প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৪ জুনত চিএছআইআৰ ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব

प्रविष्टि तिथि: 03 JUN 2021 9:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জুনত পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা(চিএছআইআৰ)ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব।

এই ছ’চাইটীখন বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনষ্ঠ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ এক অংশ। সমগ্ৰ দেশত ৩৭টা পৰীক্ষাগাৰ আৰু ৩৯টা কেন্দ্ৰৰ মাধ্যমেৰে ইয়াৰ কাৰ্যকলাপ চলি আছে। প্ৰখ্যাত বিজ্ঞানী, উদ্যোগপতি আৰু বৈজ্ঞানিক মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়ববীয়াসকল এই ছ’চাইটীৰ সদস্য আৰু তেওঁলোকে বছৰি এবাৰকৈ মিলিত হয়।

***

DS/AKJ/MS


(रिलीज़ आईडी: 1728863) आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam