প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৮ ছেপ্টেম্বৰত ক’ভিড টিকাকৰণ কাৰ্যসূচীৰ অধীনত গোৱাৰ স্বাস্থ্যকর্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 17 SEP 2021 4:34PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৮ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে গোৱাত ক’ভিড টিকাকৰণ কাৰ্যসূচীৰ সৈতে জড়িত স্বাস্থ্যকর্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব৷ উল্লেখ্য যে ৰাজ্যখনত ১০০শতাংশ প্রাপ্তবয়স্ক ব্যক্তিৰ টিকাকৰণ সম্পূর্ণ হৈছে।

ৰাজ্য চৰকাৰৰ প্রয়াসত সফলতাৰে টিকাকৰণ সম্পূৰ্ণ হৈছে। একেদৰে, সাধাৰণ জনতাক উৎসাহিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত টিকাকৰণ সম্পর্কে সজাগতা গঢ়ি তুলিবলৈ টিকা উৎসৱ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘৰে ঘৰে বৃদ্ধ আৰু দিব্যাংগসকলক টিকাকৰণ কৰা হৈছে৷ টিকা সম্পর্কে বিভ্রান্তি দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে সামুহিক প্রচেষ্টা হাতত লৈছে৷ ৰাজ্যখনত ঘূৰ্ণীবতাহ তাউটেৰ প্ৰত্যাহ্বান সত্ত্বেও দ্রুত টিকাকৰণৰ লক্ষ্যত উপনীত হৈছে।

ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রীৰ সৈতে মত বিনিময় অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্রীয়েও অংশগ্ৰহণ কৰে৷

 

****

DS/SH/DB



(Release ID: 1760797) Visitor Counter : 115