প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্স প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম এমানুয়েল মাক্রোঁৰ টেলিফোনিক বাৰ্তালাপ

प्रविष्टि तिथि: 26 MAY 2021 8:37PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্স প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম এমানুয়েল মাক্রোঁয়ে টেলিফোনিক বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সে ভাৰতৰ ক’ভিড সঁহাৰিলৈ আগবঢ়োৱা সাহাৰ্য্যৰ অৰ্থে ৰাষ্ট্ৰপতি মাক্ৰোঁক ধন্যবাদ জ্ঞাপন কৰে। নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থ সম্পৰ্কীয় দ্বিপাক্ষিক, আঞ্চলিক আৰু বৈশ্বিক প্ৰসংগসমূহত আলোচনা আৰু সদ্যসমাপ্ত ভাৰত-ইউৰোপিয়ান ইউনিয়ন নেতৃত্বৰ বৈঠকৰ আশাব্যঞ্জক ফলাফলক লৈ সন্তুষ্টি ব্যক্ত কৰে। উভয় নেতাই সন্তুলিত আৰু সৰ্বাংগীন মুক্ত বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ অৰ্থে আলোচনা পুনৰ আৰম্ভ কৰা সম্পৰ্কীয় ঘোষণাত সন্মতি জনায় তথা ভাৰত-ইউৰোপিয়ান ইউনিয়ন যোগাযোগ অংশীদাৰিত্বত সহমত পোষণ কৰে।

দুয়োজন নেতাই বিগত বছৰসমূহত ভাৰত-ফ্ৰান্সৰ কৌশলী অংশীদাৰিত্বৰ গভীৰতা আৰু বৰ্ধিত শক্তিত সন্তোষ ব্যক্ত কৰে আৰু ক’ভিড-পৰৱৰ্তী সময়ছোৱাতো নিকট সম্পৰ্ক বৰ্তাই ৰাখি কাম কৰি যাবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি পৰিস্থিতি উন্নত হোৱাৰ লগে-লগে ভাৰত ভ্ৰমণলৈ ৰাষ্ট্ৰপতি মাক্ৰোঁক পুনৰ এবাৰ নিমন্ত্ৰণ জনায়।

***

DS /AKJ/SB


(रिलीज़ आईडी: 1722056) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam