কেবিনেট
ভাৰতৰ ইন্সটিটিউট অফ চার্টার্ড একাউনটেণ্ট (আইচিএআই) আৰু চেম্বাৰ অফ অডিটৰ্ছ অফ দ্য ৰিপাবলিক অফ আজাৰবাইজান (চিএএআৰ) প্রতিষ্ঠানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
08 SEP 2021 2:41PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতৰ ইন্সটিটিউট অফ চার্টার্ড একাউনটেণ্ট (আইচিএআই) আৰু চেম্বাৰ অফ অডিটৰ্ছ অফ দ্য ৰিপাবলিক অফ আজাৰবাইজান (চিএএআৰ) প্রতিষ্ঠানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হৈছে।
সবিশেষঃ
ভাৰত আৰু আজাৰবাইজানৰ এই প্রতিষ্ঠান দুটাৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত হিচাপ-নিকাচ, পেশাদাৰী ৰীতি-নীতি, কাৰিকৰী গৱেষণা, বৃত্তিগত একাউটেম্সি প্রশিক্ষণ, হিচাপ-নিকাচৰ ক্ষেত্রত উপযু্ক্ত নিৰীক্ষণ তথা হিচাপ-নিকাচ সংক্রান্তীয় জ্ঞান আৰু মেধাসম্পদ উন্নয়নৰ দৰে ক্ষেত্রত পাৰস্পৰিক সহযোগিতা গঢ় লৈ উঠিব৷
ৰূপায়ণ কৌশল আৰু লক্ষ্যঃ
আইচিএআই আৰু চিএএআৰ প্রতিষ্ঠান দুটাই হিচাপ-নিকাচৰ পৰা আৰম্ভ কৰে আর্থিক বিষয়ক আৰু একাউন্টিং বৃত্তিৰ ক্ষেত্রত সহযোগিতাক আৰু অধিক মজবুত কৰিবলৈ আগ্রহী হৈছে৷ এই লক্ষ্যৰে প্রতিষ্ঠান দুটাই গ্ৰন্থ আৰু আলোচনী, পাৰস্পৰিক সহমতৰ ভিত্তিত নিৱন্ধ প্রকাশকে ধৰি যুটীয়াভাৱে সভা-সন্মিলন আৰু ঘূৰণীয়া মেজমেল আয়োজনত সহমত প্ৰকাশ কৰিছে। বুজাবুজি চুক্তি অনুসৰি, আইচিএআই আৰু চিএএআৰ অডিট আৰু একাউন্টিঙকে ধৰি ব্লকচেন, স্মার্ট কন্ট্রাক্ট চিষ্টেম ইত্যাদি ক্ষেত্রত সৃজনশীল পদ্ধতি প্রয়োগত সমীক্ষা চলাব বুলি সন্মত হৈছে৷ তদুপৰি, দুর্নীতি আৰু ধন সৰবৰাহৰ বিৰুদ্ধে যৌথ সহযোগিতাৰ ক্ষেত্ৰতো আগ্রহ প্রকাশ কৰিছে।
প্ৰভাৱঃ
সমগ্ৰ বিশ্বত ৪৫খন দেশৰ ৬৯খন চহৰত আইচিএআইৰ শাখা আৰু প্রতিনিধিত্বমূলক কার্যালয় আছে। সেয়েহে সংশ্লিষ্ট দেশত আইচিএআইৰ সদস্যসকলে প্রাসঙ্গিক সকলো বিষয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিব৷ ভাৰত চৰকাৰে সেই সকলো দেশৰ পন্থা-পদ্ধতিসমূহক কামত লগাই বৈদেশিক বিনিয়োগৰ প্ৰতি আকৃষ্ট কৰিব পাৰে৷
লাভালাভঃ
বিদেশী সংস্থাসমূহক ভাৰতত তেওঁলোকৰ প্রতিষ্ঠান স্থাপনতো উৎসাহ দিব পাৰে৷ আজাৰবাইজানৰ প্রতিষ্ঠানৰ সৈতে আইচিএআইৰ বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত উভয় প্রতিষ্ঠানেই হিচাপ-নিকাচ বৃত্তিৰ ক্ষেত্রত সেৱা বিনিময় কৰিব পাৰিব৷
উল্লেখ্য যে ভাৰতত চার্টার্ড একাউনটেণ্ট বৃত্তিত নিয়ন্ত্রণ বজাই ৰখাৰ লক্ষ্যৰে ১৯৪৯ চনৰ চার্টার্ড একাউনটেন্স আইনৰ অধীনত এটা সংবিধিবদ্ধ প্রতিষ্ঠান হিচাপে ইন্সটিটিউট অফ চার্টার্ড একাউনটেণ্ট অফ ইণ্ডিয়া (আইচিএআই) স্থাপন কৰা হয়।
****
DS/DB
(रिलीज़ आईडी: 1755984)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam