স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

নতুন ঘটনা অৱনমনৰ ধাৰা অব্যাহতৰে ভাৰতৰ দৈনিক নতুন ঘটনা ১.৫২ লাখলৈ হ্ৰাস পাইছে

যোৱা ৫০ দিনৰ ভিতৰত দৈনিক নতুন ঘটনা সৰ্বনিম্ন

যোৱা ২৪ ঘন্টাত ৮৮,৪১৬ হ্ৰাসেৰে, সক্ৰিয় কেছল’ড ২০,২৬,০৯২ লৈ হ্ৰাস

একেৰাহে ১৮ দিনৰ বাবে দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে

আৰোগ্য লাভৰ হাৰ ৯১.৬০% লৈ বৃদ্ধি

একেৰাহে ৭ দিনৰ বাবে দৈনিক পজিটিভিটি হাৰ ১০% ৰ কম হৈ থাকি বৰ্তমানে ৯.০৭%

টেষ্টিং ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি – এতিয়ালৈকে ৩৪.৪৮ কোটি মুঠ টেষ্ট সম্পন্ন

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ অধীনত এতিয়ালৈকে ২১.৩ কোটিৰো অধিক পালি ভেকচিন প্ৰদান

Posted On: 31 MAY 2021 10:38AM by PIB Guwahati

দৈনিক নতুন ঘটনাৰ নিৰৱচ্ছিন্ন হ্ৰাসৰ অংশ হিচাপে, যোৱা ৫০ দিনৰ ভিতৰত ভাৰতৰ দৈনিক নতুন ঘটনা সৰ্বনিম্ন ১.৫২ লাখ হৈ পৰিছে।

একেৰাহে ৪ দিন ধৰি দেশখনৰ দৈনিক নতুন ঘটনা ২ লাখৰ নিম্ন হৈ আছে।

যোৱা ২৪ ঘন্টাত ১,৫২,৭৩৪ দৈনিক নতুন ঘটনা লাভ কৰা হয়।

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2021/may/ph202153101.jpg

ভাৰতত সক্ৰিয় কেছল’ডৰ নিৰৱচ্ছিন্ন হ্ৰাস পৰিলক্ষিত হৈছে। আজি সক্ৰিয় ঘটনাৰ সংখ্যা ২০,২৬,০৯২ লৈ হ্ৰাস পাইছে।

যোৱা ২৪ ঘন্টাত ৮৮,৪১৬ টা ঘটনা হ্ৰাস পায় আৰু এতিয়া সক্ৰিয় ঘটনাসমূহৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৭.২২%।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002U3ZM.jpg

একেৰাহে ১৮ দিনৰ বাবে ভাৰতৰ দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে। যোৱা ২৪ ঘন্টাত ২,৩৮,০২২ ৰোগীয়ে আৰোগ্য লাভ কৰে।

যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনাৰ তুলনাত ৮৫,২৮৮ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰে।

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2021/may/ph202153121.jpg

মহামাৰীটোৰ আৰম্ভণিৰেপৰা সংক্ৰমিত লোকসকলৰ ভিতৰত ২,৫৬,৯২,৩৪২ লোকে ইতিমধ্যে ক’ভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰিছে ও যোৱা ২৪ ঘন্টাত ২,৩৮,০২২ ৰোগীয়ে আৰোগ্য লাভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক আৰোগ্য লাভৰ হাৰ ৯১.৬০% হৈছেহি।

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2021/may/ph202153131.jpg

যোৱা ২৪ ঘন্টাত দেশখনত ১৬,৮৩,১৩৫ টা টেষ্ট সম্পন্ন কৰা হয় আৰু এতিয়ালৈকে ভাৰতত ৩৪.৪৮ কোটি টেষ্ট সম্পন্ন কৰা হৈছে।

সমগ্ৰ দেশখনতে টেষ্টিং বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সাপ্তাহিক পজিটিভিটি হাৰ হ্ৰাস হোৱাটো পৰিলক্ষিত হৈছে। সম্প্ৰতি সাপ্তাহিক পজিটিভিটি হাৰ ৯.০৪% ৰ বিপৰীতে দৈনিক পজিটিভিটি হাৰ হ্ৰাস পাইছে আৰু আজি ৯.০৭% হৈছে। এই হাৰে একেৰাহে ৭ দিন ধৰি ১০% ৰ নিম্ন হৈ আছে।

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2021/may/ph202153141.jpg

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানটোৰ অধীনত দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই আজি ২১.৩১ কোটি অতিক্ৰম কৰে।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ৩০,২৮,২৯৫ ছেচনজুৰি মুঠ ২১,৩১,৫৪,১২৯ পালি ভেকচিন প্ৰদান কৰা হয়।

ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

৯৮,৬৭,৩১০

২য় পালি

৬৭,৭৬,৬৪৪

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

,৫৫,৯২,৩২৫

২য় পালি

৮৪,৯৭,১২০

১৮-৪৪ বছৰ বয়স

১ম পালি

,৮৯,৬৪,৫৯৫

২য় পালি

১০,০৫৮

৪৫-৬০ বছৰ বয়স

১ম পালি

,৫৬,৬০,৬৯৩

২য় পালি

,০৫,৭৪,৪৪১

৬০ বছৰৰ উৰ্ধ

১ম পালি

,৮৫,২৮,৪৪৮

২য় পালি

,৮৬,৮২,৪৯৫

মুঠ

২১,৩১,৫৪,১২৯

 

***

MV/SB



(Release ID: 1723144) Visitor Counter : 184