প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব সিংহ দিৱসত সিংহ সংৰক্ষণৰ প্ৰতি আগ্ৰহী সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
10 AUG 2021 10:55AM by PIB Guwahati
বিশ্ব সিংহ দিৱস উপলক্ষ্যে সিংহ সংৰক্ষণৰ প্ৰতি আগ্ৰহী সকলোকে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
একাধিক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘সিংহই ৰাজকীয়ভাৱে চলে আৰু ই সাহসী। এছিয়াটিক সিংহৰ বাসভূমি হোৱাৰ বাবে ভাৰত গৌৰৱান্বিত। বিশ্ব সিংহ দিৱসত, মই সিংহ সংৰক্ষণৰ প্ৰতি আগ্ৰহী সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকে জানি সুখী হ’ব যে যোৱা কেইবছৰমানত ভাৰতত সিংহৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ, মই গিৰত বাস কৰা সিংহৰ বাবে সুৰক্ষিত আৰু নিৰাপদ বাসস্থান নিশ্চিত কৰাৰ বাবে কাম কৰাৰ সুযোগ পাইছিলোঁ। কেইবাটাও পদক্ষেপ লোৱা হৈছিল য’ত স্থানীয় লোকসকলক জড়িত কৰি নানান উদ্যোগ গ্ৰহণ কৰা হৈছিল আৰু বাসস্থান সুৰক্ষিত আৰু নিশ্চিত কৰাৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি অনুসৰণ কৰা হৈছিল। ইয়াৰ ফলত পৰ্যটন উদ্যোগৰো বিকাশ ঘটিছিল।’
***
DS/SH/KG
(ৰিলিজ আই ডি : 1745418)
অতিথি কক্ষ : 260
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam