প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 14 JAN 2022 9:18AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এলানি টুইটযোগে আজি মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উপলক্ষে দেশবাসীক শুভেচ্ছা জনায়৷

প্রধানমন্ত্রীয়ে কয়, "সমগ্র ভাৰতত আজি আমি বিভিন্ন উৎসৱক চিহ্নিত কৰিছো, যি ভাৰতৰ প্রাণৱন্ত সাংস্কৃতিক বৈচিত্রক প্ৰতিফলিত কৰে। এই উৎসৱ উপলক্ষে সকলোকে মই শুভেচ্ছা জনাইছো।

 

মকৰ সংক্রান্তিৰ শুভেচ্ছা জনালো।

https://t.co/4ittq5QTsr.

 

অপূর্ব উত্তৰায়ন উৎসৱ।

https://t.co/hHcMBzBjZP

 

ভোগী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। এই বিশেষ উৎসৱে আমাৰ সমাজত আনন্দৰ চেতনাক সমৃদ্ধ কৰক। মই আমাৰ সকলো নাগৰিকৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰিছো।

https://t.co/plBUW3psnB

 

সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো। এই উৎসৱে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, তাৰবাবে প্রার্থনা জনালো৷

https://t.co/mEiRGpHweZ

 

পোংগলক তামিলনাড়ুৰ এক প্রাণৱন্ত সংস্কৃতিৰ সমার্থক বুলিব পাৰিব৷ এই বিশেষ উৎসৱ উপলক্ষে সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত থকা সকলোকে, বিশেষকৈ তামিল জনগণক মোৰ শুভেচ্ছা জনাইছো। প্রকৃতিৰ সৈতে আমাৰ বন্ধন আৰু আমাৰ সমাজৰ ভাতৃত্বৰ চেতনা যেন আৰু অধিক সুদৃঢ় হয়, তাৰবাবে প্ৰাৰ্থনা কৰিলো।

https://t.co/FjZqzzsLhr"

***

DS/SH/DB


(रिलीज़ आईडी: 1790110) आगंतुक पटल : 280
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam