প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কল্যাণ সিঙৰ বিয়োগত সংবাদ মাধ্যমত প্রধানমন্ত্রীৰ বক্তব্য

কল্যাণ সিঙলৈ অন্তিম শ্রদ্ধাঞ্জলি জনালে প্রধানমন্ত্রী মোদীয়ে

কল্যাণ সিংজী… এনে এগৰাকী নেতা আছিল, যি জনকল্যাণৰ বাবে সদায় কাম কৰিছে আৰু দেশজুৰি প্রশংসা লাভ কৰিছিলঃ প্রধানমন্ত্রী

Posted On: 22 AUG 2021 4:27PM by PIB Guwahati

“আমাৰ সকলোৰে বাবে এয়া অতি দুখৰ মুহূর্ত। কল্যাণ সিংজীৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল কল্যাণ। তেওঁ সমগ্ৰ জীৱন এনেদৰে অতিবাহিত কৰিছিল যে তেওঁৰ পিতৃ-মাতৃয়ে দিয়া নাম সার্থক প্ৰতিপন্ন হৈছে। মানুহৰ কল্যাণাৰ্থে তেওঁ তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল আৰু সেয়াই আছিল তেওঁ জীৱনৰ মন্ত্র৷ ভাৰতীয় জনতা পার্টি, ভাৰতীয় জন সংঘ আৰু ভাৰতৰ উন্নত ভৱিষ্যতৰ বাবে তেওঁ নিজকে সমর্পিত কৰিছিল৷

কল্যাণ সিংজী ভাৰতৰ চুকে-কোণে বিশ্বাসৰ এক নাম হৈ উঠক৷ তেওঁ দৃঢ়তাৰে সিদ্ধান্ত গ্রহণ কৰিছিল আৰু সমগ্ৰ জীৱন মানুহৰ কল্যাণাৰ্থে কাম কৰিছিল৷ বিধায়ক, চৰকাৰ চলোৱাৰ দায়িত্ব বা ৰাজ্যপাল-যি কাম তেওঁক দিয়া হৈছে, সেই কাম আনৰ অনুপ্রেৰণাৰ উৎস হৈ উঠিছে। তেওঁ জনমানসত আস্থাৰ প্রতীক আছিল।

দেশে এগৰাকী মহান ব্যক্তিত্ব আৰু যোগ্য নেতাক হেৰুৱালে। তেওঁৰ আদর্শ অনুসৰণ কৰি আৰু স্বপ্নপুৰণৰ জৰিয়তে তেওঁ অবৰ্তমানত যি ক্ষতি হ’ল, আমি সেয়া পূৰণ কৰাৰ চেষ্টা কৰিম৷ মই ভগৱান ৰামৰ ওচৰত প্রার্থনা কৰিছো, তেওঁ যাতে কল্যাণ সিংজীক তেওঁৰ চৰণত স্থান দিয়ে আৰু এই সংকটৰ সময়ত তেওঁৰ পৰিয়ালক শক্তি দিয়ে। লগতে শোকসন্তপ্ত লোকসকলক পৰিস্থিতি মোকাবিলা কৰাৰ শক্তি দিবলৈ প্রভু ৰামৰ ওচৰত প্রার্থনা কৰিছো, যিসকলে তেওঁৰ আদর্শ, মূল্যবোধক বিশ্বাস কৰে, দেশৰ ঐতিহ্য আৰু সংস্কৃতিক ভাল পাই, তেওঁলোক এই শোকৰ পৰিস্থিতিৰ পৰা বাহিৰ হৈ আহক৷

 

****

DS/VK/AK/DB



(Release ID: 1750569) Visitor Counter : 139