কেবিনেট

স্বাস্থ্য-গৱেষণা ক্ষেত্ৰত ভাৰত-ম্যানমাৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিলৈ কেবিনেটৰ অনুমোদন

Posted On: 30 JUN 2021 4:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই স্বাস্থ্য-গৱেষণা ক্ষেত্ৰত ‘ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ’(আইচিএমআৰ) আৰু ম্যানমাৰৰ ‘স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়’ৰ অধীনস্থ ‘চিকিত্সা গৱেষণা বিভাগ’(ডিএমআৰ)ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনলৈ অনুমোদন জনায়। উল্লেখ্য যে চুক্তিখন ২০২০চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল।

বুজাবুজিৰ চুক্তিখনৰ জৰিয়তে দুয়োদেশৰ পাৰস্পৰিক সহযোগিতাৰ আধাৰত তলত উল্লিখিত বিষয়সমূহৰ ক্ষেত্ৰত চিকিত্সা সংক্ৰান্তীয় গৱেষণা আগুৱাই নিয়াৰ প্ৰয়াস কৰা হ’ব। সেয়া হৈছে:

 

  1. সংক্ৰামক ৰোগ বিলুপ্ত কৰা(পাৰস্পৰিক সিদ্ধান্তৰ আধাৰত)
  2. ভাইৰাছ জনিত সংক্ৰমণ বিৰোধী এক নেটৱৰ্ক বিকশিত কৰা
  3. গৱেষণাৰ পদ্ধতি প্ৰবন্ধন, ক্লিনিকেল পৰীক্ষণ, আচাৰ-সংহিতা আদি প্ৰণয়নৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ/সামৰ্থ্য বৰ্দ্ধনৰ পদক্ষেপ গ্ৰহণ কৰা
  4. নিয়ামক ব্যৱস্থাৰ সমানীকৰণৰ ব্যৱস্থা কৰা

যথা সময়ত পুঁজিৰ পৰ্যাপ্ততাৰ ভিত্তিত কৰ্মশালা-সন্মিলন তথা প্ৰকল্পসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰি পুঁজি মোকলাই দিয়াৰ প্ৰতশ্ৰুতি প্ৰদান কৰা হৈছে।

*******

DS/KB



(Release ID: 1732110) Visitor Counter : 129