স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমিত হ’ল ২৪,৯৫,৫৯১ পৰ্যন্ত

আক্ৰান্ত ২.০৮লাখ, নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ অৱনমনৰ ধাৰা অব্যাহত

শেহতীয়া ২৪ঘণ্টাত সক্ৰিয় ৰোগী কমিল ৯১,১৯১গৰাকী

এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰিলে সৰ্বমুঠ ২,৪৩,৫০,৮১৬গৰাকী লোকে, যোৱা ২৪ ঘণ্টাত প্ৰায় ৩লাখ লোকে লাভ কৰিলে আৰোগ্য

একেৰাহে ১৩দিনৰ বাবে দিনটোৰ আৰোগ্যৰ সংখ্যাই চেৰ পেলালে নতুন আক্ৰান্তৰ সংখ্যাক

আৰোগ্যৰ শতকৰা হাৰ ৮৯.৬৬শতাংশলৈ উৰ্ধ্বগামী হ’ল

এদিনত সৰ্বাধিক ২২.১৭লাখ নমুনাৰ পৰীক্ষণ সম্পন্ন

সপ্তাহত আক্ৰান্তৰ হাৰ বৰ্তমানে ১১.৪৫%

দৈনিক আক্ৰান্তৰ হাৰ সম্প্ৰতি ৯.৪২%, দুদিনে একেৰাহে ১০%ৰ তলত

টীকাকৰণ অভিযানে অভিলেখ সৃষ্টি কৰি দেশত সামগ্ৰিক ভাবে সামৰিছে ২০কোটি লোকক

Posted On: 26 MAY 2021 11:05AM by PIB Guwahati

একেৰাহে দহোটা দিনৰ বাবে দেশত দৈনিক আক্ৰান্তৰ সংখ্যা ৩লাখৰ তলত থকা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২,০৮,৯২১গৰাকী।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001I39U.jpg

সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া অৱনমিত হৈছে ২৪,৯৫,৫৯১গৰাকীলৈ। যোৱা ১০মে’, ২০২১ৰ দিনা সৰ্বাধিক হোৱাৰে পৰা অৱনমনৰ ধাৰা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0025KZW.jpg

শেহতীয়া ১৩টা দিনে ভাৰতত দিনৌ আৰোগ্য হোৱা লোকৰ সংখ্যাই নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাক চেৰ পেলাইছে। শেহতীয়া ২৪ঘণ্টাত আৰোগ্যা লাভ কৰা লোকৰ সংখ্যা হৈছে ২,৯৫,৯৫৫গৰাকী। উল্লেখ্য যে, এইখিনি সময়ত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যাতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৮৭,০৩৪ৰে অধিক।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003VY1W.png

যোৱা ২৪ঘণ্টাত ২,৯৫,৯৫৫গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পিচত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হয়গৈ ২,৪৩,৫০,৮১৬গৰাকী। আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় গড় হাৰ হৈছেগৈ ৮৯.৬৬%।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004J7WH.jpg

আনহাতে, এদিনত সৰ্বাধিক নমুনা পৰীক্ষণৰ অভিলেখ ৰচনা কৰি যোৱা ২৪ঘণ্টাত দেশ ২২,১৭,৩২০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াকে ধৰি এই পৰ্যন্ত দেশত সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যা হৈছেগৈ ৩৩,৪৮,১১,৪৯৬টা।

দেশত বৰ্তমানে সংক্ৰমণৰ সাপ্তাহিক হাৰ ১১.৪৫% বুলি তথ্য দাঙি ধৰা হৈছে। আনহাতে, আজি দৈনিক সংক্ৰমণৰ হাৰ হৈছে ৯.৪২%। এই হাৰ একেৰাহে দুদিন ধৰি ১০ৰ তলত আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005WBPW.jpg

টীকাকৰণ অভিযানত ভাৰতে আজি আন এক বিৰল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। অভিযানৰ তৃতীয়টো পৰ্যায়ত আজি দেশত সামগ্ৰিক ভাবে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ২০কোটি ঘৰ অতিক্ৰম কৰে।

আজি পুৱা ৭বজা পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি দেশত অনুষ্ঠিত ২৮,৭০,৩৭৮টা টীকাকৰণ শিবিৰৰ জৰিয়তে মুঠ ২০,০৬,৬২,৪৫৬পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰে ৯৭,৯৬,০৫৮গৰাকী স্বাস্থ্যসেৱা কৰ্মীয়ে প্ৰথম পালি আৰু ৬৭,২৯,২১৩গৰাকীয়ে দ্বিতীয় পালি আৰু ১,৫১,৭১,৯৫০গৰাকী আগশাৰীৰ সেৱা কৰ্মীয়ে প্ৰথম পালি আৰু ৮৩,৮৪,০০১গৰাকীয়ে দ্বিতীয় পালি আৰু ১,২৯,৫৭,০০৯গৰাকী ১৮-৪৪ বয়সসীমাৰ মাজৰ হিতাধিকাৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰে। ইয়াৰে ৬,২০,৮৮,৭৭২গৰাকীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে। সেইদৰে ৪৫ৰ পৰা ৬০বছৰ বয়সৰ মাজৰ ৫,৭১,৩৫,৮০৪গৰাকীয়ে প্ৰথম পালি আৰু ১,০০,৩০,৭২৯গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। সেইদৰে,৬০বছৰৰ ওপৰৰ ৫,৭১,৩৫,৮০৪গৰাকীয়ে প্ৰথম আৰু ১,৮৩,৬৮,৯২০গৰাকীয়ে দ্বিতীয় পালি টীকা গ্ৰহণ কৰে।

 

স্বাস্থ্যসেৱা কৰ্মী

প্ৰথম পালি

97,96,058

দ্বিতীয় পালি

67,29,213

আগশাৰীৰ কৰ্মী

প্ৰথম পালি

1,51,71,950

দ্বিতীয় পালি

83,84,001

১৮-৪৪বয়স সীমাৰ

প্ৰথম পালি

1,29,57,009

৪৫-৬০বয়স সীমাৰ

প্ৰথম পালি

6,20,88,772

দ্বিতীয় পালি

1,00,30,729

৬০বছৰৰ উৰ্ধ্বৰ

প্ৰথম পালি

5,71,35,804

দ্বিতীয় পালি

1,83,68,920

মুঠ

20,06,62,456

 

 

****

MV



(Release ID: 1722057) Visitor Counter : 216