প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাৰাবাংকীত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত শোক প্ৰধানমন্ত্ৰীৰ
‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা
प्रविष्टि तिथि:
28 JUL 2021 9:40AM by PIB Guwahati
উত্তৰ প্ৰদেশৰ বাৰাবংকীত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“উত্তৰ প্ৰদেশৰ বাৰাবাংকীত সংঘটিত পথ দুৰ্ঘটনাৰ বাতৰিটোৱে বুৰুকৈয়ে ব্যথিত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। অলপ আগতে মুখ্যমন্ত্ৰী যোগী জীৰ সৈতে এই সন্দৰ্ভত কথা-বতৰা পাতিছো। আহতসকলৰ যথোচিত চিকিত্সাৰ বাবে উন্নত ব্যৱস্থা কৰা হৈছে।
দুৰ্ঘটনাটোত নিহত-আহতসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে এককালীন সাহায্যও ঘোষণা কৰিছে। সেই অনুসৰি নিহতসকলৰ নিকটাত্মীয়লৈ ২লাখ টকাকৈ আৰু আহতসকলৰ প্ৰত্যেকলৈ ৫০হাজাৰ টকাকৈ ধনৰাশি আগবঢ়োৱা হ’ব।
***
DS/SH/KB
(रिलीज़ आईडी: 1740522)
आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam