স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজত জড়িত স্বাস্থ্যকৰ্মীৰ বাবে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ’(পিএমজিকেপি)ৰ অধীনত বীমা আঁচনি, বীমাৰ ধন মোকলোৱাৰ প্ৰক্ৰিয়াক অধিক মসৃণ কৰি তোলাৰ বাবে নতুন পদ্ধতি বলবত্কৰণৰ ব্যৱস্থা

বীমাৰ দাবী প্ৰত্যায়িত কৰিব জিলা উপায়ুক্তই, অনুমোদন জনাই ৪৮ঘণ্টাৰ ভিতৰত তাৰ নিষ্পত্তি কৰিব বীমা প্ৰতিষ্ঠানে

আগশাৰীৰ কৰ্মচাৰীলৈ সুৰক্ষা প্ৰদান কৰাটো হ’ল কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ প্ৰথমিকতা

Posted On: 01 JUN 2021 3:30PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত যুঁজখনত কেন্দ্ৰীয় চৰকাৰে সন্মুখত থাকি নেতৃত্ব প্ৰদান কৰাৰ লগতে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিটো প্ৰয়াসতে ‘সমগ্ৰ চৰকাখনেই উবুৰি খাই পৰা’দি পৰি সহযোগিতা আগবঢ়াই আহিছে। এনে প্ৰয়াসৰ অংশ হিচাপেই যোৱা ২৪ এপ্ৰিল, ২০২১ৰ পৰা বলবত্ হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ’(পিএমজিকেপি)ৰ অধীনত ক’ভিড-১৯ বিৰোধী যুঁজখনত বিজড়িত হোৱা স্বাস্থ্য কৰ্মীসকলৰ বাবে বীমা আঁচনি সম্প্ৰসাৰিত কৰিছিল।

আগশাৰীত থাকি কৰ্ম সম্পাদন কৰি অহা স্বাস্থ্য কৰ্মীসকলৰ দৰে আগশাৰীৰৰ কৰ্মচাৰীসকলৰ সুৰক্ষাক কেন্দ্ৰীয় চৰকাৰে সদায়ে সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰি আহিছে আৰু সেয়ে চৰকাৰখনে আগন্তুক এটা বছৰৰ বাবে এই আঁচনিখন পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰিছে।

৩০ মাৰ্চ, ২০২০ত ঘোষণা কৰা ক’ভিড-১৯ যুঁজত ব্ৰতী থকা স্বাস্থ্যকৰ্মীসকলৰ বাবে উচৰ্গিত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ’(পিএমজিকেপি) বীমা আঁচনিখন প্ৰথম অৱস্থাত ৩০দিনৰ বাবে ঘোষণা কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে কমিউনিটী স্বাস্থ্যকৰ্মী, ব্যক্তিগত চিকিত্সা প্ৰতিষ্ঠানত কৰ্মৰত স্বাস্থ্যকৰ্মীকে ধৰি প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীলৈ ৫০লাখ টকাৰ দুৰ্ঘটনাজনিত বীমাসেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰৰ অধীনস্থ ‘নিউ ইণ্ডিয়া এছ্যুৰেন্স কোম্পানী’(এনআইএচিএল)ৰ দ্বাৰা আঁচনিখন ৰূপায়ণৰ দিহা কৰা হৈছিল।  এই বীমা আঁচনিখন এই পৰ্যন্ত দুবাৰ সম্প্ৰসাৰিত কৰা হৈছে।

দাবীকৃত বীমাৰ প্ৰক্ৰিয়া নিষ্পত্তি কৰাত বিলম্ব হোৱাৰ প্ৰসংগ বিভিন্ন ৰাজ্য তথা অন্য সংশ্লিষ্ট পক্ষসমূহে প্ৰায়েই উথ্থাপন কৰি অহা পৰিলক্ষিত হৈছিল। এনে প্ৰেক্ষাপটতে, বীমাৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়াত হোৱা বিলম্বৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে সামগ্ৰিক ভাবে প্ৰক্ৰিয়াটোৰ সৰলীকৰণৰ লক্ষ্যৰে এই ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে জিলা উপায়ুক্ত পৰ্যায়ত যাৱতীয় তথ্যৰ পৰ্যালোচনাৰ আধাৰত বীমাৰ দাবী নিষ্পত্তিৰ অনুমোদন জনোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো বীমাৰ ক্ষেত্ৰত আঁচনিখনৰ সন্দৰ্ভত ইতিমধ্যে আগবঢ়োৱা ‘মানক পৰিচালন বিধি’(এছঅ’পি)ৰ আধাৰত উপায়ুক্তসকলে প্ৰমাণ পত্ৰ প্ৰদান কৰিব আৰু এই প্ৰমাণ পত্ৰৰ আধাৰত বীমা প্ৰতিষ্ঠানসমূহে ৪৮ঘণ্টাৰ ভিতৰত অনুমোদন প্ৰদান কৰি বীমাৰ ধন মোকলোৱাৰ ব্যৱস্থা কৰিব। তদুপৰি, সমানতা অক্ষুন্ন ৰখাৰ লগতে দ্ৰুত মীমাংসাৰ কথাটো নিশ্চিত কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চিকিত্সালয়/এইমছ তথা ৰে’ল বিভাগৰ চিকিত্সালয়সমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ বীমা প্ৰসংগতো উপায়ুক্ত সকলেই যাৱতীয় তথ্যাৱলী পৰীক্ষণৰ আধাৰত প্ৰমাণ পত্ৰ প্ৰদানৰ দিহা কৰিব।

​অচিৰেই বলবত্ হ’বলগীয়া এই প্ৰক্ৰিয়াৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক ইতিমধ্যে অৱগত কৰিছে।

****

MV/KB

HFW/COVID extension of PMGKP w e f 24.4.21 /1stJune 2021/3



(Release ID: 1723666) Visitor Counter : 285