প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩০সংখ্যক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্রতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে


“দেশৰ সকলো মহিলা আয়োগৰো পৰিধি সম্প্ৰসাৰণ আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে এক নতুন দিক নির্দেশ কৰিব লাগিব”

“আত্মনির্ভৰ ভাৰত অভিযানত দেশৰ উন্নয়নৰ লগতে মহিলাসকলৰ সক্ষমতাক যুক্ত কৰা হৈছে”

“৬০ হাজাৰতকৈ অধিক ষ্টার্টআপ প্রতিষ্ঠিত হৈছে, যাৰ ৪৫ শতাংশই মহিলাৰ দ্বাৰা পৰিচালিত”

“২০১৫ চনৰ পৰা ১৮৫গৰাকী মহিলাই পদ্ম সন্মানেৰে সন্মানীত কৰা হৈছে৷ এই বছৰো বিভিন্ন বিভাগত পুৰস্কাৰ প্রাপকসকলৰ মাজত ৩৪গৰাকী মহিলাই স্থান পাইছে”

“বৰ্তমান ভাৰত সেই দেশসমূহৰ মাজত স্থান লাভ কৰিছে, য’ত সর্বাধিক মাতৃত্বকালীন ছুটীৰ ব্যৱস্থা আছে”

“যেতিয়াই কোনো চৰকাৰে মহিলাৰ নিৰাপত্তাক অগ্রাধিকাৰ নিদিয়ে, তেতিয়াই মহিলাসকলে তেওঁলোকক ক্ষমতাছ্যুত কৰে”

Posted On: 31 JAN 2022 5:50PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ৩০সংখ্যক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্রতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই অনুষ্ঠানৰ বিষয়বস্তু আছিল ‘তেৱেঁই পৰিৱৰ্তনকামী’ (ছী দ্য চেঞ্জ মেকাৰ)। বিভিন্ন ক্ষেত্রত মহিলাসকলৰ সাফল্য অর্জনৰ লক্ষ্যৰে এই দিনটো উদযাপন কৰা হয়৷ অনুষ্ঠানত বিভিন্ন ৰাজ্যিক মহিলা আয়োগ, ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ প্রতিনিধি, একাধিক কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্রী, স্বেচ্ছাসেৱী সংস্থা আৰু মহিলা উদ্যোগী আৰু ব্যৱসায়ী সমিতিৰ প্রতিনিধি উপস্থিত থাকে৷ কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী শ্রীমতী স্মৃতি জুবিন ইৰানি, ৰাজ্যিক মন্ত্রী ডাঃ মুঞ্জপাৰা মহেন্দ্রভাই কালুভাই আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শর্মা উপস্থিত থাকে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ৩০সংখ্যক প্রতিষ্ঠা দিৱসত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয়, “৩০ বছৰৰ মাইলৰখুঁটি অতিক্ৰম কৰা ব্যক্তিৰ জীৱনেই হওক বা প্রতিষ্ঠানৰ ক্ষেত্রতে সেয়া অতি গুৰুত্বপূর্ণ। এই সময় নতুন দায়িত্ব লোৱাৰ আৰু নতুন শক্তি লৈ আগুৱাই যোৱাৰ”।

প্রধানমন্ত্রীয়ে কয় যে বৰ্তমান পৰিৱর্তনশীল ভাৰতত নাৰীৰ ভূমিকা ক্রমান্বয়ে প্রসাৰিত হৈছে৷ সেয়েহে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ভূমিকাৰ সম্প্রসাৰণ কৰাটো এতিয়া প্রয়োজন বুলিও তেওঁ উল্লেখ কৰে৷ প্রধানমন্ত্রীয়ে কয় যে দেশৰ সকলো মহিলা আয়োগৰো পৰিধি সম্প্ৰসাৰণ আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে এক নতুন দিক নির্দেশ কৰিব লাগিব৷

শ্রী মোদীয়ে উল্লেখ কৰে যে কেইবা শতিকা ধৰি ভাৰত স্থানীয় ক্ষুদ্র উদ্যোগ এমএমএমই ক্ষেত্রত অন্যতম শক্তি হৈ উঠিছে। এই উদ্যোগ ক্ষেত্রত নাৰীৰ ভূমিকা পুৰুষৰ সমান। প্রধানমন্ত্রীয়ে কয় যে পুৰণি চিন্তাধাৰাই নাৰীসকলৰ দক্ষতাক গৃহকর্মতে সীমাৱদ্ধ কৰি ৰাখিছিল। কিন্তু দেশৰ অর্থনীতিক আগুৱাই নিবলৈ পুৰণি এই চিন্তাধাৰাৰ পৰিৱর্তন কৰাটো প্রয়োজন। মেক ইন ইণ্ডিয়া আঁচনিয়ে বৰ্তমান এইটো কৰি দেখুৱাইছে। আত্মনির্ভৰ ভাৰত অভিযানত দেশৰ উন্নয়নৰ লগতে মহিলাসকলৰ সক্ষমতাক যুক্ত কৰিছে বুলিও তেওঁ অৱগত কৰে৷ প্রধানমন্ত্রীয়ে কয় যে মুদ্রা যোজনাৰ প্রায় ৭০ শতাংশ হিতাধিকাৰীয়েই মহিলা। বিগত ৬-৭ বছৰত দেশত মহিলা আত্মনিৰ্ভৰ গোটৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। একেদৰে ৬০ হাজাৰতকৈ অধিক ষ্টার্টআপ প্রতিষ্ঠিত হৈছে, যাৰ ৪৫ শতাংশই মহিলাৰ দ্বাৰা পৰিচালিত।

