প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পদ্ম বিভূষণ ছাৰ অনিৰুধ জুগনাউথেৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 03 JUN 2021 11:57PM by PIB Guwahati

বহু বছৰ ধৰি মৰিচাছৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াই অহা পদ্ম বিভূষণ ছাৰ অনিৰুধ জুগনাউথেৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে কয়ঃ

"বৰেণ্য নেতা ও ৰাষ্ট্ৰনায়ক পদ্ম বিভূষণ ছাৰ অনিৰুধ জুগনাউথ আছিল আধুনিক মৰিচাছৰ খনিকৰ। এজন গৰ্বিত প্ৰবাসী ভাৰতীয় তেওঁ বিশেষ দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছিল যিয়ে তেওঁৰ উত্তৰাধিকাৰীক উদ্বুদ্ধ কৰিব। তেওঁৰ পৰিয়ালবৰ্গ ও মৰিচাছৰ জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"

****

DS/SB



(Release ID: 1725830) Visitor Counter : 125