প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

টকিঅ’-২০২০ ত ভাৰতৰ দলৰ সহায়তাৰ অৰ্থে প্ৰস্তুতিৰ পৰ্য্যালোচনা প্ৰধানমন্ত্ৰীৰ

১৩ জুলাইত অলিম্পিক অভিমুখী ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাবলৈ তেওঁলোকৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 JUL 2021 1:51PM by PIB Guwahati

টকিঅ-২০২০ ত ভাৰতৰ দলৰ সহায়তাৰ অৰ্থে প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ১৩ জুলাইত অলিম্পিক অভিমুখী ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাবলৈ তেওঁলোকৰে মত-বিনিময় কৰিব।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "@Tokyo2020 ত ভাৰতৰ দলৰ সহায়তাৰ অৰ্থে প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰো। ইয়াত লজিষ্টিক সম্পৰ্কীয় সবিশেষ, তেওঁলোকৰ টীকাকৰণৰ স্থিতি, প্ৰদত্ত বহু-মাত্ৰিক সহায়তা সন্দৰ্ভত আলোচনা কৰা হয়।

১৩০ কোটি ভাৰতীয়ৰ হৈ, মই ১৩ জুলাইত অলিম্পিক অভিমুখী ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাবলৈ তেওঁলোকৰে মত-বিনিময় কৰিম। আমি সকলোৱে #Cheer4India কৰো আহক।"

***

DS/SH/SB



(Release ID: 1734483) Visitor Counter : 158