প্রধানমন্ত্রীয়ে কয় যে, নতুন ভাৰতৰ বিকাশৰ ক্ষেত্রত নাৰীসকলৰ অংশগ্রহণ নিৰন্তৰ বৃদ্ধি পাইছে। মহিলা আয়োগসমূহক সমাজৰ উদ্যোক্তা হিচাপে মহিলাসকলৰ এই ভূমিকাৰ বিষয়ে প্রচাৰ আৰু সর্বাধিক স্বীকৃতি দিয়াৰ বাবে কাম কৰি যোৱা উচিত। শ্রী মোদীয়ে কয় যে ২০১৫ চনৰ পৰা ১৮৫গৰাকী মহিলাই পদ্ম সন্মানেৰে সন্মানীত কৰা হৈছে৷ এই বছৰো বিভিন্ন বিভাগত পুৰস্কাৰ প্রাপকসকলৰ মাজত ৩৪গৰাকী মহিলাই স্থান পাইছে৷ এয়া এক অভিলেখ৷ মহিলাসকলে ইমান পুৰস্কাৰ লাভৰ ঘটনা নজিৰবিহীন বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত সাত বছৰত দেশৰ একাধিক নীতি ক্ষেত্রত মহিলাৰ প্রতি আৰু সংবেদনশীল মনোভাৱ প্রদর্শিত হৈছে। বৰ্তমান ভাৰত সেই দেশসমূহৰ মাজত স্থান লাভ কৰিছে, য’ত সর্বাধিক মাতৃত্বকালীন ছুটীৰ ব্যৱস্থা আছে। কম বয়সত বিবাহে যাতে কন্যাসকলৰ শিক্ষা আৰু কর্মজীৱনত প্রৱেশত বাধা হৈ নুঠে, সেয়েহে কন্যাসকলৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰা হৈছে৷

প্রধানমন্ত্রীয়ে গ্রামীণ মহিলাসকলৰ সবলীকৰণত ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে এই ক্ষেত্রত ৯ কোটি পৰিয়ালৰ ৰন্ধন গেছ সংযোগ আৰু শৌচালয় নিৰ্মাণ কৰাৰ দৰে পদক্ষেপ লোৱা হৈছে। ঘৰৰ মহিলাসকলৰ নামত পিএম আবাস যোজনাত পকী ঘৰ নির্মাণ, গর্ভাৱস্থাত সাহাৰ্য প্ৰদান, জন ধন একাউণ্টৰ দৰে পদক্ষেপে দেশৰ মহিলাসকলৰ সবলীকৰণ কৰিছে।

প্রধানমন্ত্রীয়ে কয় যে মহিলাসকলে যেতিয়া কোনো সংকল্প গ্রহণ কৰে, তেতিয়া তেওঁলোকে সেই নির্দেশনা নির্ধাৰণ কৰে৷ সেইবাবে যেতিয়াই কোনো চৰকাৰে মহিলাৰ নিৰাপত্তাক অগ্রাধিকাৰ নিদিয়ে, তেতিয়াই মহিলাসকলে তেওঁলোকক ক্ষমতাছ্যুত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে মহিলাসকলৰ বিৰুদ্ধে অপৰাধৰ বাবে শূন্য সহনশীলনতা নীতিক লৈ কাম কৰিছে। ধর্ষণৰ দৰে জঘন্য গোচৰত মৃত্যুদণ্ডকে ধৰি কঠোৰ আইন কার্যকৰী কৰা হৈছে। ফাষ্ট ট্ৰেকক আদালত, থানাত আৰু অধিক মহিলা হেল্প ডেস্ক, ২৪ ঘণ্টীয়া হেল্পলাইন, চাইবাৰ অপৰাধ মোকাবিলা কৰাত পোৰ্টেলৰ দৰে পদক্ষেপ লোৱা হৈছে বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে।

***

DS/AK/DB



(Release ID: 1794597) Visitor Counter : 171