স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী অভিযানৰ শেহতীয়া স্থিতি

Posted On: 30 MAY 2021 9:30AM by PIB Guwahati

দিনটোত নতুনকৈ আক্ৰান্তৰ সংখ্যা আৰু কমি হ’লগৈ ১.৬৫লাখ, নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ অৱনমনৰ ধৰা অব্যাহত।

দিনটোত আক্ৰান্তৰ সংখ্যা ৪৬দিনৰ ভিতৰতে সৰ্বনিম্ন।

সক্ৰিয় ৰোগীৰ সংখ্যা ২১,১৪,৫০৮গৰাকীলৈ নামিল।

যোৱা ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ১,১৪,২১৬গৰাকী।

এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হ’ল ২,৫৪,৫৪,৩২০গৰাকী।

যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ২,৭৬,৩০৯গৰাকীয়ে।

একেৰাহে ১৭দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক।

সামগ্ৰিক ভাবে দেশৰ আৰোগ্যৰ হাৰ ৯১.২৫%।

আক্ৰান্তৰ সাপ্তাহিক গড় হাৰ ৯.৩৬%।

আক্ৰান্তৰ দৈনিক হাৰ ৮.০২%, একেৰাহে ৬দিন ধৰি ১০%ৰ তলত।

দেশ জুৰি চলা টীকাকৰণ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২১.২কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে-এই পৰ্যন্ত দেশত সম্পন্ন কৰা হয় ৩৪.৩কোটি নমুনাৰ পৰীক্ষণ।

যোৱা ২৪ঘণ্টাত ৩০.৩৫লাখৰো অধিকক প্ৰতিষেধক প্ৰদান।

 

***

MV/KB



(Release ID: 1723015) Visitor Counter : 144