স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

प्रविष्टि तिथि: 01 JUN 2021 9:15AM by PIB Guwahati

৫৪ দিনৰ ভিতৰত ভাৰতত সৰ্বনিম্ন ১.২৭ লাখ দৈনিক নতুন ঘটনা লাভ কৰা হৈছে; যিয়ে নতুন ঘটনাৰ অৱনমনৰ ধাৰা প্ৰদৰ্শন কৰিছে।

ভাৰতৰ সক্ৰিয় কেছল’ড ১৮,৯৫,৫২০ লৈ হ্ৰাস পায়। ৪৩ দিনৰ পাছত এই পৰিমাণ ২০ লাখৰ কম হৈছে।

যোৱা ২৪ ঘন্টাত ১,৩০,৫৭২ সক্ৰিয় ঘটনা হ্ৰাস পায়।

এতিয়ালৈকে সমগ্ৰ দেশখনতে আৰোগ্য লাভৰ ঘটনাৰ মুঠ সংখ্যা ২,৫৯,৪৭,৬২৯ হৈছে।

যোৱা ২৪ ঘন্টাত ২,৫৫,২৮৭ ৰোগীয়ে আৰোগ্য লাভ কৰে।

একেৰাহে ১৯ দিন ধৰি আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে।

আৰোগ্য লাভৰ হাৰ অবিৰাম বৃদ্ধি পাই আছে, আজি এই হাৰ হয় ৯২.০৯%।

সম্প্ৰতি সাপ্তাহিক পজিটিভিটি হাৰ ৮.৬৪%।

দৈনিক পজিটিভিটি হাৰ ৬.৬২% লৈ হ্ৰাস পাইছে, একেৰাহে ৮ দিন ধৰি এই হাৰ ১০% ৰ নিম্ন হৈ আছে।

টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে – সম্পন্ন কৰা মুঠ টেষ্টৰ পৰিমাণ ৩৪.৬৭ কোটি।

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ অধীনত এতিয়ালৈকে ২১.৬ কোটি পালি ভেকচিন প্ৰদান কৰা হৈছে।

***

MV/SB


(रिलीज़ आईडी: 1723609) आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam