প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিহাৰৰ এক কাৰখানাত বয়লাৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


ক্ষতিগ্ৰস্তসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰীৰ

Posted On: 26 DEC 2021 9:52PM by PIB Guwahati

বিহাৰৰ মুজাফ্ফৰপুৰৰ এক কাৰখানাত বয়লাৰ বিস্ফোৰণত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘বিহাৰৰ মুজাফ্ফৰপুৰৰ এক কাৰখানাত সংঘটিত ঘটনা অতি বেদনাদায়ক। শোকসন্তপ্ত পৰিয়াললৈ মই গভীৰ সমবেদনা জনাইছোঁ। লগতে আহতসকল শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।’

 

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মুজাফ্ফৰপুৰৰ এক কাৰখানাত বয়লাৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য প্ৰদানত অনুমতি প্ৰদান কৰিছে।

 

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক টুইটযোগে উল্লেখ কৰেঃ

‘প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মুজাফ্ফৰপুৰৰ এক কাৰখানাত বয়লাৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক প্ৰত্যেককে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানত অনুমতি প্ৰদান কৰিছে। দুৰ্ঘটনাত আহত সকলক ৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।’

 

***

VRRK/SH/K



(Release ID: 1791151) Visitor Counter : 106