প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দক্ষিণ এছিয়াৰ সৰ্বাধিক ৰামসাৰ অঞ্চল ভাৰতত থকাৰ বাবে সন্তোষ প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে
Posted On:
03 FEB 2022 10:30PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ খিজাদিয়া অভয়াৰণ্য আৰু উত্তৰপ্রদেশৰ বাখিৰা অভয়াৰণ্য ৰামসাৰ তালিকাভুক্ত হোৱাৰ বাবে সন্তোষ প্রকাশ কৰে৷
কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রী শ্রী ভূপেন্দ্র যাদৱৰ এক ট্যুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়,
“বহুত ভাল খবৰ৷
দক্ষিণ এছিয়াৰ সৰ্বাধিক ৰামসাৰ অঞ্চল ভাৰতত আছে। ইয়াৰ জৰিয়তে জৈৱ-বৈচিত্রক ৰক্ষা কৰা আৰু প্রকৃতিৰ সৈতে সম্প্রীতি বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ নাগৰিকসকলৰ প্ৰতিশ্ৰুতিকে প্রতিফলিত হৈছে।”
***
DS/AK/DB
(Release ID: 1796068)
Visitor Counter : 169
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam