প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২১সংখ্যক ভাৰতৰ ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 06 DEC 2021 8:10PM by PIB Guwahati

মহাশয়,

মোৰ বন্ধু, ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনক মই একবিংশতম ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনলৈ আদৰণি জনাইছো। মই আপোনাৰ প্রতিনিধিদলকো আদৰণি জনাইছো। মই জানো ক’ৰোনা মহামাৰীৰ সময়ত বিগত দুবছৰত এয়া আপোনাৰ দ্বিতীয় বিদেশ ভ্ৰমণ। ভাৰতৰ সৈতে আপোনাৰ আত্মিক সম্পর্ক আৰু ব্যক্তিগত প্ৰতিশ্ৰুতিয়ে দুয়োখন দেশৰ মাজৰ সম্পর্কৰ গুৰুত্বকে প্রতিফলিত কৰে। সেইবাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ। ক’ভিডজনিত প্ৰত্যাহ্বান সত্ত্বেও ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পর্কৰ গতিত কোনো সালসলনি হোৱা নাই৷ আমাৰ বিশেষাধিকাৰপ্রাপ্ত কৌশলগত অংশীদাৰিত্ব ক্ৰমান্বয়ে শক্তিশালী হৈছে। দুয়োখন দেশৰ মাজত ক’ভিডৰ বিৰুদ্ধে যুঁজতো দৃষ্টান্তমূলক সহযোগিতা পৰিলক্ষিত হৈছে, সেয়া সেই টিকাৰ পৰীক্ষা-নিৰীক্ষা বা উৎপাদনেই হওক বা মানৱীয় সাহায্য অথবা এখন দেশে ইখন দেশৰ নাগৰিকক স্বদেশলৈ প্রেৰণতে হওক।

মহাশয়,

২০২১ বৰ্ষটো বিভিন্ন দিশত আমাৰ দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ। ১৯৭১ৰ শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ লক্ষ্যৰে স্বাক্ষৰিত চুক্তিৰ পাঁচ দশক আৰু আমাৰ কৌশলগত অংশীদাৰিত্বৰ দুই দশক এই বছৰতে সম্পূর্ণ হৈছে৷ সেয়েহে, এই বিশেষ বছৰটো আপোনাৰ সৈতে উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো, কাৰণ আমাৰ মাজত বিগত ২০ বছৰত কৌশলগত অংশীদাৰিত্বত লক্ষ্যণীয় অগ্রগতিৰ ক্ষেত্রত আপুনি প্রধান চালিকা শক্তি হৈ উঠিছে৷

 

সমগ্ৰ বিশ্বত বিগত কেইবা দশক ধৰি বিভিন্ন ক্ষেত্রত মৌলিক পৰিৱর্তন হৈছে। এক নতুন ভূ-ৰাজনৈতিক সমীকৰণৰ উত্থান হৈছে। কিন্তু, ভাৰত-ৰাছিয়াৰ বন্ধুত্ব কিছু পৰিৱর্তন হৈছে যদিও অটুট আছে। দুয়োখন দেশে কোনো দ্বন্দ্ব-বিদ্বেষ অবিহনে কেৱল এখনে আনখনক সহযোগিতা কৰিছে, সেইদৰে পাৰস্পৰিক সংবেদনশীল বিষয়সমূহৰ প্ৰতিও বিশেষ যত্নবান হৈছে। নিঃসন্দেহে দুয়োখন বন্ধু ৰাষ্ট্রৰ মাজত এয়া এক অভিনৱ আৰু বিশ্বাসযোগ্য আৰ্হি৷

মহাশয়,

আমাৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্রত ২০২১ বিশেষভাৱে গুৰুত্বপূর্ণ। আজি আমাৰ দুই দেশৰ বিদেশ আৰু প্রতিৰক্ষা মন্ত্রীসকলৰ মাজত ‘২+২ ডায়ালগ’ৰ প্রথম বৈঠক হৈছে। আমাৰ বাস্তৱিক সহযোগিতাক আৰু সম্প্রসাৰিত কৰাৰ লক্ষ্যৰে এয়া এক নতুন প্ৰচেষ্টা।

 

আমি আফগানিস্তান আৰু অন্যান্য আঞ্চলিক বিষয়ত নিয়মীয়াকৈ এখনে আনখনৰ সৈতে যোগাযোগ বজাই ৰাখিছো৷ পূর্বাঞ্চলীয় অর্থনৈতিক ফ’ৰাম আৰু ভ্লাদিভস্তক সন্মিলনৰ জৰিয়তে যি আঞ্চলিক অংশীদাৰিত্বৰ সূচনা হৈছিল, আজি সেয়া ৰাছিয়াৰ পূর্ব প্রান্ত আৰু ভাৰতৰ ৰাজ্যসমূহৰ মাজত এক প্রকৃত সহযোগিতাৰ ৰূপ লৈছে৷

 

আমি অর্থনৈতিক ক্ষেত্রত আমাৰ সম্পর্কক আৰু অধিক নিবিড় কৰিবলৈ দীর্ঘম্যাদী পৰিকল্পনা হাতত লৈছো৷ আনকি আমি ২০২৫ৰ মাজত বাণিজ্যৰ পৰিমাণ ৩০ বিলিয়ন মার্কিন ডলাৰ আৰু বিনিয়োগৰ পৰিমাণ ৫০ বিলিয়ন মার্কিন ডলাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্য পূৰণত আমি নিশ্চিতভাৱে ব্যৱসায়ী মহলক সঠিক দিশ নির্দেশ আৰু উৎসাহিত কৰিব লাগিব৷

 

আজি আমাৰ মাজত বিভিন্ন ক্ষেত্রত যি চুক্তি হৈছে সেয়া দুয়োখন দেশৰ সম্পর্কক আৰু অধিক সম্প্রসাৰিত কৰিব৷ ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ জৰিয়তে যৌথ-উন্নয়ন আৰু যৌথ-উৎপাদন আমাৰ প্রতিৰক্ষা সহযোগিতাক আৰু অধিক শক্তিশালী কৰিছে। মহাকাশ আৰু অসামৰিক আণৱিক ক্ষেত্রত আমাৰ সম্পর্ক ইতিবাচক দিশত আগুৱাই গৈছে৷

 

নাম আন্দোলনৰ পৰিদর্শক আৰু আইঅ’আৰএৰ আলোচনাৰ অংশীদাৰ দেশ হিচাপে ভূমিকা পালনৰ বাবে ৰাছিয়াক বহুত অভিনন্দন জনাইছো। এই দুটা ক্ষেত্রত ৰাছিয়াই পালন কৰা ভূমিকাৰ বাবে আমি আনন্দিত হৈছো। যাৱতীয় আঞ্চলিক আৰু আন্তর্জাতিক বিষয়ত ভাৰত আৰু ৰাছিয়াৰ অভিন্ন দৃষ্টিভংগী আছে৷ আজিৰ বৈঠকত এই সকলো বিষয়ক লৈ আলোচনা কৰা সুবিধা হ’ব৷

 

মহাশয়,

 

পুনৰবাৰ মই আপোনাক আৰু আপোনাৰ প্রতিনিধিদলক ভাৰতলৈ আদৰণি জনাইছো। অতি ব্যস্ত কাৰ্যসূচীৰ মাজতো আপুনি ভাৰত ভ্ৰমণৰ বাবে সময় উলিওৱাটো আমাৰ বাবে অতি গুৰুত্বপূর্ণ। মই নিশ্চিত যে আজিৰ আলোচনাই আমাৰ সম্পর্কৰ ক্ষেত্রতো অতি তাৎপর্যপূর্ণ হৈ উঠিব৷

পুনৰবাৰ মই আপোনাক ধন্যবাদ জনাইছো।

***

DS/AKJ/AK/DB



(Release ID: 1780829) Visitor Counter : 204