প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-মধ্য এছিয়া সন্মিলনৰ প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী ভাষণ

Posted On: 27 JAN 2022 6:31PM by PIB Guwahati

মাননীয়  অভ্যাগতবৃন্দ,

প্ৰথম ভাৰত-মধ্য এছিয়া সন্মিলনলৈ স্বাগতম।

ভাৰত আৰু মধ্য এছিয়াৰ মাজত কূটনৈতিক সম্পৰ্কে ৩০ টা অৰ্থপূৰ্ণ বছৰ সম্পূৰ্ণ কৰিছে।

আমাৰ সহযোগিতাই যোৱা তিনি টা দশকত বহুতো সফলতা অৰ্জন কৰিছে।

আৰু এতিয়া, এই গুৰুত্বপূৰ্ণ সময়ত, আমি আগন্তুক বছৰবোৰৰ বাবেও এক উচ্চাভিলাষী দৃষ্টিভংগী নিৰ্ধাৰণ কৰিব লাগিব।

পৰিৱৰ্তনশীল পৃথিৱীত আমাৰ জনসাধাৰণ, বিশেষকৈ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰা এক দৃষ্টিভংগী।

সন্মানীয় অতিথিবৃন্দ,

দ্বিপাক্ষিক পৰ্যায়ত, মধ্য এছিয়াৰ সকলো দেশৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক আছে।

সন্মানীয় অতিথিবৃন্দ,

কাজাখস্তান ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে। কাজাখস্তানত শেহতীয়াকৈ প্ৰাণ আৰু সম্পত্তি হেৰুওৱাৰ বাবে মই সমবেদনা জ্ঞাপন কৰিছো।

আমাৰ ৰাজ্য চৰকাৰসমূহো উজবেকিস্তানৰ সৈতে আমাৰ বৰ্ধিত সহযোগিতাৰ সক্ৰিয় অংশীদাৰ। এইবোৰৰ ভিতৰত আছে মোৰ গৃহ ৰাজ্য গুজৰাট।

শিক্ষা আৰু উচ্চ উচ্চতাৰ গৱেষণাৰ ক্ষেত্ৰত কীৰগিস্তানৰ সৈতে আমাৰ এক সক্ৰিয় অংশীদাৰীত্ব আছে। হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীয়ে তাত অধ্যয়ন কৰি আছে।

নিৰাপত্তাৰ ক্ষেত্ৰত তাজিকিস্তানৰ সৈতে আমাৰ পুৰণি সহযোগিতা আছে। আৰু, আমি ইয়াক ধাৰাবাহিকভাৱে শক্তিশালী কৰি আছো।

তুৰ্কমেনিস্তান হৈছে আঞ্চলিক সংযোগৰ ক্ষেত্ৰত ভাৰতীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশ, যিটো আশ্গাবাত চুক্তিত আমাৰ অংশগ্ৰহণৰ পৰা স্পষ্ট হৈ পৰিছে।

সন্মানীয় অতিথিবৃন্দ,

আঞ্চলিক সুৰক্ষাৰ বাবে আমাৰ সকলোৰে একেই উদ্বেগ আৰু উদ্দেশ্য আছে। আমি সকলোৱে আফগানিস্তানৰ উন্নয়নৰ বিষয়ে চিন্তিত।

এই সন্দৰ্ভতো আঞ্চলিক নিৰাপত্তা আৰু স্থিৰতাৰ বাবে আমাৰ পাৰস্পৰিক সহযোগিতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

সন্মানীয় অতিথিবৃন্দ,

আজিৰ সন্মিলনৰ তিনিটা মুখ্য উদ্দেশ্য আছে।

প্ৰথমতে, ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতা আঞ্চলিক সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে অপৰিহাৰ্য বুলি স্পষ্ট কৰা।

ভাৰতৰ হৈ মই স্পষ্ট কৰি দিব বিচাৰো যে মধ্য এছিয়া হৈছে এক একত্ৰিত আৰু স্থিৰ সম্প্ৰসাৰিত চুবুৰীয়া অঞ্চলৰ ভাৰতৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু।

দ্বিতীয় উদ্দেশ্যটো হ'ল আমাৰ সহযোগিতাক এক কাৰ্যকৰী গাঁথনি প্ৰদান কৰা।

ই বিভিন্ন স্তৰত আৰু বিভিন্ন অংশীদাৰসকলৰ মাজত নিয়মীয়া বাৰ্তালাপৰ এক পৰিকাঠামো স্থাপন কৰিব।

আৰু, তৃতীয় উদ্দেশ্য হৈছে আমাৰ সহযোগিতাৰ বাবে এক উচ্চাভিলাষী ৰোডমেপ সৃষ্টি কৰা।

ইয়াৰ জৰিয়তে আমি অহা ৩০ বছৰত আঞ্চলিক সংযোগ আৰু সহযোগিতাৰ বাবে এক সংহত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ সক্ষম হ'ম।

সন্মানীয় অতিথিবৃন্দ,

ভাৰত-মধ্য এছিয়া সন্মিলনৰ প্ৰথম খন বৈঠকলৈ মই আকৌ এবাৰ উষ্ম আদৰণি জনাইছো।

 

***

DS/SKS/RD



(Release ID: 1793725) Visitor Counter : 125