প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৪৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকসকললৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 04 JUL 2021 2:36PM by PIB Guwahati

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২৪৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মহামহিম জো বাইডেনৰ লগতে দেশখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২৪৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে @POTUS @JoeBiden-ৰ লগতে মাৰ্কিন ৰাইজলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। উজ্জীৱিত গণতন্ত্ৰ হিচাপে ভাৰত আৰু আমেৰিকাই স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ প্ৰমূল্যক সদায়ে হৃদয়ংগম কৰি আহিছে। আমাৰ ৰণ-কৌশলগত সহযোগিতাই প্ৰকৃতাৰ্থতে গোলকীয় মহত্বকে বহণ কৰে”।   

 

***

DS/SH/KB


(ৰিলিজ আই ডি : 1733037) অতিথি কক্ষ : 231