স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

অৱনমনৰ দিশত, ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা আৰু অৱনমিত হৈ হৈছেগৈ ২৩,৪৩,১৫২, ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ৭৬,৭৫৫গৰাকী

দৈনিক নতুনকৈ আক্ৰান্ত ১.৮৬লাখ, শেহতীয়া ৪৪দিনত সৰ্ব নিম্ন

একেৰাহে ১২দিন ধৰি ৩লাখৰ তলত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা

একেৰাহে ১৫দিন ধৰি আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে আক্ৰান্তৰ সংখ্যাক

আৰোগ্যৰ হাৰ উঠিছে ৯০.৩৪%লৈ

দৈনিক আক্ৰান্তৰ হাৰ ৯.০০%, একেৰাহে ৪দিন ধৰি ১০%ৰ তলত

Posted On: 28 MAY 2021 10:43AM by PIB Guwahati

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা আৰু অৱনমিত হৈ হৈছেগৈ ২৩,৪৩,১৫২গৰাকী। যোৱা ১০মে’, ২০২১ত সৰ্বাধিক হোৱাৰ পিচৰে পৰা অৱনমনৰ ধাৰা আৰম্ভ হয়।

ইফালে, ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ৭৬,৭৫৫গৰাকী। এই মুহূৰ্তত দেশৰ মুঠ আক্ৰান্তৰ মাত্ৰ ৮.৫০%কহে সক্ৰিয় ৰোগী হিচাপে চিনাক্ত কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001DTEV.jpg

নতুনকৈ আক্ৰান্তৰ সংখ্যা অৱনমিত হোৱাৰ ধাৰা অব্যাহত ৰাখি একেৰাহে ১২দিন ধৰি ৩লাখৰ তলতে আছে দৈনিক নতুন আক্ৰান্তৰ সংখ্যা

যোৱা ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১,৮৬,৩৬৪গৰাকী লোক।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002OUZG.jpg

শেহতীয়া ১৫টা দিনে ভাৰতত দিনৌ আৰোগ্য হোৱা লোকৰ সংখ্যাই নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাক চেৰ পেলাইছে। ইফালে, যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ২,৫৯,৪৫৯গৰাকী। 

উল্লেখ্য যে, এইখিনি সময়ত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যাতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৩,০৯৫ৰে অধিক।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003B4PH.jpg

যোৱা ২৪ঘণ্টাত ২,৫৯,৪৫৯গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পিচত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হয়গৈ ২,৪৮,৯৩,৪১০গৰাকী। আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় গড় হাৰ হৈছেগৈ ৯০.৩৪%।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004ZN2Q.jpg

আনহাতে, এদিনত সৰ্বাধিক নমুনা পৰীক্ষণৰ অভিলেখ ৰচনা কৰি যোৱা ২৪ঘণ্টাত দেশ ২০,৭০,৫০৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াকে ধৰি এই পৰ্যন্ত দেশত সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যা হৈছেগৈ ৩৩,৯০কোটি।

দেশত বৰ্তমানে সংক্ৰমণৰ সাপ্তাহিক হাৰ ১০.৪২% বুলি তথ্য দাঙি ধৰা হৈছে। আনহাতে, আজি দৈনিক সংক্ৰমণৰ হাৰ হৈছে ৯.০০%। এই হাৰ একেৰাহে ৪দিন ধৰি ১০%ৰ তলত আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005654I.jpg

টীকাকৰণ অভিযানত ভাৰতে আজি আন এক বিৰল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। অভিযানৰ তৃতীয়টো পৰ্যায়ত আজি দেশত সামগ্ৰিক ভাবে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ২০.৫৭কোটি ঘৰ অতিক্ৰম কৰে। ইয়াৰ লগে লগে টীকাকৰণৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পিচত ভাৰত ২০কোটিৰ ঘৰ অতিক্ৰম কৰা দ্বিতীয়খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হল।

আজি পুৱা ৭বজা পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি দেশত অনুষ্ঠিত ২৯,৩৮,৩৬৭টা টীকাকৰণ শিবিৰৰ জৰিয়তে মুঠ ২০,৫৭,২০.৬৬০পালি প্ৰতিষেধক প্ৰদান কৰা হয়।

 

ইয়াৰ ভিতৰত  :

 

স্বাস্থ্যসেৱা কৰ্মী

প্ৰথম পালি

98,28,401

দ্বিতীয় পালি

67,48,360

আগশাৰীৰ কৰ্মী

প্ৰথম পালি

1,53,49,658

দ্বিতীয় পালি

84,25,730

১৮-৪৪বয়স সীমাৰ

প্ৰথম পালি

1,52,65,022

৪৫-৬০বয়স সীমাৰ

প্ৰথম পালি

6,36,22,329

দ্বিতীয় পালি

1,02,22,521

৬০বছৰৰ উৰ্ধ্বৰ

প্ৰথম পালি

5,77,84,682

দ্বিতীয় পালি

1,84,73,957

মুঠ

20,57,20,660

 

 

****

MV/KB



(Release ID: 1722421) Visitor Counter : 195