প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ ছৌদি আৰৱৰ যুৱৰাজ, বিদেশমন্ত্রী ফায়জাল বিন ফাৰহান আল সাউদৰ

Posted On: 20 SEP 2021 9:59PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক আজি ছৌদি আৰৱৰ যুৱৰাজ তথা বিদেশমন্ত্রী ফায়জাল বিন ফাৰহান আল সাউদে সাক্ষাৎ কৰে৷

এই উপলক্ষে অনুষ্ঠিত বৈঠকত দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব পৰিষদৰ কাম-কাজকে ধৰি বিভিন্ন দ্বিপাক্ষিক প্ৰচেষ্টাৱলীক লৈ পর্যালোচনা হয়৷ ইন্ধন, তথ্য-প্রযুক্তি আৰু প্রতিৰক্ষা সামগ্ৰী, উৎপাদনৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্রত প্রধানমন্ত্রীয়ে ছৌদি আৰৱৰ পৰা আৰু অধিক অধিক বিনিয়োগ হোৱাটো বিচাৰে৷

বৈঠকত আফগানিস্তানৰ পৰিস্থিতিকে ধৰি আঞ্চলিক বিভিন্ন বিষয়ক লৈ তেওঁলোকে বাৰ্তালাপ কৰে৷

ভিড-১৯ মহামাৰীৰ সময়ত ছৌদি আৰৱত বসবাস কৰা ভাৰতীয়সকলে যাতে কোনো সমস্যা নহয়, তাৰ বাবে দেশখনৰ প্রশাসনে গ্ৰহণ কৰা প্রয়োজনীয় ব্যৱস্থাৰ বাবে প্রধানমন্ত্রীয়ে ছৌদি চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছৌদি যুৱৰাজকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷

****

DS/SH/DB



(Release ID: 1761763) Visitor Counter : 106