প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যুটীয়া ভাবে প্ৰকল্পৰ উদ্বোধন আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱীন্দ কুমাৰ জগন্নাথে
प्रविष्टि तिथि:
19 JAN 2022 8:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱীন্দ কুমাৰ জগন্নাথে অহা ২০জানুৱাৰী ২০২২২ৰ আবেলি ৪.৩০বজাত ভাৰতৰ সহযোগিতাৰে মৰিচাছত নিৰ্মিত সামাজিক গৃহনিৰ্মাণ প্ৰকল্প ভাৰ্চুৱেল মাধ্যমৰে যুটীয়া ভাবে উন্মোচন কৰিব। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে, দেশখনত স্থাপন কৰা এখন অসামৰিক সেৱা মহাবিদ্যালয় আৰু এটা ৮মেগাৱাট উত্পাদনক্ষম ‘ছ’লাৰ পিভি ফাৰ্ম প্ৰকল্প’ও আনুষ্ঠানিক ভাবে মুকলি কৰিব। এইটো প্ৰকল্পও ভাৰতৰ সহযোগিতাৰে স্থাপন কৰা হৈছে।
ইফালে, মৰিচাছত স্থাপন কৰিবলগীয়া ‘মেট্ৰো এক্সপ্ৰেছ প্ৰকল্প’ৰ লগতে এলানি আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভাৰতে আগবঢ়াব খোজা ১৯০ মিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থসাহায্য সম্পৰ্কীয় এক চুক্তি আৰু এলানি ক্ষুদ্ৰ বিকাশমূলক প্ৰকল্প স্থাপন সন্দৰ্ভত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত কৰা হ’ব।
***
DS/VJ/AK/KB
(रिलीज़ आईडी: 1791378)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam