প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ কচ্ছত গুৰুদ্বাৰা লখপত চাহিবত গুৰুপূৰৱ উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 25 DEC 2021 2:52PM by PIB Guwahati

ৱাহে গুৰু জী কা খালসা, ৱাহে গুৰু জী কী ফতেহ!!!

 

গুৰুপূৰৱৰ এই পৱিত্ৰ কাৰ্যক্ৰমত আমাৰ সৈতে থকা গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল জী, গুজৰাট বিধানসভাৰ স্পীকাৰ ভগ্নী নীমা আচাৰ্য জী, ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ শ্ৰীমান ইকবাল সিংহ জী, সাংসদ শ্ৰী বিনোদ ভাই চাৱড়া জী, লখপত গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ প্ৰেচিডেণ্ট ৰাজুভাই, শ্ৰী জগতাৰ সিংহ গিল জী, তাত উপস্থিত অন্য সকলো মহানুভৱ, সকলো জনপ্ৰতিনিধিগণ আৰু সকলো শ্ৰদ্ধালু বন্ধুসকল! আপোনালোক সকলোকে গুৰুপূৰৱৰ আন্তৰিক শুভকামনা

 

মোৰ সৌভাগ্য যে আজিৰ এই পৱিত্ৰ দিনত মই লখপত চাহিবৰ পৰা আশীৰ্বাদ লোৱাৰ সুযোগ পাইছো মই এই কৃপাৰ বাবে গুৰু নানক দেৱ জী আৰু সকলো গুৰুৰ চৰণত প্ৰণিপাত জনাইছো

 

বন্ধুসকল,

 

গুৰুদ্বাৰা লখপত চাহিব, সময়ৰ প্ৰতিটো গতিৰ সাক্ষী আছিল আজি যেতিয়া মই এই পৱিত্ৰ স্থানৰ সৈতে সংযুক্ত হৈছো, সেই সময়ত মোৰ মনত পৰিছে যে অতীতত লখপত চাহিবে কেনেকুৱা সংকুলতা দেখা পাইছিল এসময়ত এই স্থান অন্য দেশলৈ যাবলৈ, বেপাৰৰ বাবে এক প্ৰধান কেন্দ্ৰ আছিল সেয়ে গুৰু নানক দেৱ জীৰ পাগুৰি ইয়াত পৰিছিল চতুৰ্থ উদাসীৰ সময়ত গুৰু নানক দেৱ জী কিছু দিনৰ বাবে ইয়াত আছিল কিন্তু সময়ৰ লগে লগে এই চহৰ নিমাওমাও হৈ ' সমুদ্ৰই ইয়াক এৰি থৈ গুচি ' সিন্ধু নদীয়েও নিজৰ মুখ ঘূৰালে ১৯৯৮ৰ সামুদ্ৰিক ধুমুহাত এই ঠাইৰ, গুৰুদ্বাৰা লখপত চাহিবৰ যথেষ্ট ক্ষতি হয় আৰু ২০০১ৰ ভূমিকম্পক কোনে পাহৰিব পাৰে? গুৰুদ্বাৰা চাহিবৰ ২০০ বছৰৰ পুৰণি অট্টালিকাৰ বিস্তৰ ক্ষতি সাধন কৰিছিল কিন্তু তথাপিও, আজি আমাৰ গুৰুদ্বাৰা চাহিব তেনেকৈয়ে গৌৰৱেৰে থিয় হৈ আছে

 

মোৰ তো বহুত আপুৰুগীয়া স্মৃতি এই গুৰুদ্বাৰৰ সৈতে জড়িত ২০০১ৰ ভূমিকম্পৰ পিছত মোৰ গুৰু কৃপাত এই পৱিত্ৰ স্থানৰ সেৱা কৰাৰ সৌভাগ্য হৈছিল  মোৰ মনত আছে, তেতিয়া দেশৰ বেলেগ বেলেগ অংশৰ পৰা অহা শিল্পীসকলে, কাৰিকৰসকলে  এই স্থানৰ মৌলিক গৌৰৱৰ সংৰক্ষণ কৰে প্ৰাচীন লেখন শৈলীৰে ইয়াৰ দেৱালত গুৰুৱাণী অংকিত কৰা হয় এই প্ৰকল্পক তেতিয়াই ইউনেস্কোৱে সন্মানিতও কৰিছিল

 

বন্ধুসকল,

 

গুজৰাটৰ পৰা ইয়ালৈ দিল্লীলৈ অহাৰ পাছতো মই নিৰন্তৰ নিজৰ গুৰুসকলৰ সেৱাৰ সুযোগ লাভ কৰি আছো ২০১৬-১৭, গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ উৎসৱৰ ৩৫০ বৰ্ষৰ পূণ্য বৰ্ষ আছিল আমি দেশ-বিদেশত ইয়াক সম্পূৰ্ণ শ্ৰদ্ধাসহকাৰে পালন কৰো  ২০১৯ত গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্বৰ ৫৫০ বছৰ সম্পূৰ্ণ হোৱাত ভাৰত চৰকাৰ সম্পূৰ্ণ উৎসাহেৰে ইয়াৰ আয়োজনত লাগে গুৰু নানক দেৱ জীৰ বাৰ্তা সমগ্ৰ পৃথিৱীত নতুন শক্তিৰে বিয়পে, ইয়াৰ বাবে সকলো স্তৰত প্ৰয়াস কৰা হয় দশক দশক ধৰি যি কৰতাৰপুৰ চাহিব কৰিডৰৰ প্ৰতীক্ষা আছিল, ২০১৯ত আমাৰ চৰকাৰেই তাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে আৰু এতিয়া ২০২১ত আমি গুৰু তেগ বাহাদুৰ জীৰ প্ৰকাশ উৎসৱৰ ৪০০ বছৰ পালন কৰি আছো

 

আপোনালোকে নিশ্চয় দেখিছে, অলপতে আমি আফগানিস্তানৰ পৰা সসন্মানে গুৰু গ্ৰন্থ চাহিবৰ স্বৰূপ ভাৰতলৈ অনাত সফল হৈছো গুৰু কৃপাৰ ইয়াতকৈ ডাঙৰ অনুভৱ কাৰোবাৰ বাবে আৰু কি ' পাৰে? কেইমাহমানৰ আগতে যেতিয়া মই আমেৰিকালৈ গৈছিলো, তেতিয়া তাত আমেৰিকাই ভাৰতক ১৫০তকৈ অধিক, যি ভাৰতৰ ঐতিহাসিক সম্পদ আছিল, যাক কোনোবাই চুৰ কৰি নিছিল, সেই ১৫০তকৈ অধিক ঐতিহাসিক বস্তু আমি ওভতাই অনাত সফল হওঁ ইয়াৰ ভিতৰত এখন পেশকব্জ অৰ্থাৎ সৰু তৰোৱালো আছে, ' ফাৰচীত গুৰু হৰগোবিন্দ সিংহ জীৰ নাম লিখা আছে অৰ্থাৎ ইয়াক ওভতাই অনাৰ সৌভাগ্যও আমাৰ চৰকাৰে লাভ কৰিলে

 

মোৰ মনত আছে যে জামনগৰত, দুবছৰ আগতে যি ৭০০ বেডৰ আধুনিক হাস্পতাল নিৰ্মাণ কৰা হৈছে, সেয়াও গুৰু গোবিন্দ সিংহ জীৰ নামত আছে আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভায়ে ইয়াৰ বিস্তাৰিতভাৱে বৰ্ণনাও কৰি আছিল এনেয়েও গুজৰাটৰ বাবে সদায়েই গৌৰৱৰ কথা যে খালসা পন্থৰ স্থাপনত বিশেষ ভূমিকা পালন কৰাত পঞ্জ প্যাৰৰ ভিতৰৰ চতুৰ্থ গুৰসিখ, ভাই মোকহম সিংহ জী গুজৰাটৰে আছিল দেৱভূমি দ্বাৰকাত তেওঁৰ স্মৃতিত গুৰুদ্বাৰা বেট দ্বাৰকা ভাই মোকহম সিংহৰ নিৰ্মাণ হৈছে মোক কোৱা হৈছে যে গুজৰাট চৰকাৰে লখপত চাহিব গুৰুদ্বাৰা আৰু গুৰুদ্বাৰা বেট দ্বাৰকাৰ বিকাশ কাৰ্যত বৃদ্ধিৰ ক্ষেত্ৰতো সম্পূৰ্ণ সহযোগ কৰি আছে, আৰ্থিক সহযোগো কৰি আছে

 

বন্ধুসকল,

 

গুৰু নানক দেৱ জীয়ে নিজৰ শব্দত কৈছে-

 

গুৰ পৰসাদি ৰতনু হৰি লাভৈ,

 

মিটে অগিআন হোই উজিআৰা।।

 

অৰ্থাৎ, গুৰুৰ প্ৰসাদৰ পৰাই হৰি-লাভ হয়, অৰ্থাৎ ঈশ্বৰৰ প্ৰাপ্তি হয়, আৰু অহংকাৰ নাশ হৈ প্ৰকাশ বিয়পে আমাৰ শিখ গুৰুসকলে ভাৰতীয় সমাজক সদায় এই প্ৰকাশেৰে পূৰ্ণ কৰাৰ কাম কৰিছে আপোনালোকে কল্পনা কৰক, যেতিয়া আমাৰ দেশত গুৰু নানক দেৱ জীয়ে অৱতাৰ লৈছিল, ভীষণ বিড়ম্বনা আৰু জটিলতাৰে যুঁজি সমাজৰ সেই সময়ত স্থিতি কি আছিল? বাহিৰৰ আক্ৰমণ আৰু অত্যাচাৰে সেই সময়ত ভাৰতৰ মনোবল ভাঙি দিছিল যি ভাৰতে বিশ্বৰ ভৌতিক আৰু আধ্যাত্মিক মাৰ্গদৰ্শন কৰিছিল, সি নিজেই সংকটত আছিল যেতিয়া আমি এই পৰিস্থিতিবিলাক দেখোঁ, তেতিয়া আমি ভাবোঁ, যে যদি সেই কালখণ্ডত গুৰু নানক দেৱ জীয়ে নিজৰ প্ৰকাশ নিবিয়পোৱা 'লে কি ' হেঁতেন? গুৰু নানক দেৱ জী আৰু তেওঁৰ পিছত আমাৰ বেলেগ বেলেগ গুৰুৱে ভাৰতৰ চেতনাক তো প্ৰজ্বলিত ৰাখিলেই, ভাৰতকো সুৰক্ষিত ৰখাৰ পথ নিৰ্মাণ কৰে আপোনালোকে চাওক, যেতিয়া দেশে জাত-পাত আৰু মত-মতান্তৰৰ নামত দুৰ্বল হৈ আছিল তেতিয়া গুৰু নানক দেৱ জীয়ে কৈছিল-

 

"জাণহু জোতি পূছহু জাতি, আগে জাত হে"

 

অৰ্থাৎ, সকলোতে ভগৱানৰ প্ৰকাশক চাওক, তাক চিনাক্ত কৰক কাৰো জাতি নুসুধিব কিয়নো জাতিৰে কাৰো পৰিচয় নহয়, না জীৱনৰ পিছৰ যাত্ৰাত কাৰোবাৰ কিবা জাতি থাকে এনেকৈ, গুৰু অৰ্জুন দেৱ জীয়ে সমগ্ৰ দেশৰ সন্তসকলৰ সদ্বিচাৰক তুলি ধৰিলে, আৰু সমগ্ৰ দেশকে একতাৰ সূত্ৰৰে বান্ধিলে গুৰু হৰকিশন জীয়ে আস্থাক ভাৰতৰ পৰিচয়ৰ সৈতে জড়িত কৰিলে দিল্লীৰ গুৰুদ্বাৰা বংগলা চাহিবত তেওঁ দুখী লোকৰ ৰোগ নিবাৰণ কৰি মানৱতাৰ যি ৰাস্তা দেখুৱাইছিল, সেয়া আজিও প্ৰতিজন শিখ আৰু প্ৰতিজন ভাৰতবাসীৰ বাবে অনুপ্ৰেৰণা কৰোণাৰ কঠিন সময়ত আমাৰ গুৰুদ্বাৰসমূহে যেনেকৈ যেনেদৰে সেৱাৰ দায়িত্ব পালন কৰিলে, সেয়া গুৰু চাহিবৰ কৃপা আৰু তেওঁৰ আদৰ্শৰে প্ৰতীক অৰ্থাৎ, এফালে প্ৰতিজন গুৰুৱে নিজৰ নিজৰ সময়ত দেশৰ যেনেকৈ প্ৰয়োজন আছিল, তেনেকুৱা নেতৃত্ব দিলে, আমাৰ প্ৰজন্মসমূহৰ পথ প্ৰদৰ্শন কৰিলে

 

বন্ধুসকল,

 

আমাৰ গুৰুসকলৰ যোগদান কেৱল সমাজ আৰু আধ্যাত্মিকতালৈকেই সীমাবদ্ধ নহয়, বৰং আমাৰ ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ চিন্তন, ৰাষ্ট্ৰৰ আস্থা আৰু অখণ্ডতা যদি আজি সুৰক্ষিত, তেন্তে তাৰো মূলতে শিখ গুৰুসকলৰ মহান তপস্যা আছে গুৰু নানক দেৱ জীৰ সময়ৰ পৰাই আপোনালোকে চাওক, যেতিয়া বিদেশী আক্ৰমণকাৰীয়ে তৰোৱালৰ জোৰত ভাৰতৰ সত্বা আৰু সম্পদ হস্তগত কৰাত লাগিছিল, তেতিয়া গুৰু নানক দেৱ জীয়ে কৈছিল-

 

পাপ কী জঞ্ঝ লৈ কাবলহু ধাইআ, জোৰী মংগৈ দানু ৱে লালো

 

অৰ্থাৎ, পাপ আৰু অপৰাধৰ তৰোৱাল লৈ বাবৰ কাবুলৰ পৰা আহিছে, আৰু জোৰ-জুলুম কৰি ভাৰতৰ শাসনৰ কন্যাদান মাগিছে এয়া গুৰু নানক দেৱ জীৰ স্পষ্টতা আছিল, দৃষ্টি আছিল তেওঁ এইবুলিও কৈছিল-

 

খুৰাসান খসমানা কীআ হিন্দুস্তান ডৰাইআ।।

 

অৰ্থাৎ, খুৰাসানৰ ওপৰত কব্জা কৰাৰ পিছত বাবৰে হিন্দুস্তানক ভয় খুৱাই আছে এইখিনিতে আগলৈ তেওঁ এইবুলিও কৈছে-

 

এতী মাৰ পঈ কৰলাণে তৈঁ কী দৰদু আইআ

 

অৰ্থাৎ, সেই সময়ত ইমানেই অত্যাচাৰ হৈছিল, মানুহৰ মাজত চিঞৰ-বাখৰ হৈ আছিল সেয়ে, গুৰুনানক দেৱ জীৰ পিছত অহা আমাৰ শিখ গুৰুসকলে দেশ আৰু ধৰ্মৰ কাৰণে প্ৰাণৰ বাজী লগোৱাতো সংকোচ নকৰিলে এই সময়ত দেশে গুৰু তেগবাহাদুৰ জীৰ ৪০০তম প্ৰকাশ উৎসৱ পালন কৰি আছে তেওঁৰ সমগ্ৰ জীৱনেই 'ৰাষ্ট্ৰ প্ৰথম' সংকল্পৰ উদাহৰণ আছে যেনেকৈ গুৰু তেগবাহাদুৰ জীয়ে মানৱতাৰ প্ৰতি নিজৰ বিচাৰৰ বাবে সদায় উদ্বিগ্ন থাকে, তেওঁ আমাক ভাৰতৰ আত্মাৰ দৰ্শন কৰায় যেনেকৈ দেশে তেওঁক 'হিন্দ কী চাদৰ' পদৱী দিলে, তেওঁ আমাক শিখ পৰম্পৰাৰ প্ৰতি প্ৰত্যেক ভাৰতবাসীৰ সংযুক্তিক দেখুৱায় ঔৰংজেবৰ বিৰুদ্ধে গুৰু তেগবাহাদুৰৰ পৰাক্ৰম আৰু তেওঁৰ বলিদানে আমাক দেখুৱাইছে যে সন্ত্ৰাস আৰু সীমান্তৰ উগ্ৰতাৰ সৈতে দেশে কেনেকৈ যুঁজ দিয়ে

 

এনেদৰেই, দশম গুৰু, গুৰুগোবিন্দ সিংহ চাহিবৰ জীৱনো প্ৰতিটো পলত তপ আৰু বলিদানৰ এক জীৱন্ত উদাহৰণ  ৰাষ্ট্ৰৰ বাবে, ৰাষ্ট্ৰৰ মূল বিচাৰসমূহৰ বাবে দশম গুৰুৱে নিজৰ সৰ্বস্ব ত্যাগ কৰে তেওঁৰ দুজন চাহিবজাদা জোৰাবৰ সিংহ আৰু ফতেহ সিংহক আততায়ীয়ে দেৱালত জীৱন্তে লগাই দিলে কিন্তু গুৰু গোবিন্দ সিংহ জীয়ে দেশৰ গৌৰৱ আৰু সমৃদ্ধি তললৈ যাবলৈ নিদিলে চাৰিওজন চাহিবজাদাৰ বলিদানৰ স্মৃতিত আমি আজিও শ্বহীদী সপ্তাহ পালন কৰো, আৰু সেয়া এই সময়তো চলি আছে

 

বন্ধুসকল,

 

দশম গুৰুৰ পিছতো ত্যাগ আৰু বলিদানৰ এই প্ৰক্ৰিয়া স্তব্ধ হোৱা নাই  বীৰ বাবা বন্দা সিংহ বাহাদুৰে নিজৰ সময়ৰ সবাতোকৈ শক্তিশালী শাসনৰ কাৰণে জিলা দিছিল শিখ মূৰব্বীসকলে নাদিৰশ্বাহ আৰু আহমদশ্বাহ আবদালীৰ আক্ৰমণ ৰুধিবলৈ হাজাৰ-হাজাৰ সংখ্যাত বলিদান দিয়ে মহাৰাজা ৰণজিত সিংহই পঞ্জাবৰ পৰা বেনাৰসলৈকে যেনেদৰে দেশৰ সামৰ্থ্য আৰু ঐতিহ্যক জীৱিত কৰিলে, সেয়াও ইতিহাসৰ পাতত লিখা আছে ইংৰাজৰ শাসনতো আমাৰ শিখ ভাতৃ-ভগ্নীসকলে যি বীৰত্বৰে দেশৰ স্বাধীনতাৰ বাবে সংঘৰ্ষ কৰিলে, আমাৰ স্বাধীনতাৰ সংগ্ৰাম, জালিয়ানৱালাবাগৰ সেই মাটি, আজিও সেই বলিদানৰ সাক্ষী এয়া এনেকুৱা পৰম্পৰা, ' বছৰৰ আগতেই আমাৰ গুৰুসকলে প্ৰাণ ঢালিছিল, আৰু সি আজিও সিমানেই জাগ্ৰত, সিমানেই সচেতন

 

বন্ধুসকল,

 

এয়া সময় স্বাধীনতাৰ অমৃত মহোৎসৱৰ আজি যেতিয়া দেশে নিজৰ স্বাধীনতা সংগ্ৰামৰ জৰিয়তে, নিজৰ অতীতৰ জৰিয়তে প্ৰেৰণা লাভ কৰি আছে, সেয়ে আমাৰ গুৰুসকলৰ আদৰ্শ আমাৰ বাবে আৰু মহত্বপূৰ্ণ হৈ পৰে আজি দেশে যি প্ৰয়াস চলাই আছে, যি সংকল্প লৈ আছে, তাত সেই সংকল্পই আছে যি শতাব্দী ধৰি দেশে সম্পূৰ্ণ হোৱা চাব বিচাৰি আছে যেনেদৰে গুৰু নানক দেৱ জীয়ে 'মানৱ জাত' পাঠ আমাক শিকাইছিল, তাৰ ওপৰত চলিয়েই আজি দেশে 'সবকা সাথ, সবকা বিকাশ, আৰু সবকা বিশ্বাস' মন্ত্ৰত আগবাঢ়ি আছে এই মন্ত্ৰেৰেই আজি দেশে 'সবকা প্ৰয়াস' নিজৰ শক্তি কৰি আছে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, কচ্ছৰ পৰা কোহিমালৈকে, সমগ্ৰ দেশে একেলগেই সপোন দেখি আছে, একেলগে তেওঁলোকৰ সিদ্ধিৰ বাবে প্ৰয়াস কৰি আছে আজি দেশৰ মন্ত্ৰ- 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'

