু শ্ৰেণীৰ প্ৰায় তিনিকোটি বিদ্যাৰ্থীক ছাত্ৰবৃত্তি দিয়া হৈছিল, কিন্তু মোৰ চৰকাৰে ২০১৪ চনৰ পৰা এই পৰ্যন্ত এনে চাৰে চাৰিকোটিৰো অধিক বিদ্যাৰ্থীলৈ ছাত্ৰবৃত্তি প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা মুছলমান বালিকাই বিদ্যালয় এৰাৰ হাৰ লক্ষণীয় ভাবে হ্ৰাস পোৱাৰ বিপৰীতে নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ তথ্য পোৱা গৈছে।

৩৩. দেশৰ বালিকাসকলৰ শিকাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে ‘ৰাষ্ট্ৰীয় শিক্ষানীতি’ত ‘লিংগ সমাৱেশী পুঁজি’-ৰো ব্যৱস্থা কৰা হৈছে। এয়া আনন্দৰ কথা যে বৰ্তমানে থকা ৩৩ খন সৈনিক স্কুলত ছোৱালীৰ নামভৰ্তিৰ পৰম্পৰা আৰম্ভ কৰা হৈছে। চৰকাৰে ‘ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী’তো মহিলা কেডেটসকলৰ প্ৰৱেশত অনুমোদন জনাইছে। মহিলা কেডট-ৰ প্ৰথমটো গোটে ‘এনডিএ’-ত ২০২২ চনত প্ৰৱেশ কৰিব। মোৰ চৰকাৰৰ নীতিগত সিদ্ধান্ত আৰু প্ৰোত্সাহনৰ সুবাদত বিভিন্ন আৰক্ষীবাহিনীত মহিলা আৰক্ষী-কৰ্মচাৰীৰ সংখ্যা ২০১৪ চনৰ তুলনাত দুগুণৰো অধিক হাৰত বৃদ্ধি হৈছে।

সন্মানীয় সদস্যসকল,

 

 

৩৪. মহান সন্ত থিৰুৱল্লুৱৰে কৈছিল :

কৰ্ক্ক কসডুৰ কট্ৰপিন্,

নিৰ্ক্ক অদৰ্ক্ক তগ।

      অৰ্থাত্, এগৰাকী ব্যক্তিক যিয়েই শিকোৱা হয়, তেওঁ তেনে আচৰণেই কৰা দেখিবলৈ পোৱা    যায়।

আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প আৰু সামৰ্থ্যক সাকাৰ কৰাৰ বাবে মোৰ চৰকাৰে, দেশত নতুন শিক্ষানীতি বলবত্ কৰি আছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাধ্যমৰে স্থানীয় ভাষাসমূহকো প্ৰোত্সাহিত কৰা হৈছে। স্নাতক পাঠ্যক্ৰমৰ গুৰত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষাসমূহ ভাৰতীয় ভাষাসমূহৰেও সঞ্চালিত কৰাৰ প্ৰসংগত গুৰুত্ব প্ৰদান কৰা হৈছে। চলিত বৰ্ষত ১০ খন ৰাজ্যৰ ১৯ খন আভিযান্ত্ৰিত মহাবিদ্যালয়ত ৬টা ভাৰতীয় ভাষাত পাঠদানৰ পৰম্পৰা আৰম্ভ কৰা হৈছে।

৩৫. স্কীল ইণ্ডিয়া মিছনৰ অধীনত ‘আইটিআই’, ‘জন শিক্ষণ সংস্থান’ আৰু ‘প্ৰধানমন্ত্ৰী দক্ষতা কেন্দ্ৰ’ৰ জৰিয়তে সমগ্ৰ দেশতে ২.২৫ কোটিৰো অধিক যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। দক্ষতা বিকাশক উচ্চ শিক্ষাৰ সৈতে সংযোজিত কৰাৰ বাবে ‘ইউজিচি’-ৰ বহুকেইটা নিয়মৰ সাল-সলনি ঘটোৱা হৈছে।

৩৬. ক’ৰোনাৰে যুঁজাৰ বাবে স্কীল ইণ্ডিয়া মিছনৰ অধীনত স্বাস্থ্য সুৰক্ষাৰে জড়িত ৬টা বিশেষ প্ৰশিক্ষণ কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা স্বাস্থ্য সুৰক্ষা খণ্ডই বিশেষ সহযোগিতা লাভ কৰিছে।

৩৭. চৰকাৰৰ দ্বাৰা জনজাতীয় যুৱক-যুৱতীৰ শিক্ষাৰ বাবে আদিবাসী অধ্যুষিত প্ৰতিটো খণ্ডত ‘একলব্য আবাসিক আদৰ্শ বিদ্যালয়’ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰখা হৈছে। এই বিদ্যালয়ে প্ৰায় চাৰে তিনিলাখ জনজাতীয় যুৱক-যুৱতীৰ সৱলীকৰণ নিশ্চিত কৰিব।

 

সন্মানীয় সদস্যসকল,

 

৩৮. টকিঅ’ অলিম্পিকত আমি সকলোৱে ভাৰতৰ যুৱ-শক্তিৰ ক্ষমতা দেখিবলৈ পাইছিলো। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত এই পৰ্যন্ত সৰ্বাধিক উন্নত প্ৰদৰ্শন দাঙি ধৰি ভাৰতে সাতটা পদক অৰ্জন কৰিলে। টকিঅ’ ‘পেৰা অলিম্পিক’তো ভাৰতীয় ‘পেৰা-এথলিট’সকলে ১৯টা পদক  জয় কৰি অভিলেখ ৰচনা কৰিছিল। অলিম্পিক প্ৰতিযোগিতা তথা খেলা-ধূলাত ভাৰতৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে মিলি দেশত বহু সংখ্যক ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ স্থাপন কৰি আছে। ‘পেৰা স্পৰ্টছ’-ত দিব্যাংগ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ বাবে চৰকাৰে গোৱালিয়ৰত আধুনিক সা-সুবিধাযুক্ত ‘চেণ্টাৰ ফৰ ডিজেবিলিটী স্পৰ্টছ’ স্থাপনো কৰিছে।

৩৯. দিব্যাংগ-জনৰ বাবে সুগমতা, সমানতা আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ সুযোগ প্ৰদান কৰাটো সমাজৰ ৰূপত আমাৰ সামূহিক দায়িত্ব। এই দিশত আজি ‘সুগম্য ভাৰত অভিযান’য়ে আমাৰ ৰাষ্ট্ৰীয় সংবেদনাৰ পৰিচয় প্ৰদান কৰি আহিছে। দিবাংগজনৰ জীৱন সলনি কৰাৰ বাবে মাচুল বিহীন সহায়ক উপকৰণৰ পৰা ‘কাৰ্কলিয়ৰ ইম্প্লাণ্ট ছাৰ্জাৰী’-ৰ দৰে কাৰ্যক্ৰম চলাই থকা হৈছে। এইসমূহ কাৰ্যক্ৰমৰ অধীনত এই পৰ্যন্ত ২৫লাখৰো অধিক দিব্যাংগ ব্যক্তিক সহায়ক উপকৰণ প্ৰদান কৰাৰ লগতে প্ৰায় ৪ হাজাৰ ‘কাৰ্কলিয়ৰ ইম্প্লাণ্ট’ সম্পন্ন কৰা হৈছে। এইসমূহ প্ৰয়াসক আগবঢ়াই নি চৰকাৰে মধ্য প্ৰদেশত ‘ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য পুনৰস্ংস্থাপন প্ৰতিষ্ঠান’ স্থাপন কৰিছে। দিব্যাংগ যুৱক-যুৱতীৰ ভৱিষ্যতৰ বাবে ১০ হাজাৰ শব্দৰ ‘ভাৰতীয় সাংকেতিক ভাষা অভিধানো’ যুগুতাই উলিয়াইছে।

সন্মানীয় সদস্যসকল,

 

 

 

৪০. আমাৰ ‘ষ্টাৰ্টআপ ইকো-ছীষ্টেম’য়ে আমাৰ যুৱ-প্ৰজন্মৰ নেতৃত্বত দ্ৰুতগতিৰে আকাৰ ধাৰণ কৰি অনন্ত নতুন সম্ভাৱনাৰ নিদৰ্শন দাঙি ধৰিছে। ২০১৬ চনত আমাৰ দেশত ৫৬টা বেলেগ বেলেগ খণ্ডত ৬০হাজাৰ নতুন ‘ষ্টাৰ্টআপ’ স্থাপিত হৈছিল। এইসমূহ ‘ষ্টাৰ্টআপ’ৰ জৰিয়তে ছয়লাখৰো অধিক কৰ্ম-সংস্থানৰ সৃষ্টি হৈছিল। ২০২১ চনত ক’ৰোনা কালত ৪০ৰো অধিক ‘ইউনিকৰ্ণ ষ্টাৰ্টআপ’-য়ে থন্ ধৰি উঠে, যাৰ প্ৰতিটোৰে মূল্য ৭,৪০০ কোটি টকাৰো অধিক বুলি সমীক্ষা কৰা হৈছে।

সন্মানীয় সদস্যসকল,

 

৪১. মোৰ চৰকাৰৰ নীতিৰ বাবে আজি ভাৰত সেই সমূহ দেশৰ মাজত থাকিবলৈ সক্ষম হৈছে য’ত ইণ্টাৰনেটৰ মূল্য সকলোতকৈ কম তথা ‘স্মৰ্ট ফোন’ৰ মূল্যও সকলোতকৈ কম। ইয়াৰ আটাইতকৈ সুফল লাভ কৰিছে ভাৰতৰ নৱ-প্ৰজন্মই। ভাৰতে ‘৫-জি মোবাইল’ সংযোগৰ ক্ষেত্ৰতো দ্ৰুতগতিৰে কাম কৰি আছে, যাৰ ফলত অনেক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব। ‘ছেমি-কণ্ডাক্টৰ’ৰ ক্ষেত্ৰতো ভাৰতৰ যুৱ-প্ৰজন্মই যাতে দ্ৰুতগতিত সলনি হোৱা প্ৰযুক্তিৰ সুযোগ গ্ৰহণ কৰিব পাৰে, তাৰ বাবেও চৰকাৰে বহুবোৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে, বহুবোৰ নতুন খণ্ডত প্ৰৱেশৰো দুৱাৰ মুকলি কৰিছে। চৰকাৰে ‘ষ্টাৰ্টআপ ইণ্টেলেকচুৱেল প্ৰপাৰ্টী প্ৰটেকশ্যন প্ৰগ্ৰাম’-ৰ মাধ্যমেৰে ‘পেটেণ্ট’ আৰু ‘ট্ৰেডমাৰ্ক’ৰে জড়িত প্ৰক্ৰিয়াসমূহক সৰল কৰিছে, সেই প্ৰক্ৰিয়াক নতুন গতি দিছে। ইয়াৰ ফলতে এইটো বিত্তীয়-বৰ্ষত ‘পেটেণ্ট’ৰ বাবে প্ৰায় ৬ হাজাৰ আৰু ‘ট্ৰেডমাৰ্ক’ৰ বাবে ২০ হাজাৰৰো অধিক আৱেদন লাভ কৰা গৈছে।

 

সন্মানীয় সদস্যসকল,

 

৪২. মোৰ চৰকাৰৰ নিৰন্তৰ প্ৰয়াসত ভাৰতে আকৌ এবাৰলৈ বিশ্বৰ সৰ্বাধিক দ্ৰুতগতিৰে বিকশিত হোৱা অৰ্থব্যৱস্থাসমূহৰ অন্যতম হৈ উঠিবলৈ সক্ষম হৈছে। দেশত ‘জিএছটি’ৰ সংগ্ৰহ বিগত কেবাটাও মাহত নিৰন্তৰ এক লাখ কোটি টকাৰো অধিক হোৱা পৰিলক্ষিত হৈছে। এইটো বিত্ত বৰ্ষৰ প্ৰথম সাতটা মাহত ৪৮ বিলিয়ন ডলাৰ পৰিমাণৰ বিদেশী বিনিয়োগ দেশলৈ অহা কথাই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলে ভাৰতৰ বিকাশক লৈযে বহু পৰিমাণে আশ্বস্ত হ’ব পাৰিছে সেই কথাকে প্ৰতিপন্ন কৰিছে। ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰো এই মুহূৰ্তত ৬৩০ বিলিয়ন ডলাৰৰো অধিক হৈছে। আমাৰ ৰপ্টানীও দ্ৰুত গতিত বাঢ়িবলৈ লৈছে আৰু আগৰ অভিলেখ ভংগ কৰিছে। ২০২১ চনৰ এপ্ৰিল মাহতৰ পৰা ডিচেম্বৰ মাহৰ সময়ছোৱাত ভাৰতৰ সামগ্ৰীৰ ৰপ্টানীৰ পৰিমাণ প্ৰায় ৩০০ বিলিয়ন ডলাৰ অৰ্থাত্ ২২ লাখ কোটি টকাৰো অধিক হৈছে, যি পৰিমাণ ২০২০ৰ এই একেছোৱা সময়ৰ তুলনাত ডেৰ গুণে অধিক।

