পোষ্ট কৰা হৈছে:
16 JUN 2021 2:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ্ছ) ফাণ্ড ন্যাসে পশ্চিম বংগৰ মুৰ্শিদাবাদ আৰু কল্যাণীত ডিআৰডিঅ’ৰ দ্বাৰা দুখন ২৫০ খন বিচনাযুক্ত অস্থায়ী কোভিড চিকিৎসালয় স্থাপনৰ বাবে ৪১.৬২ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে, ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়েও কিছু আন্তঃগাঁথনিমূলক সহায় আগবঢ়াব।
এই প্ৰকল্পটোৱে পশ্চিম বংগৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰিব যাতে কভিড পৰিস্থিতি কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি।
প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ্ছ) ফাণ্ড ন্যাসে স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিত সহায় কৰে। বিহাৰ, দিল্লী, জম্মু আৰু শ্ৰীনগৰতো কভিড চিকিৎসালয় স্থাপনত এই ন্যাসে সহায় কৰিছিল।
****
DS/AK/KG