প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয়ান পৰিষদৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 31 AUG 2021 8:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয়ান পৰিষদৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ সৈতে ফোনযোগে কথা পাতে৷

দুয়োগৰাকী নেতাই আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি আৰু অঞ্চলটোৰ লগতে বিশ্বত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে৷ তেওঁলোকে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভয়ংকৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ কঠোৰ ভাষাৰে নিন্দা কৰে৷ তেওঁলোকে এখন সুস্থিৰ আৰু নিৰাপদ আফগানিস্তানৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত ভাৰত আৰু ইউৰোপীয়ান সংঘৰ শক্তিশালী ভূমিকাৰ সন্দৰ্ভত আলোচনা কৰে৷

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক আৰু বিশ্ব পৰ্যায়ৰ বিষয়, বিশেষকৈ আফগানিস্তানৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি থাকিব বুলি সহমত পোষণ কৰে৷

***

DS/SH/DB



(Release ID: 1751325) Visitor Counter : 133