প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্বৰ প্ৰতিটো প্ৰান্তলৈকে যোগৰ প্ৰসাৰ নিশ্চিত কৰিবলৈ আমি প্ৰচেষ্টা কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী মোদী

পোষ্ট কৰা হৈছে: 21 JUN 2021 8:11AM by PIB Guwahati

বিশ্বৰ প্ৰতিটো প্ৰান্তলৈকে যাতে যোগৰ প্ৰসাৰ ঘটে সেয়া নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ আচাৰ্য, যোগ প্ৰচাৰক আৰু যোগৰ সৈতে জড়িত সকলোকে আহ্বান জনাইছে। তেওঁ সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দিয়া ভাষণত এইদৰে আহ্বান জনায়।

 

গীতাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগৰ জৰিয়তে আমি সংঘবদ্ধ হৈ আগুৱাব লাগিব কিয়নো যোগত আছে সকলোৰে সমস্যাৰ সমাধান। যোগে দুখ-কষ্টৰ পৰা মুক্তি দিয়ে আৰু ই সকলোকে সহায় কৰে, প্ৰধানমন্ত্ৰীয়ে কয়।

 

যোগৰ বৰ্ধিত জনপ্ৰিয়তা আৰু ইয়াৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগৰ ভেটি আৰু মূল অংশ অক্ষুণ্ণ ৰাখি প্ৰতিজন ব্যক্তিৰ ওচৰলৈ ইয়াক লৈ যোৱাটো গুৰুত্বপূৰ্ণ। যোগ আচাৰ্য আৰু আমি সকলোৱে যোগক সকলোৰে ওচৰলৈ লৈ যোৱাৰ এই কামত অৰিহণা যোগাব লাগে, প্ৰধানমন্ত্ৰীয়ে কয়।

 

*******************************************************

DS/KG


(ৰিলিজ আই ডি : 1732781) অতিথি কক্ষ : 198