কেবিনেট

কেন্দ্ৰীয় মন্ত্ৰীসভাই নিৰন্তৰ ভাল ফল দিয়া স্বচ্ছ ভাৰত মিছন (চহৰাঞ্চল) (এছবিএম ইউ)ক ২০২৫-২৬লৈকে জাৰি ৰাখিবলৈ মঞ্জুৰী দিছে

এছবিএম-ইউ ২.০ৰ বাবে ১,৪১,৬০০ কোটি টকাৰ বিত্তীয় পৰিব্যয়, যি মিছনৰ প্ৰথম পৰ্যায়তকৈ ২.৫ গুণ অধিক

এছবিএম-ইউ ২.০ৰ লক্ষ্যসমূহত ১ লাখতকৈ কম জনসংখ্যাযুক্ত সকলো চহৰত মল গহ্বৰ প্ৰবন্ধনসহ মুকলিত মল ত্যাগৰ পৰা মুক্তি অন্তৰ্ভুক্ত

ছীৱাৰ আৰু ছেপ্টিক টেংকত বিপজ্জনক পদাৰ্থৰ প্ৰৱাহ ৰোধ কৰা

পানীৰ স্ৰোতত অশোধিত অৱশিষ্ট পানীৰ প্ৰৱাহত বাধা দিয়া

সকলো চহৰে কমেও থ্ৰি-ষ্টাৰ গাৰবেজ মুক্ত প্ৰমাণন আহৰণ কৰক

Posted On: 12 OCT 2021 8:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই মুকলিত মল ত্যাগৰ পৰা মুক্ত (অ'ডিএফ)ৰ পৰিণামৰ ওপৰত জোৰ, সকলো চহৰত গোটা আৱৰ্জনাৰ বৈজ্ঞানিক প্ৰক্ৰিয়াকৰণ আৰম্ভ কৰা আৰু লোকপিয়ল ২০১১ত ১ লাখতকৈ কম জনসংখ্যাযুক্ত চহৰ (এনেকুৱা চহৰ যাক অটল নবীকৰণ আৰু চহৰীয়া পৰিৱৰ্তন মিছন (অমৃত)ত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল)ত অৱশিষ্ট পানীৰ প্ৰবন্ধনৰ ওপৰত জোৰ দি, স্বচ্ছ ভাৰত মিছন (চহৰাঞ্চল)ক ২০২৫-২৬লৈকে জাৰি ৰাখিবলৈ মঞ্জুৰী দিছে।

 

এছবিএম-চহৰাঞ্চল ২.০ৰ জৰিয়তে বিত্তীয় পৰিব্যয়ঃ

 

২০২১-২২ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাৰ বাবে, ৩৬,৪৬৫ কোটি টকাৰ কেন্দ্ৰীয় অংশীদাৰিত্বসহ এছবিএম-ইউ ২.০ৰ বাবে মুঠ ১,৪১,৬০০ কোটি টকাৰ বিত্তীয় পৰিব্যয় নিৰ্ধাৰণ কৰা হৈছে, যি মিছনৰ পূৰ্বৰ পৰ্যায়ৰ ৬২,০০৯ কোটি টকাৰ বিত্তীয় পৰিব্যয়তকৈ ২.৫ গুণ অধিক।

 

  • কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ফাণ্ডৰ ভাগবাতোৱাৰা এনেকুৱাঃ

 

০ ১০ লাখতকৈ অধিক জনসংখ্যাৰ চহৰত : ২৫:৭৫

 

o ১-১০ লাখ পৰ্যন্ত জনসংখ্যাৰ চহৰত : ৩৩:৬৭

 

o এক লাখতকৈ কম জনসংখ্যাৰ চহৰত : ৫০:৫০

 

o বিধানসভা নথকা কেন্দ্ৰীয় শাসিত প্ৰদেশত : ১০০:০

 

o বিধানসভা থকা কেন্দ্ৰীয় শাসিত প্ৰদেশত : ৮০:২০

 

স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চল ২.০ৰ জৰিয়তে অপেক্ষাকৃত পৰিণাম

 

স্বচ্ছতাঃ

 

১। সকলো বিধিসন্মত চহৰক কমেও অ'ডিএফ প্লাছ বনোৱা।

 

