প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আৰ্চাৰী বিশ্বকাপ’ত দেখুওৱা প্ৰদৰ্শনৰ বাবে দীপিকা কুমাৰী, অংকিতা ভকত, কোমলিকা বাৰি, অতনু দাস আৰু অভিষেক বাৰ্মাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 JUN 2021 2:53PM by PIB Guwahati

পেৰিছত অনুষ্ঠিত ‘আৰ্চাৰী বিশ্বকাপ প্ৰতিযোগিতা’ত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে দীপিকা কুমাৰী, অংকিতা ভকত, কোমলিকা বাৰি, অতনু দাস আৰু অভিষেক বাৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক অভিনন্দন বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্বকাপ প্ৰতিযোগিতাত আমাৰ আৰ্চাৰসকলে শেহতীয়া দিনদিয়েকত অনবদ্য প্ৰদৰ্শন দাঙি ধৰিছে। @দীপিকা কুমাৰী, অংকিতা ভকত, কোমলিকা বাৰি, অতনু দাস আৰু অভিষেক বাৰ্মাক তেওঁলোকৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। এওঁলোকৰ সাফল্যই উদীয়মান প্ৰতিভাধৰসকলক নিশ্চয় উদ্বুদ্ধ কৰিব”।

 

****

DS/SH/KB


(रिलीज़ आईडी: 1740619) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada