প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫ আগষ্টত উত্তৰপ্ৰদেশৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 AUG 2021 9:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ আগষ্ট, ২০২১ৰ দুপৰীয়া ১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে উত্তৰপ্ৰদেশৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব৷

উত্তৰপ্ৰদেশত ৫ আগষ্ট, ২০২১ৰ দিনটো প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা দিৱস হিচাপে পালন কৰিব৷ এই উপলক্ষে সমগ্ৰ ৰাজ্যখনত এক বিশাল সজাগতা কাৰ্যসূচী হাতত লোৱা হ’ব, যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা কোনো বঞ্চিত হৈ নাথাকে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ১৫ কোটি হিতাধিকাৰীয়ে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিছে৷ প্ৰায় ৮০,০০০ সুলভ মূল্যৰ দোকানে হিতাধিকাৰীসকলক এই আঁচনিৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে৷

এই উপলক্ষে অনুষ্ঠানত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব৷

****

DS/SH/DB



(Release ID: 1742515) Visitor Counter : 177