২। ১ লাখতকৈ কম জনসংখ্যা থকা চহৰক অ'ডিএফ প্লাছ প্লাছ বনোৱা।

 

৩। ব্যৱস্থাৱলী আৰু প্ৰক্ৰিয়াসমূহ বলৱৎ কৰা, যাৰ ফলত সকলো ধৰণৰ অৱশিষ্ট পানীৰ সুৰক্ষিত ধৰণে শোধন হয় আৰু অধিকতম ব্যৱহাৰ হয় তথা কোনো কাৰণতে অশোধিত অৱশিষ্ট পানীৰে জলস্ৰোত প্ৰদূষিত নহয়।

 

গোটা আৱৰ্জনা প্ৰবন্ধন

 

  • সকলো চহৰক কমেও 3 ষ্টাৰ গাৰবেজ মুক্ত প্ৰমাণন আহৰণ হওক।

 

স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চল ২.০ : মুখ্য বিন্দু

 

যোৱা ৫ বছৰত, মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১ অক্টোবৰ ২০২১ত লঞ্চ কৰা এছবিএম -ইউ ২.০ৰ মুখ্য বল আহৰণ কৰা স্বচ্ছতা আৰু গোটা আৱৰ্জনা প্ৰবন্ধনৰ পৰিণাম অব্যাহত ৰখা তথা তাৰ গতি বঢ়োৱাৰ ওপৰত হ'ব, যাৰ ফলত মিছনৰ "গাৰবেজ মুক্ত" চহৰীয়া ভাৰতৰ লক্ষ্য আহৰণ কৰিব পৰা যায়।

 

মিছনৰ বিভিন্ন ভাগৰ ৰূপায়ণ এক ব্যৱস্থিত আৰু সময়বদ্ধ প্ৰক্ৰিয়াৰে কৰা হ'ব, য'ত আৱশ্যকীয় ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিশ্লেষণ, ৫ বছৰীয়া বিস্তৃত কাৰ্য যোজনা আৰু সময়সীমাৰ লগতে বাৰ্ষিক কাৰ্য-যোজনাসমূহ অন্তৰ্ভুক্ত।

 

এই মিছন কাগজবিহীন, ডিজিটেল হ'ব আৰু জিআইএছ চিহ্নিত আৱৰ্জনা প্ৰবন্ধন ইনফ্ৰাষ্ট্ৰাকচাৰ, শক্তিশালী ইউজাৰ ইণ্টাৰফেচ, অনলাইন অভিযোগ সমাধান ব্যৱস্থা, পৰিকল্পনা নিৰ্মাণকে আদি কৰি ফাণ্ড জাৰি কৰালৈকে পৰিকল্পনাৰ অনলাইন তত্বাৱধান আৰু একীকৃত জিআইএছ আধাৰিত প্লেটফৰ্মত পৰিকল্পনাৰ প্ৰগতিৰ তত্বাৱধানৰ মাধ্যমত পূৰ্ণ ৰূপত পাৰদৰ্শিতা আৰু বিশ্বাসযোগ্যতাৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।

 

পৰিণাম আধাৰিত ফাণ্ড জাৰি কৰা, ক্ষুদ্ৰ ইউএলবিক অধিক বিত্তীয় সাহায্য আৰু অতিৰিক্ত বিত্তীয় সাহায্যৰ বাবে ১৫শ বিত্তীয় আয়োগৰ পৰা অনুদান লাভ কৰা, প্ৰতিটো ভাগৰ বাবে ব্যৱস্থিত কাৰ্য ৰূপায়ণ, শক্তিশালী ক্ষমতা নিৰ্মাণ, ব্যৱহাৰত নিৰন্তৰ পৰিৱৰ্তনৰ বাবে সংবাদ আৰু হিমায়ত, ব্যক্তিগত ক্ষেত্ৰৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু অধিক উদ্যোগ অংশীদাৰিত্বৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত মিছনৰ লক্ষ্যৰাজি আহৰণ কৰাত সহায় হ'ব।

 

স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চল ২.০ৰ অন্তৰ্ভুক্ত প্ৰধান ভাগ

 

এছবিএম-ইউ ২.০ৰ জৰিয়তে কাৰ্য ৰূপায়ণৰ বাবে প্ৰধান ভাগ নিম্নোল্লিখিত ধৰণৰ হ'বঃ

 

নিয়মীয়া ধৰণৰ স্বচ্ছতাঃ

 

১। মিছনত অহা ৫ বছৰৰ সময়ছোৱাত নিয়োগ আৰু উন্নত সুযোগৰ সন্ধানত গ্ৰামীণৰ পৰা চহৰাঞ্চললৈ যোৱা অতিৰিক্ত জনসংখ্যাক সেৱা প্ৰদান কৰি স্বচ্ছতা সেৱালৈকে সম্পূৰ্ণ প্ৰাপ্তি সুনিশ্চিত কৰাৰ ওপৰত জোৰ দিয়া হ'ব। এনেকুৱা ৩.৫ লাখ ব্যক্তিগত, সামুহিক আৰু সাৰ্বজনীন শৌচালয়ৰ নিৰ্মাণৰ মাধ্যমত কৰা হ'ব।

 

২। এছবিএম-চহৰাঞ্চলৰ অধীনত পৰিবেশন কৰা এটা নতুন ভাগ-১ লাখতকৈ কম জনসংখ্যা থকা চহৰত পূৰ্ণ তৰল আৱৰ্জনা প্ৰবন্ধনৰ ফলত প্ৰতিখন চহৰত প্ৰণালী আৰু প্ৰক্ৰিয়াৰ স্থাপন সুনিশ্চিত হ'ব, যাৰ জৰিয়তে সকলো অৱশিষ্ট পানী সুৰক্ষিত ৰূপত সমাহিত, সংগ্ৰহিত, ইয়াৰ পৰিবহন আৰু শোধন হয়, লগতে কোনোধৰণৰ অৱশিষ্ট পানীয়ে আমাৰ পানীৰ স্ৰোতক প্ৰদূষিত কৰিব নোৱাৰিব।

 

স্থায়ী গোটা অৱশিষ্ট প্ৰবন্ধনঃ

 

১। প্ৰত্যেক চহৰত ছিংগল ইউজ প্লাষ্টিকক পৰ্যায়ক্ৰমে সমাপ্ত কৰাৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰি, ফাংচনেল মেটেৰিয়েল ৰিকভাৰী ফেচিলিটী (এমআৰএফ)ৰ সৈতে আৱৰ্জনাৰ এশ শতাংশ স্ৰোত পৃথককৰণ,

 

২। ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যক্ৰম (এনচিএপি)যুক্ত চহৰ আৰু ৫ লাখতকৈ কম জনসংখ্যা থকা চহৰত নিৰ্মাণ আৰু ভঙা-ছিঙা (চিএণ্ডডি) অৱশিষ্ট প্ৰসংস্কৰণ সুবিধাৱলীৰ স্থাপন তথা মেকানিকেল ছুইপাৰৰ ব্যৱস্থা,

 

৩৷ সকলো পুৰণি ডাম্পছাইটৰ জীৰ্ণোদ্ধাৰ, যাতে ১৫ কোটি টন পুৰণি আৱৰ্জনাৰে ঢকা ১৪,০০০ একৰ ভূমি মুক্ত কৰিব পৰা যায়।

 

জন আন্দোলনক আগবঢ়াই নিবলৈ, চহৰৰ স্থানীয় নিকায় (ইউএলবি) আৰু সকলো সম্পৃক্ত হিতধাৰকৰ শক্তিশালী ক্ষমতা নিৰ্মাণ তথা সংবাদ আৰু প্ৰচাৰৰ জৰিয়তে নাগৰিকক অন্তৰ্ভুক্ত কৰি উপৰিউক্ত লক্ষ্যত উপনীত হ'ব পৰা যাব।

 

স্বচ্ছতা আৰু অনৌপচাৰিক অৱশিষ্ট শ্ৰমিকৰ ব্যক্তিগত সুৰক্ষা উপকৰণ আৰু সুৰক্ষা কিট, চৰকাৰী কল্যাণ যোজনাসমূহৰ সৈতে জড়িত কৰাৰ লগতে ক্ষমতা নিৰ্মাণৰ ব্যৱস্থাৰ মাধ্যমত তেওঁলোকৰ কল্যাণৰ ওপৰত বিশেষ মনোযোগ দিয়া হ'ব।

 