৪৩. মোৰ চৰকাৰে উত্পাদন খণ্ডত থকা সম্ভাৱনাসমূহক সাকাৰ কৰা আৰু যুৱ-প্ৰজন্মক নতুন সুযোগ দিয়াৰ বাবে এক লাখ সাতাৱন্ন হাজাৰ কোটি টকাৰো অধিক বিনিয়োগৰে ১৪টা গুৰুত্বপূৰ্ণ ‘পিএলআই’ (উত্পাদন-সংযোগী প্ৰোত্সাহন) আঁচনি আৰম্ভ কৰিছে। এই ‘পিএলআই’ আঁচনিসমূহে কেৱল ভাৰতক গোলকীয় উত্পাদন প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাতে সহায় নকৰিব, বৰঞ্চ কৰ্ম-সংস্থাপনৰো ৬০ লাখতকৈ অধিক সম্ভাৱনাৰ সৃষ্টি কৰিব। দেশত মোবাইল উত্পাদনৰ সাফল্য মেক ইন ইণ্ডিয়াৰ এটি বহুত ডাঙৰ নিদৰ্শন। আজি ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ব বৃহত্ মোবাইল ফোন নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ লাখ লাখ যুৱক-যুৱতীয়ে জীৱিকাৰ সমল লাভ কৰিছে।

৪৪. আমাৰ দেশে যাতে ইলেক্ট্ৰনিক্ আৰু ‘টেকনলজী হাৰ্ডৱেৰ’ৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব গ্ৰহণ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰে ‘ছিলিকন’ আৰু ‘কম্পাউণ্ড ছেমি-কণ্ডাক্টৰ ফেব্ৰিকেশ্যন’, ‘ডিছপ্লে’ এফএবি’, ‘চিপ ডিজাইন’ আৰু ইয়াৰে জড়িত ‘ভেন্সাৰ’সমূহৰ বাবে অলপতে ৭৬,০০০ কোটি টকাৰ পেকেজো যোষিত কৰিছে।

৪৫. মোৰ চৰকাৰে নতুন ক্ষেত্ৰসমূহৰ লগতে সেইসমূহ পাৰম্পৰিক ক্ষেত্ৰতো দেশৰ স্থিতিক পুনৰাই শক্তিশালী কৰি তুলিছে, যিসমূহ ক্ষেত্ৰত আমাৰ হাতত বহুতো বছৰৰ অভিজ্ঞতা মজুত আছে। এই দিশত মোৰ চৰকাৰে বস্ত্ৰ উদ্যোগৰ বিকাশৰ বাবে প্ৰায় ৪৫০০ কোটি টকাৰ বিনিয়োগৰে ৭টা ‘মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজন’ আৰু ‘এপাৰেল পাৰ্ক’ নিৰ্মাণ কৰি আছে। ইয়াৰ দ্বাৰা দেশত ‘ইণ্টিগ্ৰেটেড টেক্সটাইল ভেল্যু চেইন’ তৈয়াৰ হৈ উঠিব। এইসমূহ ‘মেগা টেক্সটাইল পাৰ্ক’য়ে ভাৰতীয় তথা বিদেশী বিনিয়োগকো আকৰ্ষিত কৰিব আৰু কৰ্ম-সংস্থাপনৰ লাখ লাখ নতুন সুযোগৰো সৃষ্টি কৰিব।

 

সন্মানীয় সদস্যসকল,

 

৪৬. ভাৰতৰ সমৃদ্ধিত বৃহত্ উদ্যোগৰ লগতে ক্ষুদ্ৰ তথা লঘু উদ্যোগসমূহৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ ‘এমএছএমই’-সমূহ আমাৰ অৰ্থব্যৱ্স্থাৰ মেৰুদণ্ড হিচাপে পৰিগণিত হৈ আহিছে, আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ক গতি প্ৰদান কৰি আছে। ক’ৰোনা কালত ‘এমএছএমই’সমূহক সংকটৰ পৰা বচোৱা আৰু জৰুৰী ঋণ উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে ৩ লাখ কোটি টকাৰ ‘কো-লেটাৰেল ফ্ৰী লোন’-ৰ ব্যৱস্থা কৰে। অলপতে সম্পন্ন কৰা এক অধ্যয়নত এই কথা স্পষ্ট হৈছে যে এই যোজনাৰ সহায়ত চাৰে ১৩ লাখ ‘এমএছএমই ইউনিট’ক জীৱন দান দিয়া হৈছে আৰু ডেৰ কোটি কৰ্ম-সংস্থানৰো সুৰক্ষা প্ৰদান কৰা হৈছে। ২০২১চনৰ জুন মাহত ৩ লাখ কোটি টকাৰ এই ‘গ্যাৰেণ্টী’ৰ পৰিমাণ বঢ়াই চাৰে চাৰি লাখ কোটি টকা কৰা হৈছে।

৪৭. এমএছএমই খণ্ডক সম্প্ৰসাৰিত কৰা তথা এই খণ্ডৰ বাবে সুযোগ বৃদ্ধি কৰাৰ বাবে বহুকেইটা নীতিগত সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। ‘এমএছএমই’-ৰ নতুন পৰিভাষাৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগসমূহে আগবাঢ়ি যোৱাত সহাযোগিতা লাভ কৰিছে। চৰকাৰে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী আৰু পথৰ দাঁতিৰ বেপাৰীসকলক ‘উদ্যম প’ৰ্টেল’ত পঞ্জীয়ণ কৰাৰ অনুমতিও প্ৰদান কৰিছে, যাতে তেওঁলোকক ‘প্ৰায়ৰিটী ছেক্টৰ লেণ্ডিং’-ৰ লাভ উপলব্ধ কৰাব পাৰে।

৪৮. মই খাদীৰ সাফল্যৰ কথাও বিশেষ ভাবে উল্লেখ কৰিম। স্বাধীনতাৰ যুঁজত বাপুৰ নেতৃত্বত দেশৰ চেতনাৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা খাদীয়ে আকৌ এবাৰলৈ ক্ষুদ্ৰ উদ্যোগীসকলৰ সম্বল হৈ উঠিছে। চৰকাৰৰ প্ৰয়াসৰে ২০১৪ চনৰ তুলনাত দেশত খাদীৰ বিক্ৰী তিনি গুণে বাঢ়িছে।

