প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত ত্যাগ আন্দোলনৰ অংশগ্ৰহণকাৰীসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 AUG 2021 9:41AM by PIB Guwahati

উপনিবেশবাদৰ বিৰুদ্ধে যুঁজখন সুদৃঢ়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰত ত্যাগ আন্দোলনৰ প্ৰতিজন অংশগ্ৰহণকাৰীলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা নিবেদন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"উপনিবেশবাদৰ বিৰুদ্ধে যুঁজখন সুদৃঢ়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা মহানসকললৈ শ্ৰদ্ধা নিবেদন কৰিছো। মহাত্মা গান্ধীৰদ্বাৰা অনুপ্ৰাণিত হৈ, ভাৰত ত্যাগ আন্দোলনৰ উদ্দীপনা সমগ্ৰ ভাৰততে প্ৰতিধ্বনিত হৈছিল আৰু ই আমাৰ ৰাষ্ট্ৰৰ যুৱ সমাজক উদ্যত কৰিছিল।"

***

DS/SH/SB



(Release ID: 1745799) Visitor Counter : 159