স্বচ্ছ ভাৰত মিছনৰ উদ্দেশ্য-চহৰাঞ্চল

 

প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত, ২০১৪ত, ভাৰতে চহৰাঞ্চলৰ যোজনাৰ বাবে  এটা সামগ্ৰিক দৃষ্টিভংগী প্ৰয়োগ কৰে আৰু পানী তথা স্বচ্ছতাৰ ক্ষেত্ৰত সংস্কাৰৰ দিশত যাত্ৰা আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিম্নোল্লিখিত উদ্দেশ্যৰে ১৫ আগষ্ট, ২০১৪ত স্বচ্ছ ভাৰত অভিযান (এছবিএম) আৰম্ভ কৰাৰ ঘোষণা কৰে, যাক ঔপচাৰিক ৰূপত ২ অক্টোবৰ, ২০১৪ত লঞ্চ কৰা হৈছিলঃ

 

  • সকলো বিধিসন্মত চহৰত মুকলিত শৌচ কৰাটো বাৰন কৰা।
  • সকলো বিধিসন্মত চহৰত নগৰ পালিকাই গোটা আৱৰ্জনাৰ ১০০ শতাংশ বৈজ্ঞানিক প্ৰবন্ধন।
  • জন আন্দোলনৰ মাধ্যমত ব্যৱহাৰলৈ পৰিৱৰ্তন অনা।
  •  

স্বচ্ছ ভাৰত মিছনৰ-চহৰাঞ্চলৰ অভিজ্ঞতা

 

যোৱা সাত বছৰত, মিছনে দেশৰ প্ৰতিটো প্ৰান্তলৈ উপস্থিতি নিশ্চিত কৰিছে আৰু নিজৰ 'নাগৰিক প্ৰথম'ৰ ওপৰত জোৰ দি বৃহৎ সংখ্যক নাগৰিকৰ জীৱন সলাই দিছে। এছবিএম-চহৰাঞ্চলৰ জৰিয়তে প্ৰধান পৰ্যায়, অভিজ্ঞতা আৰু প্ৰভাৱ নিম্নোল্লিখিত ধৰণৰঃ

 

