প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৭ আগষ্টত মধ্য প্ৰদেশৰ পিএমজিকেএৱাইৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব

Posted On: 05 AUG 2021 6:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্ট ২০২১ তাৰিখে পুৱা ১১ বজাত মধ্যপ্ৰদেশৰ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএৱাই) হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত-বিনিময় কৰিব।

 

আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা এক তীব্ৰ অভিযান আৰম্ভ কৰা হৈছে যাতে কোনো যোগ্য ব্যক্তি এই আঁচনিৰ পৰা বাদ নপৰে। ৰাজ্যখনে  ৭আগষ্ট, ২০২১ তাৰিখটো প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা দিৱস হিচাপে উদযাপন কৰিব।

 

পিএমজিকেএৱাইৰ অধীনত মধ্য প্ৰদেশৰ ৪.৮৩ কোটি হিতাধিকাৰীয়ে ২৫০০০ তকৈও অধিক ন্যায্য মূল্যৰ দোকানৰ পৰা বিনামূলীয়া ৰেচন লাভ কৰিছে।

 

এই অনুষ্ঠানত মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মাংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকিব। অনুষ্ঠানটোত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা, হাৰিয়ানা আৰু গোৱাৰ খাদ্য দপ্তৰৰ মন্ত্ৰী আৰু বিষয়াসকলেও অংশগ্ৰহণ কৰিব।

 

****

DS/SH/KG


(Release ID: 1743750) Visitor Counter : 188