 

সন্মানীয় সদস্যসকল,

 

৪৯. যিকোনো এখন দেশৰে বিকাশৰ আধাৰ সেই দেশৰ আন্তঃগাঁথনি হয়। মোৰ চৰকাৰৰ দৃষ্টিত আন্তঃগাঁথনিয়ে সামাজিক অসমতাক আঁতৰোৱাৰ ক্ষেত্ৰত সেতুৰ ভূমিকাও পালন কৰে। আন্তঃগাঁথনি নিৰ্মাণৰ বাবে হোৱা বিনিয়োগৰে কেৱল লাখ লাখ নতুন কৰ্ম-সংস্থানেই সৃষ্টি নহয়, বৰং ইয়াৰ এক গুণাত্মক প্ৰভাৱো থাকে। ইয়াৰ জৰিয়তে বেহা-বেপাৰ কৰাটো সহজ-সাধ্য হৈ উঠে, পৰিবহণৰ গতি বৃদ্ধি পায় আৰু প্ৰতিটো খণ্ডত আৰ্থিক গতিবিধি বৃদ্ধি পায়।

৫০. মোৰ চৰকাৰে আন্তঃগাঁথনিৰ বিকাশৰ কাৰ্য আৰু অধিক গতি প্ৰদান কৰাৰ বাবে বেলেগ বেলেগ মন্ত্ৰালয়সমূহৰ কাম-কাজসমূহক ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লান’-ৰ ৰূপত একেলগে সংযোজিত কৰিছে। এই প্লানয়ে ভাৰতত ‘মাল্টি-মডেল ট্ৰেন্সপোৰ্ট’-ৰ এক নতুন যুগৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছে। ভৱিষ্যতৰ ভাৰতত ৰে’লপথ, বিমানপথ আৰু ঘাইপথ বেলেগ বেলেগ আৰু বেলেগ বেলেগ আ্ন্তঃগাঁথনি হৈ নাথাকিব, বৰঞ্চ এক দেশ সমগ্ৰ সংসাধনৰ ৰূপত কাম কৰা হ’ব।

৫১. গ্ৰামীণ ক্ষেত্ৰত পথ, সংসাধন আৰু আন্তঃগাঁথনিৰ নিৰ্মাণৰে দেশৰ সেই সম্ভাৱনাসমূহে দ্ৰুতগতি লাভ কৰিছে যিবোৰ দশকৰ পিচত দশক ধৰি উপেক্ষিত হৈ আহিছিল। ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অভিজ্ঞতা গৰ্ব কৰিব বিধৰ। ২০২০-২১ বিত্তীয় বৰ্ষত গ্ৰামীণ এলেকাসমূহত ১০০ কিলোমিটাৰ প্ৰতি দিনতকৈ অধিক গতিবেগেৰে ৩৬ হাজাৰ ৫০০ কিলোমিটাৰ পথৰ নিৰ্মাণ কৰা হৈছে আৰু হাজাৰ হাজাৰ আবাসিক এলেকাক ‘অল ৱেডাৰ ৰোড’ সংযোগৰে সংযোজিত কৰা হৈছে।

৫২. আজি দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহেও পূবৰ পৰা পশ্চিম আৰু উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশকে একত্ৰে সংযোজিত কৰিছে। ২০১৪ চনৰ মাৰ্চ মাহত আমাৰ দেশত ৰাষ্ট্ৰীয় ৰাজপথৰ মুঠ দৈৰ্ঘ্য ৯০ হাজাৰ কিলোমিটাৰ আছিল, কিন্তু আজি তাৰ দৈৰ্ঘ্য বৃদ্ধি হৈ ১লাখ ৪০ হাজাৰ কিলোমিটাৰৰো অধিক হৈছেগৈ। ‘ভাৰতমালা পৰিযোজনা’ৰ অধীনত ৬ লাখ কোটি টকাৰ বিনিয়োগেৰে ২০,০০০ কিলোমিটাৰৰো অধিক ধৈৰ্ঘ্যৰ ৰাজপথ নিৰ্মাণ চলাই থকা হৈছে। ইয়াৰ মাজত ২৩টা ‘গ্ৰীণ এক্সপ্ৰেছ ৱে’ আৰু ‘গ্ৰীণ-ফিল্ড কৰিডৰ’ৰ বিকাশো অন্তৰ্ভুক্ত হৈ আছে।

৫৩. ‘দিল্লী-মুম্বাই অক্সপ্ৰেছ ৱে’ও অচিৰেই সম্পূৰ্ণ হৈ উঠিব, যিটো ভাৰতৰ সকলোতকৈ দীঘল আৰু সকলোতকৈ দ্ৰুতগতি সম্পন্ন ‘এক্সপ্ৰেছ ৱে’ হিচাপে পৰিগণিত হ’ব। মোৰ চৰকাৰে ‘পণ্ঢৰপুৰ তীৰ্থ’ক সংযোজিত কৰা ‘সন্ত জ্ঞানেশ্বৰ মাৰ্গ’ আৰু ‘সন্ত তুকাৰাম পাল্কী মাৰ্গ’ বহলোৱাৰ কাম আৰম্ভ কৰাৰ সৌভাগ্যও লাভ কৰিছে।

৫৪. দেশত আধুনিক আন্তঃগাঁথনিৰ বিকাশৰে আজি এফালে বিকাশৰ নতুন নতুন পথ মুকলি হৈছে, আনফালে আকৌ, ইয়াৰ পৰা দেশৰ সুৰক্ষায়ো নতুন শক্তি লাভ কৰিছে। ‘সীমান্ত পথ সংস্থা’- ‘বিআৰঅ’-য়ে লাড্ডাখত ‘উমলিং লা দৰ্ৰা’ত ১৯ হাজাৰ ফুট উচ্চতাত বিশ্বৰ সকলোতকৈ উচ্চ পৰিবহণ যোগ্য পথৰ নৰ্মাণ কৰিছে। লাড্ডাখৰ দেমছোক, উত্তৰাখণ্ডৰ জোলিং কোং আৰু অৰুণাচল প্ৰদেশৰ হুৰীৰ দৰে সকলোতকৈ ভিতৰুৱা অঞ্চলত থকা গাঁৱকো আধুনিক পথৰে সংযোজিত কৰা হৈছে।

৫৫. মোৰ চৰকাৰে ভাৰতীয় ৰে’লৰো দ্ৰুতগতিৰে অধুনিকীকৰণৰ ব্যৱস্থা কৰিছে। নতুন ‘বন্দে ভাৰত’ ৰে’লগাড়ী তথা নতুন ‘বিষ্টাডোম কোচ্চ’-য়ে ভাৰতীয় ৰে’লৰ আভা বৃদ্ধি কৰিছে।  বিগত সাতটা বছৰত ২৪ হাজাৰ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে। নতুন ৰে’লপথ নিৰ্মাণ আৰু দুটা পথযুক্তকৰণৰ কামো দ্ৰুতগতিৰে আগবাঢ়িছে। গুজৰাটৰ ‘গান্ধীনগৰ ৰেলষ্টেশ্যন’ আৰু মধ্য প্ৰদেশৰ ‘ৰাণী কমলাপতি ৰে’ল ষ্টেশ্যন’ আজি আধুনিক ভাৰতৰ নতুন প্ৰতিচ্ছৱিৰ ৰূপত উজ্জীৱিত হৈ উঠিছে। কাশ্মীৰৰ চিনাব নদীত নিৰ্মিত হৈ থকা ৰে’লৰ ‘আৰ্ছ ব্ৰীজ’খন আকৰ্ষণ কেন্দ্ৰ হৈ উঠিছে।

৫৬. মোৰ চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ-সাধ্য কৰি তোলাৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সা-সুবিধা বঢ়োৱাৰ বাবে অসাধাৰণ কাম কৰিছে। দেশত ১১টা নতুন ‘মেট্ৰো লাইন’ত সেৱা আৰম্ভ কৰিছে, যাৰ সুফল ৮খন ৰাজ্যৰ লাখ লাখ লোকে প্ৰতিদিনে লাভ কৰিছে। ভাৰত আজি পৃথিৱীৰ চাৰিখন সকলোতকৈ বৃহত্ ‘ড্ৰাইভাৰলেছ ট্ৰেন নেটৱৰ্ক’যুক্ত দেশৰ অন্যতম হৈ উঠিছে। আমি দেশত ‘ইনডিজেনাছ অটমেটিক ট্ৰেইন ছীষ্টেম’ও বিকশিত কৰিছো, যিয়ে ‘মে’ক ইন ইণ্ডিয়া’ৰ বৰ্দ্ধিত ক্ষমতাক প্ৰতীয়মান কৰিছে। চৰকাৰে দেশত ২১টা ‘গ্ৰীণফিল্ড বিমানবন্দৰ’ নিৰ্মাণ কৰাৰ বাবেও অনুমোদন জনাইছে। ইয়াৰ ভিতৰত দেশৰ সকলোতকৈ ডাঙৰ বিমানবন্দৰটো উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাত নিৰ্মাণ কৰি থকা হৈছে।

৫৭. দেশৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক ক্ষেত্ৰসমূহক বন্দৰৰে সংযোজিত কৰাৰ বাবে সাগমালা কাৰ্যক্ৰমৰ অধীনত ৮০টাৰো অধিক সংযোগ সাধন পৰিযোজনাৰ কাম চলাই থকা হৈছে। এই পৰ্যন্ত ২৪খন ৰাজ্যত ৫টা বৰ্তমানে থকা ৰাষ্ট্ৰীয় জলপথ আৰু ১০৬টা নতুন জলপথসহ মুঠ ১১১টা জলপথক ‘ৰাষ্ট্ৰীয় জলপথ’ হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰে ২৩টা জলপথৰ জৰিয়তে মালবস্তুৰ পৰিবহণো সম্ভৱ হ’ব। আধুনিক আন্তঃগাঁথনিৰ দিশত চৰকাৰে ২৭ হাজাৰ ‘চাৰ্কিট কিলোমিটাৰ’ৰো অধিক ‘ট্ৰেন্সমিছন লাইন’ সংস্থাপিত কৰা হৈছে।

 

সন্মানীয় সদস্যসকল,

 

৫৮. বিগত সময়ত আমি দেশত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ নতুন সংকল্পই সাকাৰ ৰূপ ধাৰণ কৰিবলৈ লোৱা আমি দেখিবলৈ পাইছো। এই সংকল্পই সংস্কাৰ সাধনৰ শক্তিৰে দ্ৰুত গতি লাভ কৰিছে। নতুন শ্ৰম-সংস্কাৰৰ পৰা বেংকিং সংস্কাৰ আৰু ‘ইনছলভেন্সী এণ্ড বেংক্ৰাপ্টচী কোড’লৈকে, সংস্কাৰ সাধনৰ এই ক্ৰম স্তব্ধ নোহোৱাকৈ, নিৱিচ্চিন্ন ভাবে চলি আছে। যোৱা বছৰ, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ ভিন ভিন বিভাগত ২৬ হাজাৰৰো অধিক ‘কম্প্লায়েন্সেছ’-ৰ আৱশ্যকতাক হ্ৰাস কৰা হৈছে। দেশত মহাকাশ ক্ষেত্ৰক ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দি সম্ভাৱনাৰ অনন্ত আকাশো উপলব্ধ কৰা হৈছে। যোৱা বছৰ ভাৰতৰ মহাকাশ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে ‘ইন-স্পে’চ’-ৰ গঠন কৰাটো এনে এক প্ৰধান পদক্ষেপ আছিল।

৫৯. দ্ৰুতগতিৰে বিকশিত হোৱা ড্ৰোন প্ৰযুক্তি আৰু ইয়াৰে জড়িত সম্ভাৱনাসমূহক লৈয়ো মোৰ চৰকাৰ সজাগ আৰু সক্ৰিয়। এই দিশত চৰকাৰে ‘ছিম্পলিফাইড ড্ৰন ৰুলছ, ২০২১’ অধিসূচিত কৰা হয়, আৰু ড্ৰোন আৰু ড্ৰোনৰ উপকৰণসমূহ দেশত নিৰ্মাণৰ বাবে ‘পিএলআই’ যোজনাও আৰম্ভ কৰা হয়। ইয়াৰ দ্বাৰা দেশে ভৱিষ্যত প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা লাভ কৰিব।

সন্মানীয় সদস্যসকল,

 

