বিত্ত মন্ত্ৰালয়
স্বাধীনতাৰ ৭৫তম বৰ্ষৰ বাজেটত স্বাধীনতাৰ শততম বৰ্ষৰ বাবে উন্নয়নৰ ভেটি গঢ়ি তুলিবলৈ অগ্ৰাধিকাৰ
আগন্তুক ২৫ বছৰত সামগ্ৰিক অৰ্থনীতি আৰু প্ৰযুক্তি নিৰ্ভৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ
চাৰিটা অগ্ৰাধিকাৰৰ সৈতে ভৱিষ্যতমুখী আৰু সামগ্ৰিক বাজেট
চলিত বৰ্ষত আৰ্থিক বিকাশৰ আনুমানিক হাৰ ৯.২ শতাংশ, যি সকলো অৰ্থনীতিৰ ভিতৰত সৰ্বাধিক
প্ৰধানমন্ত্ৰী গতিশক্তিয়ে বৃহৎ ৰাজহুৱা বিনিয়োগৰ নিৰ্দেশনা দিব
শক্তিশালী বিকাশৰ দিশত সবকা প্ৰয়াস
পোষ্ট কৰা হৈছে:
01 FEB 2022 12:54PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উথ্থাপন কৰি কয়, ‘দেশে আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছ। আমি অমৃত কালত প্ৰৱেশ কৰিছোঁ।’ পৰৱৰ্তী ২৫ বছৰত দেশ স্বাধীনতাৰ শততম বৰ্ষৰ দিশে আগুৱাই যাব। পৰৱৰ্তী ২৫ বছৰৰ বাবে দেশৰ অৰ্থনৈতিক ভেটি গঢ়ি তুলিবলৈ এই বাজেটত বিশেষ পৰিকল্পনা কৰা হৈছে।
অমৃত কালৰ পৰিকল্পনাঃ
মন্ত্ৰীগৰাকীয়ে কয় যে বৃহত্তৰ আৰু ক্ষুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰা, দেশৰ ডিজিটেল অৰ্থনীতিক উৎসাহ যোগোৱা, আৰ্থিক প্ৰযুক্তি, প্ৰযুক্তি নিৰ্ভৰ উন্নয়ন, শক্তি ব্যৱহাৰত পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাৰ সমাধান, বেচৰকাৰী বিনিয়োগত উৎসাহ যোগোৱাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলা হ’ব। অহা ২৫ বছৰত এই বিষয়সমূহত গুৰুত্ব প্ৰদান কৰা হব। মন্ত্ৰীগৰাকীয়ে কয়, পিএম গতিশক্তি, সৰ্বাংগীন উন্নয়ন, উত্পাদনশীলতা বৃদ্ধি আৰু বিনিয়োগ, নতুন নতুন সম্ভাৱনা গঢ়ি তোলাৰ ওপৰত এইবাৰৰ বাজোটত গুৰুত্ব দিয়া হৈছে।
বিকাশৰ বাবে বাজেটঃ
চলিত বৰ্ষত আৰ্থিক বিকাশৰ হাৰ আনুমানিক ৯.২% হ’ব বুলি ধাৰণা কৰা হৈছে। সকলো বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতৰ বিকাশ সৰ্বাধিক হোৱাৰ কথা উল্লেখ কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যতৰ কথা বিবেচনা কৰি এই বাজেটত উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ সুফল যাতে আমাৰ যুৱ প্ৰজন্ম, মহিলা, কৃষক, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকলে লাভ কৰে সেয়া নিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰী গতিশক্তিয়ে আধুনিক আন্তঃগাঁথনিৰ বাবে ‘বৃহৎ ৰাজহুৱা বিনিয়োগ’ক মাল্টি-মডেল পদ্ধতিৰ সমন্বয়ৰ দ্বাৰা লাভান্বিত হ’বলৈ নিৰ্দেশনা দিব। তেওঁ আৰু কয় যে ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ হ’ব।
টিকাকৰণ অভিযানৰ গতিঃ
মন্ত্ৰীগৰাকীয়ে কয় যে টিকাকৰণ অভিযান যি গতিত চলিছে আৰু বিগত ২ বছৰত স্বাস্থ্য আন্তঃগাঁথনিৰ দ্ৰুত বিকাশৰ বাবে যি উদ্যোগ গ্ৰহণ কৰা হৈছে সেয়াই আমাক আগন্তুক দিনত যিকোনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিছে। তেওঁ লগতে কয় যে আমি অমিক্ৰন ঢৌৰ মাজত আছোঁ আৰু সংক্ৰমণ যথেষ্ট হৈছে যদিও লক্ষণ কিন্তু মৃদু। তেওঁ দৃঢ়তাৰে কয় যে ‘সবকা প্ৰয়াস’ ভাৱনাই ভাৰতৰ শক্তিশালী বিকাশৰ যাত্ৰা অব্যাহত ৰখাত সহায় কৰিব। দেশৰ দৰিদ্ৰ লোকসকলে যাতে সকলো চৰকাৰী আঁচনিৰ সুযোগৰ সদব্যৱহাৰ কৰিব পাৰে আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰয়োজনীয় সুযোগ-সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ এইবাৰৰ বাজেটত গুৰুত্ব প্ৰদান কৰা হোৱা বুলি তেওঁ উল্লেখ কৰে।
***
RM/BB/BY/BD/KG
(ৰিলিজ আই ডি : 1795279)
অতিথি কক্ষ : 351
ত এই ৰিলিজটো পঢ়ক:
English
,
Kannada
,
Bengali
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Tamil
,
Telugu
,
Malayalam