 

আজি দেশৰ লক্ষ্য হৈছে- এখন নতুন সমৰ্থ ভাৰতৰ পুনৰোদয় আজি দেশৰ নীতি হৈছে- প্ৰত্যেক গৰীবৰ সেৱা, প্ৰত্যেক বঞ্চিতক অগ্ৰাধিকাৰ আপোনালোকে চাওক, কৰোণাৰ ইমান কঠিন সময় আহিল, কিন্তু দেশে প্ৰয়াস কৰিলে যে কোনো গৰীবে যাতে লঘোনীয়া পেটে নোশোৱে আজি দেশৰ প্ৰতিটো প্ৰয়াসৰ, প্ৰতিটো যোজনাৰ লাভ দেশৰ প্ৰতিটো অংশই সমান ৰূপত পাই আছে এই প্ৰয়াসসমূহৰ সিদ্ধিয়ে সমগ্ৰ ভাৰতক শক্তিশালী, গুৰু নানক দেৱ জীৰ শিক্ষাক চৰিতাৰ্থ কৰিব

 

সেয়ে সকলোৰে দায়িত্ব আছে যে এনেকুৱা মহত্বপূৰ্ণ সময়ত, কোনেও আমাৰ সপোনৰ ওপৰত, দেশৰ একতাৰ ওপৰত কলংক আনিব যাতে নোৱাৰে আমাৰ গুৰুৱে যিবিলাক সপোনৰ বাবে জীলে, যিবিলাক সপোনৰ বাবে তেওঁলোকে নিজৰ জীৱন সঁপি দিলে, সেয়া পূৰণৰ বাবে আমি সকলো একেলগ হৈ খোজ দিওঁ, আমাৰ মাজত একতা বহুত অনিবাৰ্য আমাৰ গুৰুৱে যি বিপদৰ মাজেৰে দেশক আগবঢ়াই নিছিল, সেয়া আজিও তেনেকুৱাই সেয়ে আমি সতৰ্কও থাকিব লাগিব আৰু দেশৰ সুৰক্ষাও কৰিব লাগিব

 

মোৰ সম্পূৰ্ণ বিশ্বাস আছে, গুৰু নানক দেৱ জীৰ আশীৰ্বাদত আমি নিজৰ এই সংকল্পবিলাক জৰুৰ সম্পূৰ্ণ কৰিম, আৰু দেশ এক নতুন উচ্চতাত উপনীত ' অৱশেষত মই লখপত চাহিবৰ দৰ্শন কৰিবলৈ অহা শ্ৰদ্ধালুসকলক এক আবেদন কৰিব বিচাৰো এই সময়ত কচ্ছত ৰণ-উৎসৱ চলি আছে আপোনালোকেও সময় উলিয়াই, ৰণ-উৎসৱলৈ জৰুৰ যাওক

 

મુંજા કચ્છી ભા ભેણ કીં અયો ? હેવર સી કચ્છમે દિલ્હી, પંજાબ જેડો પોંધો હુધો ? ખાસો ખાસો સી મે આંજો અને આજે કુંટુંબજો ખ્યાલ રખજા ભલે પણ કચ્છ અને કચ્છી માડુ મુંજે ધિલ મેં વસેતા તડે આઉ કેડા પણ વાં- જેડા પણ વેના કચ્છકે જાધ કરે વગર રહીં નતો સગાજે પણ આજોં પ્રેમ આય ખાસો ખાસો જડે પણ આંઉ કચ્છમેં અચીધોસ મણી કે મેલધોસ મેડી કે મુંજા જેજા જેજા રામ રામ....ધ્યાન રખીજા.

 

বন্ধুসকল,

 

ৰণ-উৎসৱৰ সময়ত যোৱা এক-দেৰ মাহত এক লাখৰো অধিক টুৰিষ্টে কচ্ছৰ মনোৰম দৃশ্য, মুকলি আকাশৰ আনন্দ 'বলৈ তালৈ আহিছে যেতিয়া ইচ্ছাশক্তি থাকে, মানুহৰ প্ৰয়াস থাকে, তেতিয়া কেনেকৈ ধৰিত্ৰীৰ কায়াকল্প ' পাৰে, সেয়া মোৰ কচ্ছৰ পৰিশ্ৰমী মানুহে কৰি দেখুৱালে এটা সময় আছিল যেতিয়া, কচ্ছৰ মানুহে জীৱিকাৰ বাবে বিশ্বৰ বিভিন্ন ঠাইলৈ গৈছিল, আজি বিশ্বৰ বিভিন্ন ঠাইৰ মানুহ কচ্ছৰ দিশে আকৰ্ষিত হৈ আছে এতিয়া যোৱা দিনবিলাকত ধৌলাবিৰাক ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ ছাইট ঘোষিত কৰিছে ইয়াৰ ফলত তাত টুৰিজমে আৰু উদগণি লাভ কৰিব গুজৰাট চৰকাৰে এতিয়া তাত এক ভব্য টেণ্ট চিটীৰো নিৰ্মাণ কৰিলে ইয়াৰ ফলত পৰ্যটকৰ সুচলতা আৰু বৃদ্ধি পাব এতিয়া ধোৰড়োৰ পৰা পোনপটীয়াকৈ, ৰণৰ মাজত ধৌলাবিৰালৈ যাবৰ বাবে নতুন পথৰ নিৰ্মাণো দ্ৰুতগতিত চলি আছে অনাগত সময়ত ভূজ আৰু পশ্চিম কচ্ছৰ পৰা খড়ীৰ আৰু ধৌলাবিৰাৰ বিস্তাৰলৈ অহাযোৱাৰ বাবে বহুত সহজ ' ইয়াৰ লাভ কচ্ছৰ মানুহৰ ', উদ্যমীৰ ', পৰ্যটকৰ ' খাৱড়াত ৰিনিউৱেবল এনাৰ্জি পাৰ্কৰ নিৰ্মাণো দ্ৰুতগতিত চলি আছে আগতে পশ্চিম কচ্ছ আৰু ভূজৰ পৰা ধৌলাবিৰালৈ যাবৰ বাবে, ভচাও-ৰাপৰ হৈ যাবলগীয়া হৈছিল এতিয়া পোনপটীয়াকৈ খাৱড়াৰ পৰা ধৌলাবিৰালৈ যাব পাৰিব টুৰিজমক উদগণি দিবলৈ নাৰায়ণ সৰোবৰ, কোটেশ্বৰ, মাতাৰ মঠ, হাজী পীৰ, ধোৰড়ো টেণ্ট চিটী আৰু ধৌলাবিৰা, এই নতুন পথ হোৱাত এই সকলো স্থললৈ অহাযোৱা সহজ '

 

বন্ধুসকল,

 

আজি আমাৰ সকলোৰে শ্ৰদ্ধেয় অটল জীৰ জন্ম জয়ন্তীও আছে অটল জীৰ কচ্ছৰ সৈতে বিশেষ স্নেহ আছিল ভূমিকম্পৰ পিছত ইয়াত হোৱা বিকাশ কাৰ্যত অটল জীয়ে গুজৰাটৰ সৈতে কান্ধত কান্ধ মিলাই তেওঁৰ চৰকাৰ থিয় দিছিল আজি কচ্ছ যেনেদৰে প্ৰগতিৰ পথত আছে, সেয়া দেখি অটল জী 'তেই আছে, নিশ্চয় সন্তুষ্ট হৈছে চাগৈ, আনন্দিত হৈছে চাগৈ মোৰ বিশ্বাস আছে, কচ্ছৰ ওপৰত আমাৰ সকলো মহানুভৱ, সকলো শ্ৰদ্ধেয়জনৰ আশীৰ্বাদ এনেকৈয়ে অব্যাহত থাকিব আপোনালোক সকলোকে আকৌ এবাৰ গুৰুপূৰৱৰ আন্তৰিক অভিনন্দন, অনেক অনেক শুভকামনা

 

বহুত বহুত ধন্যবাদ!

 

***

ডিএছ/একেজে/এনএছ



(Release ID: 1785375) Visitor Counter : 130