প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত আচাৰ্য কৃপালনীক স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 NOV 2021 9:19AM by PIB Guwahati
আচাৰ্য কৃপালনীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতৰ জন্ম জয়ন্তীত আজি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আচাৰ্য কৃপালনীয়ে প্ৰদৰ্শন কৰা দূৰদৃষ্টি আৰু পৰিৱেশ সংৰক্ষণ তথা সামাজিক সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰো ভূয়সী প্ৰশংসা কৰে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“বাপুৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী যোদ্ধা আছিল আচাৰ্য কৃপালনী। আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ স্বপ্নদ্ৰষ্টা আছিল আৰু এগৰাকী সাংসদ হিচাপে এই সপোন দিঠক কৰাৰ বাবে তেওঁ কাম কৰি গৈছিল। পৰিৱেশ সংৰক্ষণ আৰু সামাজিক সৱলীকৰণৰ ক্ষেত্ৰতো তেখেতে অনবদ্য অৰিহণা আগবঢ়াইছিল। জন্ম জয়ন্তীত তেখেতক স্মৰণ কৰিছো”।
****
DS/AKJ/KB
(रिलीज़ आईडी: 1771864)
आगंतुक पटल : 292
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam