প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে যশ ঘূৰ্ণীবতাহৰ ক্ষতিসমূহৰ খতিয়ান লয়

প্ৰধানমন্ত্ৰীয়ে ওড়িশা আৰু পশ্চিমবংগৰ ঘূৰ্ণীবতাহ আক্ৰান্ত এলেকাৰ এৰিয়েল সৰ্বেক্ষণ কৰে

যশ ঘূৰ্ণীবতাহৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

তৎকালীন সাহায্য হিচাপে প্ৰধানমন্ত্ৰীয়ে ১০০০ কোটি টকাৰ বিত্তীয় সাহায্য ঘোষণা কৰে

ৰাজ্যসমূহৰ ক্ষতিৰ হিচাপ ল’বলৈ কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰীয় এটা দল প্ৰেৰণ কৰিব

আক্ৰান্ত এলেকাসমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সৰ্বতোপ্ৰকাৰে সহায় কৰিব

মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্তসকললৈ ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ’ব

Posted On: 28 MAY 2021 3:53PM by PIB Guwahati

২৮ মে’ ২০২১ তাৰিখে শুকুৰবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰি যশ ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ খতিয়ান লয়৷ ভ্ৰমণৰ সময়ত তেওঁ ওড়িশাৰ ভদ্ৰক আৰু বালেশ্বৰ আৰু পশ্চিমবংগৰ পূৰ্ব মেদিনিপুৰ জিলাৰ এৰিয়েল সৰ্বেক্ষণ কৰে৷

ভূবনেশ্বৰত প্ৰধানমন্ত্ৰীয়ে এক বৈঠকত সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ খতিয়ান লয়৷ সেই বৈঠকত প্ৰধানমন্ত্ৰীক ওড়িশা আৰু পশ্চিমবংগ তথা ঝাৰখণ্ডৰ বিভিন্ন স্থানত ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ বিষয়ে অৱগত কৰোৱা হয়৷

শ্ৰী মোদীয়ে তৎকালীন সাহায্য হিচাপে ১০০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ বিষয়ে ঘোষণা কৰে৷ ইয়াৰে ওড়িশাত ৫০০ কোটি আৰু পশ্চিমবংগ তথা ঝাৰখণ্ডলৈ ৫০০ কোটি ভগাই দিয়া হ’ব৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যকেইখনৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ এক আন্তঃমন্ত্ৰীয় দল প্ৰেৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ওড়িশা, পশ্চিমবংগ তথা ঝাৰখণ্ডৰ জনসাধাৰণক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্ত ব্যক্তিসকললৈ ৫০,০০০ টকা সাহায্যৰ বিষয়ে ঘোষণা কৰে৷

***

DS/SH/MANN



(Release ID: 1722614) Visitor Counter : 189