৬০. মোৰ চৰকাৰে দেশৰ সুৰক্ষাৰ বাবে দৃঢ় সংকল্প হৈ কাম কৰি আছে। চৰকাৰৰ নীতিৰ বাবেই প্ৰতিৰক্ষা খণ্ডত, বিশেষকৈ প্ৰতিৰক্ষা উপকৰণৰ উত্পাদনত, দেশৰ আত্মনিৰ্ভৰতা নিৰন্তৰ বাঢ়ি আছে।

৬১. ২০২০-২১ বৰ্ষত সৈন্য বাহিনীৰ আধুনিকীকৰণৰ বাবে যিসমূহ স্বীকৃতি প্ৰদান কৰা হৈছে, তাৰে ৮৭শতাংশ উত্পাদনত ‘মে’ক ইন ইণ্ডিয়া’ক প্ৰথমিকতা প্ৰদান কৰা হৈছে। এইদৰে ২০২০-২১ত ৯৮শতাংশ উপকৰণৰে জড়িত অনুবন্ধত ‘মে’ক ইন ইণ্ডিয়া’ক প্ৰাথমিকতা দিয়া হৈছে। আমাৰ সেনাই ২০৯টা এনে সা-সামগ্ৰীৰ তালিকাও ঘোষণা কৰিছে যিসমূহ এতিয়া বিদেশৰ পৰা ক্ৰয় কৰা নহ’ব। প্ৰতিৰক্ষা উপক্ৰমৰ দ্বাৰা ২৮০০টাৰো অধিক উপকৰণৰ সূচীও জাৰি কৰা হৈছে, যিসমূহ দেশতে নিৰ্মাণ কৰা হ’ব।

৬২. ‘হিন্দুস্তান এৰোনটিক্স লিমিটেড’ৰ সৈতে ‘৮৩ এলচিএ তেজম ফাইটাৰ এয়াৰক্ৰাফ্ট’ৰ নিৰ্মাণৰ বাবে চুক্তি সম্পাদিত কৰা হৈছে। চৰকাৰে ‘অৰ্ডিনেন্স কাৰখানা’ক ৭টা প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা প্ৰতিষ্ঠানৰ ৰূপ দিয়াৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাহিৰেও প্ৰতিৰক্ষা ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ‘ষ্টাৰ্টআপ’সমূহক উত্সাহিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ লক্ষ্য হৈছে যে আমাৰ সেনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ভাৰততে বিকশিত কৰা হওক আৰু ভাৰততে নিৰ্মিত হওক।

 

 

সন্মানীয় সদস্যসকল,

 

৬৩. দ্ৰুতগতিত উদ্ভৱ হোৱা পৰিৱেশত ভাৰতে নিজৰ ৰাজনৈতিক সম্বন্ধ উন্নত কৰি নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে। ২০২১ চনৰ আগষ্ট মাহত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা কৰিছিল, আৰু এই সময়ছোৱাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতৰ অধ্যক্ষতাতেই নিৰাপত্তা পৰিষদে প্ৰথমবাৰৰ বাবে সামুদ্ৰিক সুৰক্ষাৰ প্ৰসংগত কাৰ্যকৰ্মণিকাৰ অন্তৰ্ভুক্ত প্ৰসংগ হিচাপে আলোচনা কৰিছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই বিষয়ত প্ৰথমবাৰৰ বাবে এক ‘প্ৰেচিডেন্সিয়েল ষ্টেটমেণ্ট’-ক সৰ্ব সন্মতি ক্ৰমে গৃহিতও কৰে।

৬৪. আমি আমাৰ প্ৰতিৱেশী দেশ আফগানিস্তানত অস্থিৰতা আৰু শোচনীয় অৱস্থাকো প্ৰত্যক্ষ কৰিছো। ভাৰতে এই পৰিস্থিতিতো মানৱতাক সৰ্বোপৰি বুলি স্বীকাৰ কৰি ‘অপাৰেশ্যন দেৱী শক্তি’ পৰিচালিত কৰিছিল। আমি বিভিন্ন প্ৰত্যাহ্বানকো নেওচি আমাৰ বহু সংখ্যক নাগৰিক আৰু বহু সংখ্যক আফগান-হিন্দু-শিখ-সংখ্যালঘু সম্প্ৰদায়ৰ লোকক সফলতাৰে কাবুলৰ পৰা স্থানান্তৰিত কৰিছিলো। আমি সেই কঠিন পৰিস্থিতিৰ মাজতে পবিত্ৰ ‘গুৰুগ্ৰন্থ চাহিব’-ৰ দুটা স্বৰূপকো সুৰক্ষিত ভাবে ভাৰতলৈ আনিছো। মানৱীয়তাৰ দৃষ্টিৰে ভাৰতে আফগানিস্তানত চিকিত্সা সামগ্ৰীৰ য়োগান আৰু খাদ্যদ্ৰব্য প্ৰেৰণৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে।

 

 

সন্মানীয় সদস্যসকল,

 

৬৫. সাম্প্ৰতিক সময়ত জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ সন্মুখতে বৃহত্ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ভাৰতে এই প্ৰসংগত এক দায়িত্বশীল বিশ্ব-কণ্ঠৰ ৰূপত থিয় দি উঠিছে। ‘চিঅ’পি-২৬’ শীৰ্ষ সন্মিলনত মোৰ চৰকাৰে ঘোষণা কৰিছিল যে ২০৩০ চন পৰ্যন্ত ভাৰতে নিজৰ কাৰ্বন নিৰ্গমণৰ পৰিমাণ এক বিলিয়ন টনৰে হ্ৰাস কৰিব।  ভাৰতে ২০৭০ চন পৰ্যন্ত ‘নেট জিৰো’ নিৰ্গমণযুক্ত অৰ্থব্যৱস্থা গঢ়ি তোলাৰো লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। ভাৰতে বিশ্ব-সম্প্ৰদায়ক লগত লৈ ‘গ্ৰীণ গ্ৰিড ইনিচিয়েটিভ : ওৱান ছান-ওৱান ওৱৰ্ল্ড-ওৱান গ্ৰিড’-ৰ উদ্যোগো গ্ৰহণ কৰিছে। ই ‘গোলকীয় আন্তঃসংযোজিত সৌৰ শক্তি গ্ৰিড’-ৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক হিচাপে থন্ ধৰি উঠিছে। পৰ্যাবৰণক লৈ আমাৰ বৃহত্ লক্ষ্য আৰু সাহসিক সংকল্প, প্ৰকৃতিৰ প্ৰতি আমাৰ সংবেদনশীলতাকেই প্ৰতিবিম্বিত কৰে।

 

 

