প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানীত কৰিলে প্ৰধানমন্ত্ৰী


এই উষ্ম ভাৱনাই মোক গভীৰভাৱে হৃদয়স্পৰ্শ কৰিছে আৰু ভূটানৰ মহামহিম ৰজাক কৃতজ্ঞতা প্ৰকাশ কৰিছোঃ প্ৰধানমন্ত্ৰী

Posted On: 17 DEC 2021 8:05PM by PIB Guwahati

ভূটানৰ মহামহিম ৰজা জিগমে খেশৰ নামগ্যাল ৱাংছুকে দেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গ্যালপো’ৰে সন্মানীত কৰিছে৷ শ্ৰী মোদীয়ে এই উষ্ম ভাৱনাৰ বাবে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷

ভূটানৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এলানি টুইটযোগে কয়,

“ধন্যবাদ, ল্যোনছেন @ভূটানৰ প্ৰধানমন্ত্ৰী! মই এই উষ্ম ভাৱনাৰ লগতে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷

ভূটানৰ মোৰ ভাই-ভনীসকলৰ বহুত মৰম পোৱাৰ মই সৌভাগ্য পালো আৰু মই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ শুভক্ষণত সকলোকে শুভকামনা জনাইছো৷

মই ভূটানৰ বহনক্ষম উন্নয়ন আৰ্হি আৰু তেওঁলোকৰ আধ্যাত্মিক জীৱনশৈলীৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছো৷ ড্ৰুক গ্যালপো-মহামহিম ৰজাৰ ধাৰাবাহিক সফলতাই দেশখনৰ এক বিশেষ পৰিচয় দিছে আৰু চুবুৰীয়া দেশসমূহৰ মিত্ৰতাৰ সেই বিশেষ বন্ধুত্বত যথেষ্ট উদ্গনি যোগাইছে, কিয়নো এইবোৰৰ সৈতে আমাৰ দেশৰ সাদৃশ্য আছে৷

ভাৰতে ভূটানক আটাইতকৈ নিবিড় বন্ধু আৰু চুবুৰীয়া দেশ হিচাপে সদায় উদযাপন কৰি থাকিব আৰু ভূটানৰ বিকাশৰ যাত্ৰাত সম্ভাৱ্য সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব৷”

 

***

DS/SH/DB



(Release ID: 1783389) Visitor Counter : 178