স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত ক'ভিড টীকাকৰণৰ পিছত ৰক্তস্ৰাৱ আৰু চেকুৰা বন্ধাৰ ঘটনা যথেষ্ট কম

ৰাষ্ট্ৰীয় এইএফআই (টীকাকৰণৰ পিছত প্ৰতিকূল ঘটনা) সমিতিয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ক ৰিপ'ৰ্ট দাখিল কৰে

Posted On: 17 MAY 2021 2:32PM by PIB Guwahati

ৰাষ্ট্ৰীয় এইএফআই (টীকাকৰণৰ পিছত প্ৰতিকূল ঘটনা) সমিতিৰ ফালৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক দাখিল কৰা ৰিপ'ৰ্টত কোৱা হৈছে যে ভাৰতত ক'ভিড টীকাকৰণৰ পিছত ৰক্তস্ৰাৱ আৰু চেকুৰা বন্ধাৰ ঘটনা যথেষ্ট কম আৰু ই দেশত এনেকুৱা স্থিতিত হ'বলগীয়া আকাংক্ষিত সংখ্যাৰ অনুৰূপ।

কিছুমান দেশত ১১ মাৰ্চ, ২০২১ত বিশেষকৈ এষ্ট্ৰা জেনেকা-অক্সফ'ৰ্ড ভেকচিন (ভাৰতত কোভিশ্বিল্ড)ৰ সৈতে, টীকাকৰণৰ পিছত "ৰক্তস্ৰাৱ আৰু চেকুৰা বন্ধাৰ ঘটনা"ক লৈ এলাৰ্ট জাৰি কৰা হৈছে। বৈশ্বিক উদ্বিগ্নতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত প্ৰতিকূল ঘটনাৱলী (এই)ৰ তাৎক্ষণিক গম্ভীৰ বিশ্লেষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ৰাষ্ট্ৰীয় এইএফআই সমিতিয়ে উল্লেখ কৰিছে যে ৩ এপ্ৰিল, ২০২১ পৰ্যন্ত, টীকাৰ ৭,৫৪,৩৫,৩৮১ পালি (কোভিশ্বিল্ড- ৬,৮৬,৫০,৮১৯; কোভাক্সিন- ৬৭,৮৪,৫৬২) প্ৰদান কৰা হৈছে। ইয়াত ৬,৫৯,৪৪,১০৬ প্ৰথম পালি আৰু ৯৪,৯১,২৭৫ দ্বিতীয় পালি অন্তৰ্ভুক্ত আছিল। ক'ভিড-১৯ টীকাকৰণ অভিযান আৰম্ভ হোৱাৰ পিছৰ পৰা দেশৰ ৭৫৩খন জিলাৰ ৬৮৪খন জিলাত কো-উইন প্লেটফৰ্মৰ জৰিয়তে ২৩,০০০তকৈ অধিক প্ৰতিকূল ঘটনা (এই) নথিভুক্ত কৰা হৈছিল। ইয়াৰ মাত্ৰ ৭০০টা ঘটনা (@৯.৩টা ঘটনা/১০ লাখ টীকা প্ৰদানৰ পালি) হে গম্ভীৰ আৰু জটিল প্ৰকৃতিৰ ৰূপত নথিভুক্ত কৰা হৈছিল।

এইএফআই সমিতিয়ে গম্ভীৰ আৰু জটিল ঘটনাযুক্ত ৪৯৮টা ঘটনাৰ গম্ভীৰ সমীক্ষা সম্পূৰ্ণ কৰিছে, য'ৰ পৰা কোভিশ্বিল্ড টীকা প্ৰদানৰ পিছত ০.৬১টা ঘটনা/১০ লাখ পালিৰ ৰিপ'ৰ্টিং ৰেটৰ সৈতে ২৬টা ঘটনাক সম্ভাব্য থ্ৰম্ব'ৱেম্বলিক ঘটনা (ৰক্ত বাহিকাত চেকুৰা বন্ধা, যি শিথিল হ'ব পাৰে, ৰক্ত প্ৰবাহৰ মাধ্যমত দীৰ্ঘ ৰক্ত বাহিকালৈকে যাব পাৰে)ৰ ৰূপত নথিভুক্ত কৰা হৈছে।

কোভাক্সিন টীকা লগোৱাৰ পিছত সম্ভাব্য থ্ৰম্ব'ৱেম্বলিকৰ এটাও ঘটনা নথিভুক্ত কৰা হোৱা নাই। ভাৰতত এইএফআইৰ পৰিসংখ্যাই দেখুৱাইছে যে ইয়াত যথেষ্ট কম, কিন্তু নিশ্চিতভাৱে থ্ৰম্ব'ৱেম্বলিক ঘটনাৰ আশংকা আছে। ভাৰতত এনেকুৱা অভিযোগ নথিভুক্ত কৰাৰ হাৰ (ৰিপ'ৰ্টিং ৰেট) প্ৰায় ০.৬১/১০ লাখ পালি, যি ব্ৰিটেইনৰ চিকিৎসা আৰু স্বাস্থ্য নিয়ামক প্ৰাধিকৰণ (এমএইচআৰএ)ৰ তৰফৰ পৰা নথিভুক্ত কৰা ৪টা ঘটনা/১০ লাখ পালিতকৈ যথেষ্ট কম। জাৰ্মানীয়ে প্ৰতি ১০ লাখ পালিত এনেকুৱা ১০টা ঘটনা নথিভুক্ত কৰিছে।

এই কথা জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ যে থ্ৰম্ব'ৱেম্বলিকৰ ঘটনা সামান্য জনসংখ্যাৰ মাজতো হৈ থাকে, যেনে পৰিস্থিতি আৰু বৈজ্ঞানিক অধ্যয়নে কয় যে এই আশংকা ইউৰোপীয় মূলৰ ব্যক্তিৰ তুলনাত দক্ষিণ আৰু দক্ষিণ-পূব এছীয় মূলৰ ব্যক্তিৰ মাজত প্ৰায় ৭০% কম হয়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চিকিৎসা কৰ্মচাৰী আৰু টীকা গ্ৰহণ কৰা লাভাৰ্থীক পৃথকে পৰামৰ্শ দি থকা হৈছে, যাতে মানুহৰ মাজত কোনোধৰণৰ ক'ভিড-১৯ ভেকচিন (বিশেষকৈ কোভিশ্বিল্ড) লগোৱাৰ পিছত ২০ দিনৰ ভিতৰত হোৱা সন্দেহজনক থ্ৰম্ব'ৱেম্বলিক লক্ষণসমূহৰ বিষয়ে সজাগ হোৱা আৰু যি স্বাস্থ্য সেৱা কেন্দ্ৰত টীকা লগাইছিল তেওঁলোকক এনেধৰণৰ যিকোনো ঘটনাৰ বিষয়ে অৱগত কৰিবলৈ উৎসাহিত কৰিব পৰা যায়ঃ

  • উশাহত কষ্ট;
  • বুকুৰ বিষ;
  • অংগত বিষ/অংগত হেঁচা দিলে বিষ বা অংগ (বাহু অথবা কলাফুল)ত ওখহা;
  • বেজী দিয়া ঠাইৰ বাহিৰত কেইবাটাও বেজীৰ খোঁচৰ আকাৰৰ ৰঙা দাগ অথবা ছালত নীলা-ক'লা দাগ হোৱা;
  • বমিসহ বা বমি নোহোৱাকৈ একেৰাহে পেটৰ বিষ;
  • পূৰ্বৰ ইতিহাস নাথাকিলেও বমিসহ বা বমি নোহোৱাকৈ অৱশ হোৱা;
  • বমিসহ বা বমি নোহোৱাকৈ তীব্ৰ আৰু নেৰানেপেৰা মূৰৰ বিষ (আগৰ মাইগ্ৰেন বা পুৰণি মূৰৰ বিষৰ সমস্যা নথকা সত্ত্বেও);
  • অংগ বা শৰীৰৰ কোনো বিশেষ অংশ বা (চেহেৰাসহিতে) শৰীৰৰ কোনো অংগত দুৰ্বলতা/জড়তা;
  • কোনো স্পষ্ট কাৰণ নোহোৱাকৈ একেৰাহে বমি হোৱা;
  • ধুঁৱলীকুঁৱলী দেখা বা চকুত বিষ বা দুটা-দুটা ছবি দেখা;
  • মানসিক স্থিতিৰ পৰিৱৰ্তন বা ভ্ৰম বা চেতনাৰ অবসাদৰ স্তৰত হোৱা
  • কোনো অন্য লক্ষণ বা স্বাস্থ্যৰ স্থিতি যি টীকা লগোৱা ব্যক্তি বা পৰিয়ালৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে

কোভিশ্বিল্ড, ক'ভিড-১৯ টীকাই নিৰন্তৰ সমগ্ৰ বিশ্ব আৰু ভাৰতত সংক্ৰমণক বাধা দিয়া আৰু ক'ভিড-১৯ৰ কাৰণে হোৱা মৃত্যু কম কৰাৰ শক্তিশালী ক্ষমতাৰে নিশ্চিতভাৱে ইতিবাচক মুনাফা প্ৰদান কৰি আছে। ভাৰতত ২৭ এপ্ৰিল, ২০২১লৈকে কোভিশ্বিল্ড ভেকচিনৰ ১৩.৪ কোটিতকৈ অধিক পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সকলো ক'ভিড-১৯ টীকাৰ সুৰক্ষাৰ নিৰন্তৰ তত্বাৱধান কৰি আছে আৰু সন্দেহজনক প্ৰতিকূল ঘটনাৱলীৰ তথ্য প্ৰদানকো উৎসাহ দি আছে।

******

 

MV



(Release ID: 1719461) Visitor Counter : 284