সন্মানীয় সদস্যসকল,

 

৬৬. মোৰ চৰকাৰে ভাৰতৰ প্ৰাচীন সম্পদসমূহক সংৰক্ষিত, সমৃদ্ধ আৰু সৱল কৰি তোলাৰ বাবে থকা নিজৰ দায়িত্ব ঠিকেই বুজে। এয়া নিতান্তই গৌৰৱৰ কথা যে ধোলাৱীৰাৰ ‘হাডাপ্পা খণ্ড’ আৰু তেলেংগাণা স্থিত ত্ৰয়োদশ শতাব্দীৰ ‘কাকতীয় ৰুদ্ৰেশ্বৰ ৰামপ্পা মন্দিৰ’’ক ইউনেস্কোৰ ‘ঐতিহ্য ক্ষেত্ৰ’ হিচাপে ঘোষণা কৰা হৈছে। প্ৰয়াগৰাজৰ ‘কুম্ভ মেলা’ৰ পিচত ইউনেস্কোৰ ‘অমূৰ্ত সাংস্কৃতিক ঐতিহ্য’ৰ তালিকাত কলকাতাৰ প্ৰতিষ্ঠিত ‘দুৰ্গা পূজা’কো অন্তৰ্ভুক্ত কৰা হৈছে।

৬৭. ভাৰতৰ অমূল্য ঐতিহাসিক সম্পদসমূহক দেশলৈ ওভতাই অনাটোকো চৰকাৰে প্ৰথমিকতা প্ৰদান কৰি আহিছে। এশ বছৰৰ আগতে ভাৰতৰ পৰা চুৰি হোৱা ‘আই অন্নপূৰ্ণা দেৱী’ৰ মূৰ্তি ওভতাই আনি কাশীৰ ‘বিশ্বনাথ মন্দিৰ’ত সংস্থাপিত কৰা হৈছে। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা এনে বহু ঐতিহাসিক সম্পদ আজি ভাৰতলৈ ওভতাই অনা হৈছে।

৬৮. আমি সকলোৱে জানো যে ঐতিহাসিক সম্পদ আৰু পৰ্যটনৰ পৰস্পৰৰ মাজত গভীৰ সম্পৰ্ক আছে। সেয়ে, আজি এফালে যদি ভাৰতৰ আধ্যাত্মিক ঐতিহ্যসমূহক পুনৰাই জীৱন্ত কৰি তোলা হৈছে, আনফালে আকৌ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ বাবে আধুনিক সা-সুবিধা সম্বলিত আন্তঃগাঁথনিও বিকশিত কৰা হৈছে। মোৰ চৰকাৰৰ স্বদেশ দৰ্শন আৰু প্ৰসাদ যোজনাই এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

 

৬৯. গোৱাৰ ৬০ সংখ্যক মুক্তি দিৱসত ফোৰ্ট আগুআড়া জে’ল চৌহদত স্মাৰকৰ উদ্বোধন কৰা হৈছে। এয়া গোৱা মুক্তি সংগ্ৰামৰ সেনানীসকলৰ অবিস্মৰণীয় সংঘৰ্ষৰ স্মৃতিসৌধ।

 

 

সন্মানীয় সদস্যসকল,

 

৭০. স্বাধীনতাৰ অমৃতকালত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ আমি গ্ৰহণ কৰা সংকল্পৰ আধাৰত আজি গণতান্ত্ৰিক প্ৰমূল্যৰ সৈতে বিকাশৰ নতুন অধ্যয় লিখা হৈছে। যিসমূহ ৰাজ্য আৰু অঞ্চল উপেক্ষিত হৈ আছিল, আজি দেশে সেই সমূহ এলেকাৰ উন্নয়ণৰ বাবে বিশেষ প্ৰয়াস চলাই আছে।

৭১. জম্মু কাশ্মীৰ আৰু লাড্ডাখত বিকাশৰ নতুন যুগৰ আৰম্ভ হোৱাটো ইয়াৰ এক বৃহত্ উদাহৰণ। মোৰ চৰকাৰে জম্মু-কাশ্মীৰৰ ঔদ্যোগিক বিকাশৰ বাবে প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বিনিয়োগৰে নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। বিগত বৰ্ষত ‘কাজিগুণ্ড-বনিহাল সুৰংগ’কো যাতায়াতৰ বাবে মুকলি কৰা হৈছে। শ্ৰীনগৰৰ পৰা ছাৰজাহলৈ আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰাও আৰম্ভ কৰা হৈছে।

৭২. জম্মু-কাশ্মীৰৰ ৰাইজক শিক্ষা, স্বাস্থ্য আৰু কৰ্ম-সংস্থাপনৰ উন্নত সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত তাত ৭খন চিকিত্সা মহাবিদ্যালয়ৰ উপৰি দুখন ‘এইমছ’-ৰ কাম-কাজেও অগ্ৰগতি লাভ কৰিছে। ইয়াৰে এখন জম্মুত আৰু এখন কাশ্মীৰত স্থাপন কৰা হৈছে। ‘আইআইটি-জম্মু’ আৰু ‘আইআইএম-জম্মু’ৰ নিৰ্মাণ কাৰ্যও দ্ৰুত গতিত আগবাঢ়িছে।

৭৩. ‘লাড্ডাখ সংঘ ৰাজ্যক্ষেত্ৰ’ত  আন্তঃগাঁথনি আৰু আৰ্থিক বিকাশৰ গতি দ্ৰুত কৰি তোলাৰ বাবে ‘সিন্ধু আন্তঃগাঁথনি উন্নয়ণ নিগম’ স্থাপন কৰা হৈছে। লাড্ডাখৰ এই বিকাশ-যাত্ৰাত আৰু এটা গুৰুত্বপূৰ্ণ সংযোজন হৈছে ‘সিন্ধু কেন্দ্ৰীয় বিশ্ববিদ্যালয়’ৰে সংযোজিত হৈছে।

 

সন্মানীয় সদস্যসকল,

 

৭৪. মোৰ চৰকাৰ পূৰ্বত্তৰৰ সকলো ৰাজ্য : অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এইসমূহ ৰাজ্যত প্ৰতিটো স্তৰত বুনিয়াদী আৰু আৰ্থিক সম্ভাৱনাৰ বিকাশ সাধন কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰে’ল আৰু বিমানৰে সংযোগ স্থাপনৰ দৰে সুবিধাৰ সপোন এতিয়া পূৰ্বোত্তৰৰ ৰাইজৰ ক্ষেত্ৰত বাস্তৱায়িত হ’বলৈ ধৰিছে। এয়া দেশৰ বাবে গৌৰৱৰ বিষয় যে পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ সকলো ৰাজধানী মোৰ চৰকাৰৰ প্ৰয়াসৰ সুবাদত এতিয়া ৰে’ল-মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে।

৭৫. ইটানগৰৰ হোলোংগীত এটা নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে। অলপতে ত্ৰিপুৰাৰ ‘মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ’-ত এটা নতুন আৰু আধুনিক ‘টাৰ্মিনেল’ মুকলি কৰা হৈছে। পূৰ্বোত্তৰৰ এই বিকাশে ভাৰতৰ বিকাশ যাত্ৰাৰ এক সোণালী অধ্যায় হিচাপে পৰিগণিত হ’ব। কিছুদিন আগতে ২১ জানুৱাৰীত মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য গঠনৰ ৫০ বৰ্ষ পূৰ্ণ হৈছে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ পূৰ্ণ হোৱাৰ লগতে এই ৰাজ্যকেইখনৰ যাত্ৰাও আমি বিকাশৰ নতুন সংকল্পৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।

৭৬. পূৰ্বোত্তৰত শান্তি স্থাপন কৰাৰ বাবে মোৰ চৰকাৰৰ প্ৰয়াসে ঐতিহাসিক সাফল্য লাভ কৰিছে। এতিয়া কেইটামান মাহৰ আগতে মাত্ৰ কাৰ্বি-আংলংৰ দশক পুৰণা বিবাদ সমাপ্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি-সংগঠনসমূহৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। চৰকাৰৰ দ্বাৰা কৰা প্ৰয়াসৰ সুবাদত আজি দেশত নক্সাল প্ৰভাৱিত জিলাসমূহৰ সংখ্যাও ১২৬ৰ পৰা কমি ৭০খন হৈছেহি।

 

 

সন্মানীয় সদস্যসকল,

 

৭৭. মোৰ চৰকাৰে নাগৰিকসকলৰ প্ৰয়োজনীতাসমূহৰ প্ৰতি চৰকাৰী বিভাগসমূহক যিমান পাৰি সিমান দায়বদ্ধ কৰাৰ বাবে দৃঢ় সংকল্প গ্ৰহণ কৰিছে। বিলম্বিত গোচৰসমূহৰ মীমাংসা কৰাৰ বাবে তথা স্বচ্ছতাৰ বাবে ভাৰত চৰকাৰে প্ৰত্যেক মন্ত্ৰালয়ত বিশেষ অভিযান চলাই থকা হৈছে। ‘মিছন কৰ্মযোগী’, ‘চিভিল ছাৰ্ভেণ্ট’ৰ কেৰিয়াৰতো সহায়ক হ’ব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ নতুন দায়বদ্ধতাৰ বাবে তেওঁলোকক সাজু কৰিও তুলিব।

৭৮. ন্যায় প্ৰাপ্তিৰ ব্যৱস্থা সৰল আৰু সুগম কৰাৰ বাবেও দেশত বহুবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘টেলি ল প্ৰগ্ৰেম’ৰ মাধ্যমৰে শুনানীৰ আগতে পৰামৰ্শ দিয়াৰ বাবে মঞ্চও গঠন কৰা হৈছে। বিবাদ মীমাংসাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে মোৰ চৰকাৰে ৰাজ্যসভাত ‘মধ্যস্থতা বিধেয়ক, ২০২১’ উথ্থাপন কৰিছে।

 

 

সন্মানীয় সদস্যসকল,

 

৭৯. আজি দেশৰ অভিজ্ঞতা আৰু সফলতাসমূহ দেশৰ সামৰ্থ্য আৰু সম্ভাৱনাসমূহৰ সমানেই অসীম। এই অভিজ্ঞতা কোনো এক সংস্থা বা প্ৰতিষ্ঠানৰ কেৱল নহয়, বৰং দেশৰ কোটি কোটি নাগৰিকৰো হয়। ইয়াত কোটি কোটি দেশবাসীৰ শ্ৰম আৰু ঘাম বিজড়িত হৈ আছে। এই সকলো অভিজ্ঞতা আমাৰ মহতাকাংক্ষী লক্ষ্যৰ দীঘলীয়া যাত্ৰাত এফালৰ পৰা মাইলৰ খুটি আৰু আগবাঢ়ি য়োৱাৰ ক্ষেত্ৰত আমাৰ প্ৰেৰণাও হয়।

৮০. ২০৪৭ চনত দেশে স্বাধীনতাৰ শতাব্দী সম্পূৰ্ণ কৰিব। সেই সময়ৰ বৈভৱশালী, আধুনিক আৰু বিকশিত ভাৰতৰ বাবে আমি আজি কঠোৰ শ্ৰম কৰিব লাগিব। আমি নিজৰ পৰিশ্ৰমক পৰাকাষ্ঠা পৰ্যন্ত লৈ যাব লাগিব আৰু এয়া সুনিশ্চিত কৰিব লাগিব যে অন্ততঃ ইয়াৰ লাভদায়ক ফল লাভ কৰিব পৰা যায়। ইয়াত আমাৰ সকলোৰে অংশীদাৰিত্ব থাকিব আৰু সমান অংশীদাৰিত্ব থাকিব।

৮১. ক’ৰোনা কালত আপোনালোক সকলো সাংসদে যেনে দৰে নিজৰ দায়িত্ব পালন কৰিছে, আৰু সকলো সতৰ্কতামূলক বিধি-ব্যৱস্থা পালন কৰি দুয়োখন সদন সঞ্চালিত কৰিছে, মই তাৰ বাবে আপোনালোক আটাইকে প্ৰশংসা কৰিছো। আপোনালোক সকলো সাংসদ, কোটি কোটি দেশবাসীৰ আশা-আকাংক্ষাৰ সাৰথি। এই ভাৱনাৰেই আমি আগলৈকো কাম কৰি থাকিব লাগিব।

৮২. মোৰ বিশ্বাস আছে আমি সকলো মিলি আমাৰ মহান ভাৰতবৰ্ষক গৌৰৱৰ শিখৰ পৰ্যন্ত লৈ যাম। এই আশাৰেই আপোনালোক আটাইকে আকৌ এবাৰ অভিনন্দন জনাইচো। আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!

 

জয় হিন্দ!

***

 

DS/BM/KG/KB



(Release ID: 1798237) Visitor Counter : 310