  • মিছনে চহৰীয়া ভাৰতত স্বচ্ছতা সুবিধাৱলী পৰ্যন্ত ১০০ শতাংশ প্ৰাপ্তি প্ৰদান কৰি চহৰীয়া ভাৰতত স্বচ্ছতাৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে। এছবিএম-চহৰাঞ্চলৰ জৰিয়তে ৭০ লাখতকৈ অধিক ঘৰ, সামুহিক আৰু সাৰ্বজনীন শৌচালয় নিৰ্মাণ কৰা হৈছে, এনেদৰে সকলোৰে বাবে সুৰক্ষিত আৰু সন্মানজনক স্বচ্ছতা সমাধান প্ৰদান কৰা হৈছে। মিছনে মহিলা, ট্ৰেন্সজেণ্ডাৰ সমুদায় আৰু দিব্যাংগসকলৰ প্ৰয়োজনীয়তাক প্ৰাথমিকতা দিছে।
  • গুগল মেপত এছবিএম শৌচালয়ৰ দৰে ডিজিটেল নৱাচাৰৰ মাধ্যমত স্বচ্ছতা সুবিধাৱলী পৰ্যন্ত গৈ পোৱাত আৰু সংস্কাৰ সাধন কৰা হৈছে, য'ত ৩,৩০০তকৈও অধিক চহৰত ৬৫,০০০তকৈও অধিক সাৰ্বজনীন শৌচালয় দেখুউৱা হৈছে।
  • চহৰীয়া ভাৰতক ২০১৯ত মুকলিত শৌচ মুক্ত ঘোষণা কৰা হৈছিল, যাৰ পিছত মিছনে চহৰীয়া ভাৰতক স্থায়ী  স্বচ্ছতাৰ পথত অগ্ৰসৰ কৰিছে, য'ত ৩,৩০০তকৈও অধিক চহৰ আৰু ৯৬০তকৈও অধিক চহৰক ক্ৰমশঃ অ'ডিএফ 1+ আৰু অ'ডিএফ ++2 প্ৰমাণিত কৰা হৈছে।
  • চহৰ পানী+ প্ৰট'কল3ৰ জৰিয়তে পানী+ প্ৰমাণিকৰণৰ দিশত আগুৱাই আছে, যি অৱশিষ্ট পানীৰ শোধন আৰু ইয়াৰ পুনৰ ব্যৱহাৰত কেন্দ্ৰীভূত।
  • বৈজ্ঞানিক অৱশিষ্ট প্ৰবন্ধনৰ ক্ষেত্ৰত, ভাৰতত অৱশিষ্ট প্ৰসংস্কৰণ ২০১৪ত ১৮ শতাংশৰ পৰা চাৰিগুণ বাঢ়ি আজি ৭০ শতাংশ হৈছেগৈ।
  • ৯৭ শতাংশ ৱাৰ্ডত ১০০ শতাংশ ডুৰ-টু-ডুৰ আৱৰ্জনা সংগ্ৰহ আৰু ৮৫ শতাংশ ৱাৰ্ডত নাগৰিকৰ দ্বাৰা কৰি থকা আৱৰ্জনাৰ স্ৰোত পৃথককৰণৰ মাধ্যমত ইয়াত সহায় কৰা হৈছে।
  • এই অভিযানে সমাজ কল্যাণ যোজনাৰ সৈতে জড়িত ৫.৫ লাখতকৈ অধিক চাফাই কৰ্মীৰ সৈতে স্বচ্ছতা কৰ্মকৰ্তা আৰু অনানুষ্ঠানিক অৱশিষ্ট শ্ৰমিকৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাত সক্ষম হৈছে। আগশাৰীৰ চাফাই কৰ্মীৰ অবাধ সেৱাই কোভিড-১৯ মহামাৰীৰ সময়ত চহৰীয়া ভাৰতৰ সুৰক্ষা সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • কাৰ্যক্ৰমত ২০ কোটি নাগৰিক (ভাৰতৰ চহৰীয়া জনসংখ্যাৰ ৫০ শতাংশতকৈ অধিক অন্তৰ্ভুক্ত)ৰ সক্ৰিয় অংশগ্ৰহণে মিছনক ব্যাপক হাৰত আইইচি আৰু ব্যৱহাৰ পৰিৱৰ্তন অভিযানৰ মাধ্যমত এক জন আন্দোলনলৈ সফলতাৰে সলনি কৰিছে।
  • আৱাস আৰু চহৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা ২০১৬ত ডিজিটেল অভিযোগ নিবাৰণ প্লেটফৰ্মৰ জৰিয়তে স্বচ্ছতা এপে এতিয়ালৈকে নাগৰিকৰ পৰা সক্ৰিয় সহযোগিতাৰ লগতে ২ কোটিতকৈও অধিক জন অভিযোগ সমাধান কৰিছে। আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে অলপতে স্বচ্ছতা এপ ২.০ৰ নতুন সংস্কৰণ লঞ্চ কৰিছে।
  • এছবিএম-চহৰাঞ্চলৰ জৰিয়তে ৪,০০০তকৈও অধিক চহৰীয়া স্থানীয় নিকায় (ইউএলবি)ক কভাৰ কৰা পৃথিৱীৰ সবাতোকৈ ডাঙৰ চহৰীয়া স্বচ্ছতা সৰ্বেক্ষণ ২০১৬ত আৰম্ভ কৰা হৈছিল। মহামাৰীৰ পৰা উৎপন্ন প্ৰত্যাহ্বান সত্ত্বেও স্বচ্ছ সৰ্বেক্ষণ ২০২১ক ৰেকৰ্ড সময়ত সম্পূৰ্ণ কৰা হয়। এই বছৰবিলাকত, সৰ্বেক্ষণে মুঠ ৭ কোটিৰো অধিক নাগৰিকৰ ফালৰ পৰা প্ৰতিক্ৰিয়া পাইছে।
  • বিভিন্ন মিছন ঘটকৰ জৰিয়তে প্ৰশিক্ষিত ১০ লাখতকৈও অধিক নগৰপালিকা বিষয়া আৰু কৰ্মচাৰীৰ সৈতে ৰাজ্য তথা চহৰ স্তৰৰ বিষয়াৰ নিৰন্তৰ ক্ষমতা নিৰ্মাণ।

 

 

*******

 

DS



(Release ID: 1763912) Visitor Counter : 207