কেবিনেট
খনিজ সম্পদসমূহৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত আৰু আর্জেন্টিনীয় প্রজাতন্ত্রৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
02 JUN 2021 12:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ খনি মন্ত্ৰালয় আৰু আৰ্জেন্টিনীয় প্ৰজাতন্ত্ৰৰ উৎপাদনশীল উন্নয়ন মন্ত্ৰালয়ৰ খনন নীতি সচিবালয়ৰ মাজত এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰৰ অৰ্থে অনুমোদন জনালে।
এই বুজাবুজিৰ চুক্তিয়ে খনিজ সম্পদসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে আনুষ্ঠানিক ব্যৱস্থা প্ৰশস্ত কৰি তুলিব।
বুজাবুজিৰ চুক্তিখনিৰ উদ্দেশ্য হৈছে লিথিয়ামৰ নিষ্কাশন, খনন আৰু উপকাৰকে ধৰি খনিজ অন্বেষণ আৰু উন্নয়নক উদ্দীপনা যোগোৱাৰ অৰ্থে সহযোগিতা; পাৰস্পৰিক লাভা-লাভৰ অৰ্থে আধাৰ ধাতু, জটিল আৰু কৌশলী খনিজৰ ক্ষেত্ৰত যুটীয়া উদ্যম গঠনৰ সম্ভাৱনা; কাৰিকৰী আৰু বৈজ্ঞানিক তথ্যৰ বিনিময় আৰু ধাৰণা ও জ্ঞানৰ আদান-প্ৰদান; প্ৰশিক্ষণ আৰু সামৰ্থ্য গঢ়ি তোলা আৰু উদ্ভাৱনৰ উদ্দেশ্যক সিদ্ধ কৰা খনন ক্ৰিয়া-কলাপৰ ক্ষেত্ৰত বিনিয়োগ আৰু উন্নয়নক প্ৰোৎসাহনৰে জড়িত কাৰ্য্য-কলাপ সুদৃঢ় কৰি তোলা।
***
DS/SB
(ৰিলিজ আই ডি : 1723842)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam