প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৬ নৱেম্বৰত উত্তৰ প্ৰদেশ ভ্ৰমণ আৰু পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিব


প্ৰধানমন্ত্ৰীয়ে তদুপৰি চুলতানপুৰ জিলাৰ এক্সপ্ৰেছৱেত নিৰ্মাণ কৰা ৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপত এয়াৰশ্ব'ৰ সাক্ষী হ'ব

Posted On: 15 NOV 2021 11:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ নৱেম্বৰ, ২০২১ উত্তৰ প্ৰদেশ ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১:৩০ বজাত চুলতানপুৰ জিলাৰ কাৰৱাল খেৰীত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিব।

উদ্বোধনৰ পিছত, প্ৰধানমন্ত্ৰীয়ে তদুপৰি জৰুৰীকালীন সময়ত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানৰ অৱতৰণ/উৰণ অৰ্থে চুলতানপুৰ জিলাৰ এক্সপ্ৰেছৱেত নিৰ্মাণ কৰা ৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপত ভাৰতীয় বায়ু সেনাৰ এয়াৰশ্ব'ও প্ৰত্যক্ষ কৰিব।

পূৰ্বাঞ্চল এক্সপ্ৰেছৱেটোৰ দৈৰ্ঘ্য ৩৪১ কিলোমিটাৰ। লক্ষ্ণৌ-চুলতানপুৰ পথ (ৰাষ্ট্ৰীয় ঘাইপথ-৭৩১) ত অৱস্থিত লক্ষ্ণৌ জিলা চৌদচৰাই গাঁৱৰপৰা ইয়াৰ আৰম্ভ হৈছে আৰু উত্তৰ প্ৰদেশ-বিহাৰ সীমান্তৰপৰা ১৮ কিলোমিটাৰ পূবে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত হাইডাৰিয়া গাঁৱত সমাপ্তি ঘটিছেএই এক্সপ্ৰেছৱেটো -লেনযুক্ত যাক ভৱিষ্যতে -লেনলৈ সম্প্ৰসাৰিত কৰিব পৰা যাব। প্ৰায় ২২৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পূৰ্বাঞ্চল এক্সপ্ৰেছৱেই লক্ষ্ণৌ, বাৰাবাঁকী, আমেঠি, অযোধ্যা, চুলতানপুৰ, আম্বেদকাৰ নগৰ, আজমগড়, মৌ আৰু গাজীপুৰ জিলাকে প্ৰমুখ্য কৰি উত্তৰ প্ৰদেশৰ পূব অংশ অৰ্থনৈতিক উন্নয়নক দ্দীপনা যোগাবলৈ আগবাঢ়িছে

***

DS/VJ/VK/SB



(Release ID: 1774105) Visitor Counter : 158