প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীমতী কমলা হেৰিছৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক মন্তব্য
प्रविष्टि तिथि:
24 SEP 2021 9:14AM by PIB Guwahati
মহোদয়া,
প্রথমে, মোক তথা মোৰ প্রতিনিধি দলক উষ্ণ অভ্যর্থনা জনোৱাৰ বাবে মই আপোনাৰ প্রতি কৃতজ্ঞতা জনাইছো৷ কেইমাহ পূৰ্বে ফোনত আমাৰ কথা পতাৰ সুযোগ হৈছিল। আমি সেই সময়ত বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰিছিলো৷ আপুনি যিদৰে মোৰ সৈতে কথা পাতিছিল, সেয়া আছিল অত্যন্ত আন্তৰিক আৰু অকৃত্রিম। মই সদায় ফোনত আমাৰ মাজত হোৱা বাৰ্তালাপৰ স্মৰণ কৰি থাকিম৷ তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো৷ আপোনাৰ নিশ্চয় মনত পৰিছে, সেই সময় আৰু পৰিস্থিতি আছিল অতি জটিল। ভাৰতে তেতিয়া ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় লহৰৰ মুখামুখি হৈছিল৷ এয়া আমাৰ বাবে অতিশয় জটিল পৰিস্থিতি আছিল। সেই সময়ত আপুনি পৰিয়ালৰ এজন হিচাপে সংবেদনশীলতাৰে সাহায্যৰ হাত আগবঢ়াই দিছিল। মোৰ সৈতে কথা পতাৰ সময়ত আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিছিল, মই সেয়া সদায় স্মৰণ কৰিম৷ সেইবাবে মই আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আপুনি সেই সময়ত সংবেদনশীলতাৰে সহযোগিতাৰ বার্তা দিছিল আৰু তাৰ পাছৰে পৰাই আমি দেখিছো, মার্কিন যুক্তৰাষ্ট্র চৰকাৰ, মার্কিন কর্পোৰেট সংস্থা আৰু ভাৰতীয় সমুদায়ৰ মানুহে একেলগে ভাৰতৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই দিছে৷
মহোদয়া,
ৰাষ্ট্রপতি বাইডেন আৰু আপুনি অত্যন্ত প্ৰত্যাহ্বানপূর্ণ সময়ত মার্কিন যুক্তৰাষ্ট্রৰ দায়িত্ব গ্রহণ কৰিছে আৰু প্ৰত্যাহ্বান সত্ত্বেও আপোনালোকে কম সময়ৰ ভিতৰতে যথেষ্ট সাফল্য অর্জন কৰিছে৷ ক’ভিড মহামাৰীয়েই হওক বা জলবায়ু পৰিৱর্তন অথবা কোৱাড গোষ্ঠী সম্পৰ্কীয়–এই সকলো ক্ষেত্রত মার্কিন যুক্তৰাষ্ট্রই অতি গুৰুত্বপূর্ণ প্ৰচেষ্টা গ্ৰহণ কৰিছে।
মহোদয়া,
বিশ্বৰ বৃহত্তম আৰু সুপ্রাচীন গণতন্ত্র ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজত স্বাভাবিক অংশীদাৰিত্ব আছে। আমাৰ দুয়োখন দেশৰ মূল্যবোধ, ভৌগোলিক দৃষ্টিভংগী আৰু সহযোগিতা আৰু সমন্বয় অভিন্ন। এই মূল্যবোধ ক্রমশঃ বৃদ্ধি পাইছে। নতুন আৰু উদীয়মান প্রযুক্তি আৰু মহাকাশ ক্ষেত্রত আপোনাৰ বিশেষ আগ্রহ আছে। এই ক্ষেত্ৰত মোৰো সমান আগ্রহ আছে। সেয়েহে, এই সকলো ক্ষেত্রত যোগান-শৃংখলক আৰু অধিক শক্তিশালী কৰিবলৈ পাৰস্পৰিক সহযোগিতা অত্যন্ত গুৰুত্বপূর্ণ।
মহোদয়া,
ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজত অধিক প্রাণৱন্ত আৰু ব্যক্তিৰ সৈতে ব্যক্তিৰ নিবিড় যোগাযোগৰ যি সম্পর্ক আছে, সেয়া আপুনি ভালদৰে জানে৷ ৪০লক্ষাধিক ভাৰতীয় বংশোদ্ভৱে দুয়োখন দেশৰ মাজত সেতু-বন্ধনৰ দৰে কাম কৰিছে৷ বন্ধুত্বৰ সেতু-বন্ধনৰ ক্ষেত্রতো এওঁলোকৰ বৃহৎ ভূমিকা আছে। দুয়োখন দেশৰ আর্থিক আৰু সামাজিক ক্ষেত্রত এওঁলোক অৱদান নিঃসন্দেহে প্রশংনীয়।
মহোদয়া,
মার্কিন যুক্তৰাষ্ট্রৰ উপ-ৰাষ্ট্রপতি হিচাপে আপোনাৰ নির্বাচন প্রকৃতাৰ্থত এক গুৰুত্বপূর্ণ আৰু ঐতিহাসিক ঘটনা। সমগ্ৰ বিশ্বজুৰি অগণন লোকৰ বাবে আপুনি প্রেৰণাৰ উৎস। মই অতিশয় আশাবাদী যে ৰাষ্ট্রপতি বাইডেন আৰু আপোনাৰ সুদক্ষ নেতৃত্বত আমাৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক উচ্চ শিখৰত উপনীত হ’ব।
মহোদয়া,
আপোনাৰ সাফল্যৰ এই যাত্রা অব্যাহত থাকক, ভাৰতীয়সকলেও তাকে কামনা কৰে৷ সেয়েহে, আপোনাক স্বাগতম জনোৱাৰ বাবে তেওঁলোকে অধীৰ অপেক্ষাত আছে৷ মই আপোনাক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্রণ জনাইছো। ঊষ্ণ অভ্যর্থনা জনোৱাৰ বাবে আপোনাক আৰু অধিক এবাৰ ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা প্রকাশ কৰিছো৷
****
DS/AK/DB
(रिलीज़ आईडी: 1761762)
आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada