বিত্ত মন্ত্ৰালয়

মহামাৰীয়ে সৃষ্টি কৰা গুৰুতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেতবোৰ সময়সীমা সম্প্ৰসাৰিত কৰিছে চৰকাৰে

Posted On: 20 MAY 2021 6:22PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ পৰা দেশৰ জনসাধাৰণক সকাহ দানৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ দায়বদ্ধতা দোহাৰি, আৰু বিগত সময়ছোৱাত সমাজৰ বিভিন্ন পক্ষসমূহৰ পৰা লাভ কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই আয়কৰ আইন, ১৯৬১(এতিয়াৰে পৰা আইন বুলি উল্লেখ কৰা হ’ব)ৰ বিধি অনুসৰি নিম্নোল্লিখিত প্ৰসংগসমূহৰ ক্ষেত্ৰত থকা সময়সীমা সম্প্ৰসাৰণৰ কথা বিবেচনা কৰিছে। সেয়া হৈছে-

  1. ১৯৬২চনৰ আয়কৰ বিধি(এতিয়াৰে পৰা বিধি বুলি উল্লেখ কৰা হ’ব)১১৪-ই অনুচ্ছেদৰ অধীনত ৩১মে’, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০- ২০২১বিত্তীয় বৰ্ষৰ বিত্তীয় লেন-দেনৰ প্ৰতিবেদন(এছএফটি) আৰু বিভিন্ন অধিসূচনাসমূহৰ বিপৰীতে দাখিল কৰিলগীয়া প্ৰতিবেদনৰ সমুদায় প্ৰক্ৰিয়া এতিয়া ৩০জুন,২০২১ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব;

 

  1. বিধিৰ ১১৪জি অনুচ্ছেদৰ অধীনত ৩১ মে’, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০কেলেণ্ডাৰ বৰ্ষৰ ৰিপৰ্টেবল একাউণ্টৰ প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া এতিয়া ৩০জুন, ২০২১ৰ আগতে সম্পূৰ্ণ কৰিব লাগিব;

 

  1. বিধিৰ ৩১-এ নং অনুচ্ছেদৰ অধীনত ৩১মে’, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০-২০২১বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকৰ কৰ হ্ৰাসকৰণ সম্পৰ্কীয় প্ৰতিবেদন প্ৰতিবেদন দাখিলৰ প্ৰ্ৰক্ৰিয়া এতিয়া ৩০ জুন, ২০২১ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব;

 

  1. বিধিৰ ৩১নং অনুচ্ছেদৰ অধীনত ১৫জুন, ২০২১ৰ ভিতৰত কৰ্মচাৰীসকলে ১৬নং প্ৰ-পত্ৰৰ জৰিয়তে দাখিল কৰিবলগীয়া উত্সতে কৰ হ্ৰাসকৰণ সম্পৰ্কীয় প্ৰমাণ পত্ৰ দাখিলৰ প্ৰ্ৰক্ৰিয়া এতিয়া ১৫জুলাই, ২০২১ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব;

 

  1. বিধিৰ ৩০ আৰু ৩৭-চিএ অনুচ্ছেদৰ অধীনত ১৫জুন, ২০২১ৰ ভিতৰত ২৪-জি প্ৰ-পত্ৰযোগে দাখিল কৰিবলগীয়া মে’,২০২১ৰ টিডিএছ/টিচিএছ বুক এডজাষ্টমেণ্ট প্ৰতিবেদন  দাখিলৰ প্ৰক্ৰিয়া এতিয়া ৩০জুন, ২০২১ৰ আগতে সম্পূৰ্ণ কৰিব লাগিব;

 

  1. বিধিৰ ৩৩নং অনুচ্ছেদৰ অধীনত অনুমোদিত সেৱা নিবৃ্ত্তি নিধিলৈ ন্যাসৰক্ষীসকলে আগবঢ়োৱা পুঁজিৰ বাবদ ৩১ মে’, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০-২১বিত্তীয় বৰ্ষৰ কৰ হ্ৰাসকৰণ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া এতিয়া ৩০জুন, ২০২১ৰ আগতে সম্পূৰ্ণ কৰিব লাগিব;

 

  • vii. বিধিৰ ১২-চিবি অনুচ্ছেদৰ অধীনত ১৫জুন, ২০২১ৰ ভিতৰত ৬৪-ডি প্ৰ-পত্ৰযোগে দাখিল কৰিবলগীয়া আগৰ বৰ্ষ ২০২০-২০২১ৰ বিনিয়োগ পুঁজিৰ গোটৰ সদস্যসকললৈ আদায় দিয়া বা আহৰণ কৰা আয় সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া এতিয়া ৩০জুন, ২০২১ৰ আগতে সম্পূৰ্ণ কৰিব লাগিব;

 

  1. বিধিৰ ১২-চিবি অনুচ্ছেদৰ অধীনত ৩০জুন, ২০২১ৰ ভিতৰত ৬৪-চি প্ৰ-পত্ৰযোগে দাখিল কৰিবলগীয়া আগৰ বৰ্ষ  ২০২০-২০২১ৰ বিনিয়োগ পুজিৰ গোটৰ সদস্যসকললৈ আদায় দিয়া বা আহৰণ কৰা আয় সম্পৰ্কীয়   প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া এতিয়া ১৫জুলাই, ২০২১ৰ আগতে সম্পূৰ্ণ কৰিব লাগিব;

 

  1. আইনৰ ১৩৯নং অনুচ্ছেদৰ উপ ধাৰা (১)ৰ অধীনত ৩১জুলাই, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০-২০২১ বিত্তীয় বৰ্ষৰ আয় কৰ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ সময়সীমা এতিয়া ৩০ছেপ্টেম্বৰ, ২০২১ৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে;

 

  1. ২০২০-২০২১ বিত্তীয় বৰ্ষৰ অডিট সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ সময়সীমা এতিয়া ৩১অক্টোবৰ, ২০২১ৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে;

 

  1. আইনৰ ৯২-ই নং অনুচ্ছেদৰ অধীনত ৩১অক্টোবৰ, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০-২০২১ বিত্তীয় বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় লেন-দেন সন্দৰ্ভত এগৰাকী একাউণ্টেণ্টৰ পৰা সংগৃহিত প্ৰতিবেদন দাখিলৰ সময়সীমা এতিয়া ৩০নৱেম্বৰ, ২০২১ৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে;

 

  • xii. আইনৰ ১৩৯নং অনুচ্ছেদৰ উপ ধাৰা (১)ৰ অধীনত ৩১অক্টোবৰ, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২০-২০২১ বিত্তীয় বৰ্ষৰ আয় কৰ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ সময়সীমা এতিয়া ৩০নৱেম্বৰ, ২০২১ৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে;

 

  1. আইনৰ ১৩৯নং অনুচ্ছেদৰ উপ ধাৰা (১)ৰ অধীনত ৩০নৱেম্বৰ, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২১-২০২২ বিত্তীয় বৰ্ষৰ আয় কৰ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ সময়সীমা এতিয়া ৩১ডিচেম্বৰ, ২০২১ৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে;

 

  1. আইনৰ ১৩৯নং অনুচ্ছেদৰ উপ ধাৰা ৪ আৰু ৫ৰ অধীনত ৩১ডিচেম্বৰ, ২০২১ৰ ভিতৰত দাখিল কৰিবলগীয়া ২০২১-২০২২ বিত্তীয় বৰ্ষৰ আয় কৰ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ সময়সীমা এতিয়া ৩১জানুৱাৰী, ২০২২ৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে;

এই সন্দৰ্ভত চিডিবিটি চাৰ্কুলাৰ No.9/2021 in F.No.225/49/2021/ITA-II তাৰিখ 20.05.2021 জাৰি কৰা হৈছে। এই সম্পৰ্কীয় ছাৰ্কুলাৰখন  www.incometaxindia.gov.in. ত উপলব্ধ হ’ব।

 

********

RM/MV/KMN/KB



(Release ID: 1720505) Visitor Counter : 201